স্কটলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰি নকআউটত প্ৰৱেশ ব্রাজিলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ফিফা বিশ্বকাপ ২০২৬ৰ এখন গুৰুত্বপূৰ্ণ মেচত স্কটলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰে ব্রাজিলে। এই জয়ৰ লগে লগে ব্রাজিলে ফিফা বিশ্বকাপৰ ৰাউণ্ড অৱ ৩২-ত নিজৰ স্থান নিশ্চিত কৰিছে। মিয়ামিত অনুষ্ঠিত এই মেচত ব্রাজিলৰ হৈ তাৰকা ফুটবলাৰ ভিনিচিয়াছ জুনিয়ৰে দুটা গ’ল কৰাৰ লগতে মেথিউছ কুনিয়াই এটা গ’ল যোগ দিয়ে। মেচৰ আৰম্ভণিৰে পৰা ব্রাজিলে আক্রমণাত্মক খেল প্ৰদৰ্শন কৰে। মেচখনৰ সপ্তম মিনিটতে ভিনিচিয়াছ জুনিয়ৰে প্ৰথম গ’লটো দিয়ে। প্রথমাৰ্ধৰ অন্তিম মুহূৰ্তত ভিনিচিয়াছ জুনিয়ৰে পুনৰ গ’ল কৰি নিজৰ ব্যক্তিগত দ্বিতীয় গ’ল সম্পূর্ণ কৰে। দ্বিতীয়ার্ধত মেথিউছ কুনিয়াই আন এটা গ’ল কৰি ব্রাজিলৰ জয় নিশ্চিত কৰে। ইয়াৰ লগে লগে দলটোৱে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। আনহাতে, স্কটলেণ্ডৰ বাবে এই পৰাজয় এক ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে। ষ্টিভ ক্লাৰ্কৰ নেতৃত্বাধীন দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰাৰ আশা লৈ মেচখনত অৱতীৰ্ণ হৈছিল যদিও ব্রাজিলৰ আগ্রাসী খেলৰ সন্মুখত সম্পূৰ্ণৰূপে ব্যর্থ হয়। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ব্রাজিলে হাইটিক ৩-০ গ’লত পৰাস্ত কৰিছিল। সেই মেচতো মেথিউছ কুনিয়াই দুটা আৰু ভিনিচিয়াছ জুনিয়ৰে এটা গ’ল কৰিছিল।
