অনুৰণন
পূৰৱী হাজৰিকা
দুলীয়াজান,ডিব্ৰুগড়
নদীৰ সিপাৰৰ লঠঙা ডালত
আজিও উলমি আছে
এটি ৰোমাণ্টিক অনুৰণন ।
উশাহত উত্তাপিত হোৱা
অভিমানী শব্দৰ সংগ নোপোৱা,
অবুজ মনৰ কম্পন ।
উকা কাগজৰ মৌন কবিতা
নীৰৱে অংকুৰিত দুটি হিয়াৰ
অন্তহীন কাব্যৰ – অনুৰণন ।
অনুৰণন
পূৰৱী হাজৰিকা
দুলীয়াজান,ডিব্ৰুগড়
নদীৰ সিপাৰৰ লঠঙা ডালত
আজিও উলমি আছে
এটি ৰোমাণ্টিক অনুৰণন ।
উশাহত উত্তাপিত হোৱা
অভিমানী শব্দৰ সংগ নোপোৱা,
অবুজ মনৰ কম্পন ।
উকা কাগজৰ মৌন কবিতা
নীৰৱে অংকুৰিত দুটি হিয়াৰ
অন্তহীন কাব্যৰ – অনুৰণন ।