হে কবি তুমি শুই থকা – বাহাৰুল ইছলাম 

Pc StockCake

হে কবি তুমি শুই থকা

বাহাৰুল ইছলাম 

তুমি জাগিলেই বৰ দিগদাৰ
অনেকেই বাধাগ্ৰস্ত হয়
অসন্তুষ্টি বোধ কৰে
কাৰোবাৰ নাক কটা যায়
কাৰোবাৰ কটা যায় মুখ
হৃদযন্ত্ৰ বন্ধ হৈ মৰে কোনোবাই।
হে কবি তুমি শুই থকা
তোমাৰ কণ্ঠই ভুঁইকপ কঢ়িয়াই
কঁপাই তোলে জগত
বান্ধি ৰাখে অসুৰক
উদযাপন কৰে দুখৰ দিন
ঠিক সুখৰ দৰেই।
হে কবি তুমি শুই থকা
তোমাৰ অস্তিত্বই জ্যোতি সিঁচে
অমাৱস্যাক বেত্ৰাঘাত কৰে
প্ৰাচীৰ তৈয়াৰ কৰে হিংসাৰ পথত
নিষ্ঠুৰতাৰ কঠিন হৃদয়ত ঢালি দিয়ে
একাঁজলি নিভাঁজ মৰম
যিয়ে কঢ়িয়াই জীয়াই থকাৰ আনন্দ
জীৱনৰ প্ৰাচুৰ্য।
চূৰ্ণ-বিচূৰ্ণ হয় সমাজ প্ৰতিনিতে
সম্পৰ্কবোৰ ফাট মেলে
মানুহে মানুহক গিলি খায়
হৃদয়ে হৃদয়ক ডুবাই মাৰে
বাৰে বৰণীয়া খেল হয়
ছলনাৰ সেই খেলপথাৰ খনত
তথাপি হে কবি তুমি শুই থকা।