শব্দ – হৰেন কপ্তাক

Pc Mugafi

শব্দ

হৰেন কপ্তাক
ৰাইচাপৰি বলমা,ধেমাজি

শব্দৰে এটা কবিতা সাজিব পাৰে
কিন্তু সকলো শব্দই কবিতা হ’ব নোৱাৰে
শব্দৰে এটা পৰিৱেশ নষ্ট কৰিব পাৰি
কিন্তু কিছুমান শব্দৰে এটা সমাজ গঠন কৰিব পাৰি
মুখৰ শব্দ, বাদ্যৰ শব্দ
অথবা বাক্য গঠনৰ শব্দ
শব্দ শব্দ শব্দ
যিয়ে মোৰ কলিজাৰ উকমুকনি তুলে
উৰে ৰাতি জগাই থাকে
সেয়া কোনো নহয়
নিভৃততম কোণৰপৰা নিগৰিত
মোৰ কবিতাৰ শব্দ
শব্দবোৰ আজি
চিঞৰি চিঞৰি মৰে
কাৰণ বাহিৰলৈ আহিলেই
পৰচৰ্চাই খেদি খেদি গিলে
বান্ধিছো গোহালিত, গৰুৰ দৰে
নুৰিয়াই ৰাখিছো চন্দুকৰ কোঠালিত
শব্দই সৃষ্টি,শব্দই কৃষ্টি
শব্দই ধ্বংসৰ কাৰণ