শিশুৰ চৰিত্ৰ গঠনত নৈতিক শিক্ষা আৰু দেশপ্ৰেমৰ ভূমিকা – প্ৰেম বৈষ্ণৱ

Pc StockCake

শিশুৰ চৰিত্ৰ গঠনত নৈতিক শিক্ষা আৰু দেশপ্ৰেমৰ ভূমিকা

 প্ৰেম বৈষ্ণৱ ,বিহালী, বিশ্বনাথ

মানৱ জীৱনৰ নৈতিকতাৰ প্ৰথম পাঠ ঘৰৰ চোতালতে অংকুৰিত হয়, যাৰ পৰিপক্কতাৰ যাত্ৰা আৰম্ভ হয় বিদ্যালয়ৰ চৌহদত।

এজন শিশুৰ মন এখন স্বচ্ছ দাপোণৰ দৰে। আমি যি প্ৰতিফলিত কৰিম, সেই শিশুটিৰ মাজত তেনে প্ৰতিচ্ছবিয়েই গঢ় লৈ উঠিব। বৰ্তমান সমাজত নৈতিক অৱক্ষয়ৰ যি নগ্ন ছবি ফুটি উঠিছে, সেয়া আমাৰ বাবে এক গভীৰ চিন্তনীয় বিষয়। শিশুসকলৰ মাজত নৈতিকতা জগাই তোলাৰ প্ৰাথমিক পদক্ষেপ স্বৰূপে তেওঁলোকক সত্যৰ পথত চলাবলৈ শিকোৱা অতি প্ৰয়োজনীয়। সত্য কেৱল এটা শব্দ নহয়, সত্য এক সুকীয়া জীৱন দৰ্শন। শিশুৱে যেনেকৈ জ্যেষ্ঠসকলৰ পৰা শুনিব, ঠিক তেনেকৈ তেওঁলোকৰ আচৰণত সেই কথা ফুটি উঠিব। আমি যদি তেওঁলোকক সৎ হ’বলৈ উপদেশ দিওঁ, তেন্তে নিজে প্ৰথমে সেই আদৰ্শৰ প্ৰতিচ্ছবি হৈ পৰিব লাগিব। নৈতিকতা কেৱল পুথিগত বিদ্যাত আৱদ্ধ নৰাখিব, ইয়াক প্ৰতিদিনৰ কাৰ্যত অনুশীলন কৰিব লাগিব। প্ৰতিদিনে শিশুৱে কৰা কামবোৰে তেওঁলোকৰ বিবেকক কিদৰে পৰিষ্কাৰ ৰাখিব পাৰে, সেই শিক্ষা প্ৰদান কৰা শিক্ষক আৰু অভিভাৱকৰ মুখ্য দায়িত্ব।

শিশুৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিবলৈ প্ৰথমে তেওঁলোকক নিজৰ দেশৰ ইতিহাস আৰু সংস্কৃতিৰ সৈতে পৰিচয় কৰি দিয়াটো অপৰিহাৰ্য। দেশপ্ৰেম মানে কেৱল কোনো নিৰ্দিষ্ট দিনত পতাকা উত্তোলনৰ ধৰ্ম পালন কৰাটো নহয়। দেশপ্ৰেম হ’ল নিজৰ দেশৰ মাটি, মানুহ, ভাষা আৰু পৰম্পৰাৰ প্ৰতি থকা অকৃত্রিম মৰম। যেতিয়া এজন শিশুৱে নিজৰ দেশৰ গৌৰৱময় ইতিহাস পঢ়িব, তেতিয়া তেওঁৰ মনত স্বাভাৱিকতেই এক গৌৰৱবোধৰ সৃষ্টি হ’ব। আমাৰ দেশখন কিমান ত্যাগ আৰু সংগ্ৰামৰ বিনিময়ত গঢ়ি উঠিছে, সেয়া শিশুসকলক শিকাব লাগিব। আমাৰ বীৰ শ্বহীদসকলৰ বীৰত্বগাঁথা আৰু সমাজ সংস্কাৰকসকলৰ জীৱন যাত্ৰাই শিশুৰ মনত দেশপ্ৰেমৰ অংকুৰণ ঘটাব পাৰে। কিন্তু এই ক্ষেত্ৰত কেৱল কেতাবী জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিলে সুফল পোৱা নাযাব। তেওঁলোকক ব্যৱহাৰিকভাৱে দেশৰ প্ৰতি থকা দায়িত্বসমূহৰ বিষয়ে অৱগত কৰিব লাগিব। নিজৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰখা, ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা দিয়া আৰু লগৰীয়াৰ সৈতে মিলিজুলি থকা – এই সকলোবোৰ কাৰ্য দেশপ্ৰেমৰ একোটা অংশ।

শিশুৰ নৈতিকতাৰ ভেটি হ’ল সহানুভূতি। অন্যৰ দুখত দুখী হোৱা আৰু প্ৰয়োজনত সহায় কৰাৰ মানসিকতাই শিশুক এগৰাকী সু-মানুহ হিচাপে গঢ়ি তোলে। বৰ্তমান সময়ত শিশুসকলে কেৱল নিজৰ স্বাৰ্থৰ কথা ভাবিছে। তেওঁলোকৰ মাজত গোটেই পৃথিৱীখনৰ প্ৰতি এক উদাসীনতা গঢ় লৈ উঠা যেন লাগে। এই মনোভাৱ সলনি কৰিবলৈ তেওঁলোকক অনাথ আশ্ৰম বা দৰিদ্ৰ পৰিয়ালক সহায় কৰাৰ দৰে কামত উৎসাহিত কৰিব লাগিব। যেতিয়া তেওঁলোকে নিজৰ হাতৰ পৰা উপহাৰ দি আনক আনন্দিত কৰিব, তেতিয়াই তেওঁলোকৰ মনত নৈতিকতাৰ গভীৰ অৰ্থ প্ৰতিষ্ঠিত হ’ব। পঢ়া-শুনাৰ সমান্তৰালকৈ প্ৰত্যেক শিশুৰ মাজত মানৱীয় গুণৰ বিকাশ হোৱাটো খুবেই জৰুৰী। দয়ালুতা, ক্ষমা, ধৈৰ্য, ত্যাগ আৰু সততা যেন তেওঁলোকৰ সহজাত প্ৰবৃত্তি হৈ পৰে, তাৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিব লাগিব।

আজিৰ পৰিৱেশত নৈতিকতা শিক্ষা দিয়াটো এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে, কাৰণ শিশুসকলে ইন্টাৰনেটৰ জৰিয়তে দেখা বহুতো কথাই তেওঁলোকৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰিছে। সেইবাবে তেওঁলোকৰ সৈতে অধিক সময় অতিবাহিত কৰিব লাগিব। তেওঁলোকৰ সৈতে মন খুলি কথা পতা, তেওঁলোকৰ ভয় বা সংশয়বোৰ শুনা আৰু সঠিক পৰামৰ্শ দিয়াটো শিক্ষক বা অভিভাৱকৰ প্ৰধান দায়িত্ব। নৈতিকতা কেৱল ভাল কাম কৰাটোত সীমাবদ্ধ নাৰাখি, ভুল কামৰ পৰা নিজক আঁতৰাই ৰখাটোতো গুৰুত্ব দিব লাগিব। ভুল কৰাটো মানুহৰ স্বভাৱজাত, কিন্তু সেই ভুলটো স্বীকাৰ কৰি পুনৰ নকৰাৰ সাহস সঞ্চয় কৰাটোহে আচল শিক্ষা। সাহস অবিহনে নৈতিকতা অসম্পূৰ্ণ। তেওঁলোকৰ মাজত এনে মানসিক দৃঢ়তা গঢ়ি তুলিব লাগিব যাতে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰে। দেশপ্ৰেম আৰু নৈতিকতা একেটা মুদ্ৰাৰ দুটা পিঠি। যিজন ব্যক্তি নৈতিকভাৱে সবল, তেওঁ কেতিয়াও নিজৰ দেশৰ অনিষ্ট কৰিব নোৱাৰে। এই দুই গুণৰ সমন্বয়তহে এক সুস্থ সমাজৰ পুনৰ নিৰ্মাণ সম্ভৱপৰ হ’ব।

সমাজৰ সুস্থ পৰিৱেশ নিৰ্মাণত সাংস্কৃতিক আৰু বৌদ্ধিক নেতৃত্বৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। কোনো এখন সমাজক যদি এটা জীৱন্ত শৰীৰ বুলি ধৰা হয়, তেন্তে বৌদ্ধিক আৰু সাংস্কৃতিক নেতৃত্ব হ’ল তাৰ মগজু। যি সময়ত সমাজৰ আৰ্হি স্বৰূপ ব্যক্তি তথা নেতৃত্বস্থানীয় লোকসকল নৈতিক আদৰ্শৰ পৰা বিচ্ছুৰিত হয়, তেতিয়া সেই সমাজত এক প্ৰকাৰৰ নৈৰাজ্য বা উশৃংখলতাৰ সূত্ৰপাত ঘটে। শিশুসকলৰ মাজত নৈতিকতা আৰু দেশপ্ৰেমৰ শিক্ষা কেৱল পাঠ্যপুথিত সীমাবদ্ধ ৰাখিলে নহ’ব, তেওঁলোকে নিজৰ চাৰিওফালে দেখা ব্যক্তিবিশেষৰ আচৰণৰ দ্বাৰাও প্ৰভাৱিত হয়। আমাৰ সমাজৰ সাংস্কৃতিক অনুষ্ঠান, সাহিত্য-চৰ্চা আৰু শৈক্ষিক ক্ষেত্ৰত যিসকলে নেতৃত্ব বহন কৰে, তেওঁলোকৰ ব্যক্তিত্বত যদি নৈতিক স্খলন দেখা দিয়ে, তেন্তে তাৰ নেতিবাচক প্ৰভাৱ পোনপটীয়াভাৱে কোমলমতি শিশুসকলৰ ওপৰত পৰে।

সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তিসকলৰ আচৰণে শিশুৰ অন্তৰত গভীৰ প্ৰভাৱ পেলায়। সংগীত, নাটক, সাহিত্য আৰু গণ-মাধ্যমৰ জৰিয়তে প্ৰচাৰিত হোৱা আদৰ্শই শিশুৰ মনৰ গতিপথ নিৰ্ধাৰণ কৰে। আজিৰ যুগৰ সমাজত যিধৰণৰ উশৃংখলতা বা নৈতিক বিস্খলন দেখা গৈছে, তাৰ প্ৰতিৰোধৰ বাবে আমাৰ সাংস্কৃতিক কৰ্মীসকলে নিজৰ সৃষ্টিৰ মাজেৰে ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা অতি প্ৰয়োজনীয়। শিল্পকলাক কেৱল বিনোদনৰ আহিলা হিচাপে ব্যৱহাৰ নকৰি, তাক এক সুস্থ সমাজ গঢ়াৰ অস্ত্ৰ  হিচাপে ব্যৱহাৰ কৰিব লাগিব। যেতিয়া শিশুৱে দেখে যে তেওঁৰ আদৰ্শ ব্যক্তিজনৰ জীৱনত সততা আৰু দেশপ্ৰেমৰ অটল বিশ্বাস আছে, তেতিয়া তেওঁৰ মনতো সেই গুণবোৰ স্বাভাৱিকভাৱে গঢ় লৈ উঠে। বৌদ্ধিক নেতৃত্বৰ দায়িত্ব সমাজক আন্ধাৰৰ পৰা পোহৰৰ দিশলৈ লৈ যোৱা, কিন্তু তাৰ বাবে প্ৰথমে সেই নেতাসকলে নিজৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব।

ৰাজনৈতিক নেতৃত্বৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। দেশপ্ৰেমৰ প্ৰকৃত অৰ্থ নিজৰ কামৰ প্ৰতি নিষ্ঠা আৰু সমাজৰ প্ৰতি দায়বদ্ধতা। যেতিয়া এগৰাকী ৰাজনৈতিক নেতা আদৰ্শৰ পৰা আঁতৰি কেৱল স্বাৰ্থৰ পিছত দৌৰে, তেতিয়া নতুন প্ৰজন্মৰ চকুতো দেশপ্ৰেমৰ ধাৰণাটো অস্পষ্ট হৈ পৰে। নেতৃত্বস্থানীয় লোকসকলে নিজৰ ব্যক্তিগত জীৱনৰ শুদ্ধাচাৰৰ জৰিয়তে শিশুসকলক অনুপ্ৰাণিত কৰা উচিত। ৰাজনৈতিক মঞ্চৰ পৰা প্ৰদৰ্শিত ভাষা আৰু আচৰণ আজিৰ শিশুৰ বাবে এক প্ৰত্যক্ষ শিক্ষণৰ উৎস। সেয়েহে, তেওঁলোকৰ কথাত যদি বিনয়, সততা আৰু দেশৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিফলিত হয়, তেন্তে শিশুসকলৰ মাজত দেশপ্ৰেমৰ ভাৱনা সুদৃঢ় হ’ব। আমি এনে এখন সমাজ আশা কৰোঁ য’ত শিশুসকলৰ বাবে পথ প্ৰদৰ্শক হ’ব তেওঁলোকৰ আদৰ্শৰ ব্যক্তি।

শৈক্ষিক নেতৃত্বৰ ক্ষেত্ৰত অৱশ্যে অধিক সাৱধানতা অৱলম্বন কৰা উচিত। কেৱল পৰীক্ষাৰ ফলাফলত ভাল কৰাটোৱেই সফলতা নহয়, মানৱীয় মূল্যবোধৰ ক্ষেত্ৰত শ্ৰেষ্ঠতা অৰ্জন কৰাটোহে মূল কথা। আমাৰ শৈক্ষিক পৰিকাঠামোত যদি নৈতিক শিক্ষাৰ লগতে দেশপ্ৰেমৰ চৰ্চা নাথাকে, তেন্তে ভৱিষ্যতৰ প্ৰজন্মক কেনেকৈ উন্নত নাগৰিক কৰি তুলিব পাৰিম? বৌদ্ধিক নেতৃত্বই সদায় সমাজৰ চিন্তাশীল দিশটোক প্ৰতিনিধিত্ব কৰে। তেওঁলোকে শিশুৰ মনত কৌতুহলৰ লগতে সুস্থ চিন্তা-ধাৰাৰ বীজ সিঁচিব লাগে। কোনো এক উগ্ৰবাদ বা বিভেদকামী চিন্তাই যাতে শিশুৰ কোমল মনক কলুষিত কৰিব নোৱাৰে, তাৰ প্ৰতি সদা সচেতন থাকিব লাগে।

অৱশেষত ক’ব পাৰি যে, সমাজৰ নেতৃত্বত থকা ব্যক্তিসকল যদি একনিষ্ঠ আৰু নৈতিকভাৱে দৃঢ় হয়, তেন্তে কোনো শক্তিয়ে শিশুৰ মনৰ পৰা মূল্যবোধক আঁতৰাব নোৱাৰে। আমি প্ৰতিগৰাকী শিশুৰ কাষত এনে এক বাতাবৰণ গঢ়ি তুলিব লাগিব য’ত তেওঁলোকে নিজৰ চৰিত্ৰ গঠনৰ সঠিক দিশ লাভ কৰিব। ইয়াৰ বাবে আমাৰ সাংস্কৃতিক, শৈক্ষিক আৰু ৰাজনৈতিক নেতাসকলে নিজৰ দায়বদ্ধতা পুনৰ বিবেচনা কৰিব লাগিব। নেতৃত্ব মানে কেৱল আদেশ দিয়া নহয়, নেতৃত্ব মানে পথ প্ৰদৰ্শন কৰা। আমি আমাৰ অনাগত দিনৰ উত্তৰসূৰীসকলক এনে এটা ভেটি দি থৈ যাব লাগে, য’ত তেওঁলোকে গৰ্বেৰে ক’ব পাৰে যে আমাৰ সমাজত নৈতিকতা আৰু দেশপ্ৰেম কেৱল শব্দ নহয়, সেয়া জীৱনৰ অংগ। আমাৰ সংস্কৃতিৰ মূল ভেটিটো মানৱতা আৰু প্ৰেম। এই ভেটিটো শক্তিশালী কৰিলেহে আমাৰ দেশৰ অনাগত ভৱিষ্যত সুৰক্ষিত হ’ব। এই ক্ষেত্ৰত প্ৰত্যেক সচেতন নাগৰিকৰ অৰিহণা অপৰিসীম।

আমি বৰ্তমান এনে এক জটিল সন্ধিক্ষণত থিয় হৈ আছোঁ, য’ত প্ৰযুক্তিৰ দ্ৰুত গতিয়ে সমাজৰ নৈতিক গাঁথনিটোক প্ৰত্যাহ্বান জনাইছে। একবিংশ শতিকাৰ শিশুসকলৰ সৈতে আমি যিধৰণৰ মূল্যবোধৰ যুঁজত অৱতীৰ্ণ হৈছোঁ, তাত জয়লাভ কৰিবলৈ কেৱল পুৰণি পদ্ধতি যথেষ্ট নহ’ব। আধুনিক প্ৰযুক্তি আৰু ইন্টাৰনেটৰ দ্ৰুত প্ৰসাৰৰ ফলত শিশুসকলে পৃথিৱীৰ যিকোনো প্ৰান্তৰ তথ্য পলকতে লাভ কৰিবলৈ সক্ষম হৈছে। এই তথ্যৰ ধলৰ মাজত কি শুদ্ধ আৰু কি ভুল, সেই বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা আমি তেওঁলোকৰ হাতত তুলি দিব লাগিব। আমি তেওঁলোকক এনে এক মানসিক প্ৰতিৰক্ষা প্ৰদান কৰিব লাগিব যাতে যিকোনো ধৰণৰ নৈতিক বিচ্যুতিয়ে তেওঁলোকৰ কোমল মনক প্ৰভাৱিত কৰিব নোৱাৰে। বিবেক একমাত্ৰ অমোঘ প্ৰতিৰক্ষা, যিটো তেওঁলোকৰ জীৱনৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হ’ব।

ভৱিষ্যতৰ দিশে আগবাঢ়িবলৈ এক ব্যাপক সামাজিক আন্দোলনৰ প্ৰয়োজন। কেৱল বিদ্যালয় বা ঘৰৰ চাৰি বেৰৰ ভিতৰত নৈতিকতাৰ কথা সীমিত ৰাখিলে নহ’ব। সমাজৰ প্ৰতিটো স্তৰতে শিশুৰ বাবে এক সুৰক্ষিত আৰু আদৰ্শ পৰিৱেশ গঢ়িব লাগিব। আজিৰ শিশুৱে কালিলৈ দেশৰ দায়িত্ব ল’ব। যদি আমি তেওঁলোকৰ মাজত দেশপ্ৰেমৰ প্ৰকৃত অৰ্থ প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ, তেন্তে তেওঁলোকৰ ভৱিষ্যতৰ হাতত দেশখন কিমান সুৰক্ষিত হ’ব, সেয়া এক ডাঙৰ প্ৰশ্ন। দেশপ্ৰেম মানে কেৱল সীমান্তৰ সুৰক্ষাই নহয়, তাৰ সমান্তৰালকৈ  সমাজৰ ভেটি কঁপোৱা অশুভ শক্তিৰ বিৰুদ্ধে থিয় দিয়াৰ আপোচবিহীন সাহস। আজিৰ শিশুক শিকাব লাগিব যে অসততাৰ বিৰুদ্ধে মাত মতাটোৱেই আটাইতকৈ ডাঙৰ দেশপ্ৰেম। এই সাহসৰ বীজ শিশুকালৰ পৰাই সিঁচিব লাগিব।

আমাৰ শিক্ষানুষ্ঠানসমূহত নৈতিক শিক্ষাৰ বাবে বিশেষ পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা আছে, য’ত কোনো পৰীক্ষাৰ চাপ নাথাকিব, কেৱল থাকিব চৰ্চা আৰু গভীৰ আলোচনা। বিভিন্ন মহাপুৰুষৰ জীৱনী, সফল ব্যক্তিৰ সংগ্ৰামৰ কাহিনী আৰু সমাজৰ বাবে অৰিহণা আগবঢ়োৱা ব্যক্তিৰ আদৰ্শই শিশুক অনুপ্ৰাণিত কৰিব। লগতে, আমি শিশুৰ মাজত সৃজনশীল প্ৰতিভাৰ বিকাশ ঘটিব পৰা সুযোগ প্ৰদান কৰিব লাগিব। যি শিশুৱে চিত্ৰকলা, সংগীত বা ক্ৰীড়াৰ মাজেৰে নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ শিকিব, তেওঁৰ মনত উশৃংখলতাৰ সুযোগ অতি কম থাকে। সৃজনশীল কামে মনক সততে সতেজ আৰু পবিত্ৰ কৰি ৰাখে। ভৱিষ্যতৰ বাবে আমি এনে এক প্ৰজন্ম সৃষ্টি কৰিব লাগিব, যি প্ৰযুক্তিৰ জ্ঞানত পাৰ্গত হোৱাৰ লগতে মানৱীয় গুণবোৰতো শ্ৰেষ্ঠ।

আজিৰ পৰাই এনে এক দায়বদ্ধতা গ্ৰহণ কৰিব লাগিব, য’ত প্ৰত্যেক অভিভাৱক আৰু শিক্ষকে নিজৰ নিজৰ কৰ্মত দায়বদ্ধ হৈ ৰ’ব। যদি আমি আমাৰ শিশুসকলক এক সুস্থ ভৱিষ্যত দিব বিচাৰোঁ, তেন্তে আমাৰ নিজৰ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাব লাগিব। আমাৰ কথা আৰু কামৰ মাজত যাতে কোনো পাৰ্থক্য নাথাকে সেইটো লক্ষ্য ৰাখিব লাগিব। আমি যি আদৰ্শৰ কথা কওঁ, তাৰ প্ৰত্যক্ষ উদাহৰণ আমি নিজে হ’ব লাগিব। যদি বিচাৰোঁ যে আমাৰ শিশুসকলে পৰকীয়া প্ৰেম বা আন নৈতিক স্খলনৰ পৰা আঁতৰি থাকক, তেন্তে পৰিয়ালৰ মৰ্যাদা আৰু স্বামী-স্ত্ৰীৰ মাজৰ বিশ্বাসক প্ৰাধান্য দিব লাগিব। শিশুৱে ঘৰত কি দেখিছে, সেয়া ভৱিষ্যতৰ একমাত্ৰ মডেল। আমি আমাৰ ঘৰখনক প্ৰেম আৰু সততাৰ উৎস হিচাপে গঢ়ি তুলিব লাগিব।

এই যাত্ৰা দুৰ্গম হ’লেও আমি অকলশৰীয়া নহয়। আমাৰ পাথেয় হৈছে পৰম্পৰাৰ অমূল্য শিক্ষা, বিবেকৰ শুদ্ধ শক্তি আৰু অনাগত প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি থকা আমাৰ পৱিত্ৰ দায়বদ্ধতা। আমি যদি আজি এই সৰু কামখিনি কৰিবলৈ আৰম্ভ কৰোঁ, তেন্তে অনাগত সময়ত আমাৰ দেশৰ শিশুসকলে বিশ্বৰ মঞ্চত গৌৰৱেৰে থিয় দিব পাৰিব। তেওঁলোকে তেতিয়া জ্ঞানৰ অধিকাৰী হোৱাৰ লগতে, তেওঁলোকে হ’ব প্ৰকৃত মানৱ সম্পদ। আজিৰ প্ৰতিটো শিশুক এনেদৰে গঢ়ি তোলোঁ যাতে তেওঁলোকে অনাগত দিনত সমাজৰ বাবে একোটা প্ৰদীপ হৈ জ্বলি উঠিব পাৰে। আমাৰ এই প্ৰয়াস সৰু হ’ব পাৰে, কিন্তু ইয়াৰ পৰিণতি অসীম। আহক, আমি সকলোৱে মিলি এক নতুন ভৱিষ্যতৰ সপোন দেখোঁ আৰু সেই সপোনক বাস্তৱ কৰিবলৈ আজিৰ শিশুসকলৰ হাতত নৈতিকতা আৰু দেশপ্ৰেমৰ মশাল তুলি দিওঁ। এয়া আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অৱদান।