অৰণ্যৰ সীপাৰৰ ঘৰ
বনজিত দাস
ৰিহাবাৰী , বজালী
কিমান গভীৰৰ পৰা গভীৰতালৈ গ’লে
অতব্য হাবিত সোমাব পাৰিম,
য’ত বিষাদৰ নৈসৰ্গিক বাট
শুকান পাতৰ দৰে সৰি পৰে নিৰৱে
দুপৰ নিশাৰ বুকুত পখীটি বিনাই ।
য’ত স্মৃতিৰ ছাঁই বনত
বতাহে গোপনে গীত গায়
বুকুৰ নিভৃত কোণত
অশ্ৰুৱে নিজাকৈ ঘৰ সাজে ।
কিমান গভীৰৰ পৰা গভীৰতালৈ গ’লে
অতব্য হাবিত সোমাব পাৰিম,
মানচিত্ৰহীন শব্দহীন
মাথো নিৰৱতাৰ দীঘল উশাহ
য’ত হেৰাই যায় দুখৰ ঠিকনাবোৰ
সময়ে আঁকি যায়
নিৰৱতাৰ আঁৰত অদেখা ইতিহাস ।
কিমান নিৰৱতা সাৱটি ল’লে
গভীৰতাৰ পৰা গভীৰতালৈ গ’লে
দুখবোৰে নিজকে চিনিব নোৱাৰে
দুপৰ নিশাৰ বুকুত পখীটি বিনাই
চকুৰ কোণত জমা হোৱা অশ্ৰুৰ ভাষা
তথাপিও বুকুৰ গোপন কোণত
শব্দত জীয়াই থাকে
জীৱনৰ আশা
গভীৰৰ পৰা গভীৰতালৈ
অৰণ্যৰ ভিতৰলৈ !
