আপোন ঘৰখন
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও, ডিব্ৰুগড়
বাৰিষা আহি দুৱাৰদলিত
হেঁপাহৰ ঘৰখন টনকিয়াল কৰাৰ যো-জা
খুটাবোৰ ঘূণে ধৰিছে
বেৰবোৰত উঁই লাগি পঁচি গৈছে,
টাপলি দি ঢাকিবলৈ
বাঁহৰ খুটা কাটিছে
বেৰবোৰ নতুনকৈ প্ৰস্তুত কৰিছে।
এখন সুখেৰে ওপচা ঘৰ
হাঁহিৰে ভৰা মৰমৰ ঘৰ
হাই-উৰুমি নাই
আছে মিলাপ্ৰীতিৰ এনাজৰী
আধুনিকতাই ঢুকি নোপোৱা এখন সৰু ঘৰ।
জোৰকৈ অহা বৰষুণজাকত
বেৰৰ মাটি ভিজি টুকুৰা-টুকুৰকৈ ওফৰি পৰে
গোবৰ-মাটিৰে লেপি
বেৰবোৰ মসৃণ কৰিবলৈ অত কষ্ট
কষ্টতেই গঢ়ি উঠে সুখৰ পাহাৰ।
বাৰিষা নেৰানেপেৰা বৰষুণ দিলে
বাৰান্দাৰ পিৰালি খহি যায়
কেঁচুৱে মাটি খান্দি ঘৰ সাজে
এইখনেই আপোন ঘৰ,
ভগা খাটখনতে দিনটোৰ ভাগৰৰ অন্ত পৰে।
ঘৰটো পুৰণি হৈছে
এজাক ডাঙৰ বৰষুণ আহিলেই
চালৰ ফুটাৰে পানী বৈ আহে
ঠায়ে ঠায়ে বাল্টি পাতিলেও
হাত সাৰিব নোৱাৰি
মজিয়াখন উপচি বোকাময় হৈ পৰে।
খেৰৰ চালখন সলনি কৰিবলৈ
খেৰ কিনিবলৈ টকাৰ নাটনি
আঘোণলৈনো আৰু কিমানদূৰ বাট
ধাননিৰ নৰাৰে ঢাকি ধৰিব ঘৰৰ চাল
সুখেৰে ভৰিব আমাৰ পৰিয়াল।
