আনুষ্ঠানিকভাৱে বাতিল জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্রমণ
ৰঙিলী বাৰ্ত্তাসেৱা- জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ প্ৰস্তাৱিত অসম ভ্রমণ আনুষ্ঠানিকভাৱে বাতিল কৰা হৈছে। অহা ১ জুলাইত অনুষ্ঠিত হ’বলগীয়া এই উচ্চ পৰ্যায়ৰ ভ্ৰমণক লৈ ৰাজ্যজুৰি ব্যাপক আশা-আকাংক্ষা সৃষ্টি হৈছিল যদিও শেষ মুহূর্তত জাপান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।অৱশ্যে কি কাৰণত অসম ভ্রমণ বাতিল কৰা হৈছে সেয়া স্পষ্ট হোৱা নাই। মঙলবাৰৰ পুৱাৰে পৰা জাপানৰ প্রধানমন্ত্রী ছানাই টাকাইচিৰ অসম ভ্রমণ বাতিলক কেন্দ্ৰ কৰি বিভিন্ন ক্রিয়া প্রতিক্রিয়াৰ পিছত সন্ধিয়া সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জাপানৰ প্রধানমন্ত্রী ছানাই টাকাইচিৰ অসম ভ্রমণ বিশেষ কাৰণত বাতিল হোৱা বুলি ঘোষণা কৰে। সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে, বিগত কেইবাদিনো ধৰি তিনিদিনীয়া ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্রী অসমলৈ অহাক লৈ গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰে ব্যাপক তৎপৰতা অৱলম্বন কৰি আহিছিল । মন্ত্রীসকলক লৈ কেইবাখনো কমিটী গঠন কৰি দিয়া হৈছিল । সজাই-পৰাই তোলা হৈছিল গুৱাহাটী মহানগৰীক । কিন্তু অৱশেষত বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্রীৰ অসম ভ্ৰমণ ।তেওঁ লগতে কয়, কালি নিশা দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্রী নাহিব । তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্রীৰ ভ্ৰমণ নতুন দিল্লীতে সীমাবদ্ধ থাকিব । তেওঁলোকে জনাইছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে পৃথকে এটা দিন ঠিক কৰিব । কিন্তু জাপানৰ প্ৰধানমন্ত্রীৰ ভ্ৰমণ এইবাৰ অসমত নহ’ব । নহাৰ কাৰণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, কাৰণটো আমাক জনোৱা নাই । গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল’ব লাগিব। কাৰণ তেওঁলোকক সোধাটো প্ৰট’কলত নপৰে । ইয়াত জাপানৰ আৰু ভাৰতৰ কথা জড়িত আছে । তেওঁলোকক কাৰণ আমি নিশ্চিতভাৱে সুধিব নোৱাৰোঁ । গতিকে কাৰণখিনি আমি নিজে নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব । আজি যিহেতু ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে মই ভালদৰে চোৱা নাই । যেতিয়া মই দিল্লীলৈ যাম বা বৈদেশিক মন্ত্রী জয়শংকৰক লগ পাম, তেতিয়া কাৰণখিনি সন্মুখৰ পৰা সুধিব পাৰিম । আজিৰ এই মূহূৰ্তত কথা এইটোৱেই যে এৰাব নোৱৰা কাৰণত জাপানৰ প্ৰধানমন্ত্রী অসমলৈ নাহে আৰু ভ্ৰমণসূচী দিল্লীতে হ’ব । দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে বিনিয়োগকাৰীৰ যিটো সন্মিলন সেইটো নিৰ্দিষ্ট সময়ত অসমত অনুষ্ঠিত কৰিব । মুখ্যমন্ত্রীয়ে লগতে কয়, এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে ২০১৯ চনতো আমি প্ৰস্তুতি চলাই আনিব নোৱাৰিলোঁ । এইবাৰো যোৱা এমাহ ধৰি জাপানীজ এম্বেচীৰ বিষয়াসকল অসমতে আছিল । যোৱা এমাহ ধৰি তেওঁলোকে সকলো ঠিক কৰিছিল, হোটেল চাইছিল, কি খাব, কি নাখাব, ক’ত থাকিব আদি সকলো চাইছিল । কিন্তু কালি নিশা খবৰটো আহে যে এইবাৰ জাপানৰ প্ৰধানমন্ত্রী অসমলৈ নাহে । বৈদেশিক মন্ত্রীক লগ পালে নহাৰ কাৰণটো সুধিব পাৰিম । কাৰণ মই নিজে গম পোৱা নাই বাবে সকলো ক’ব পৰা নাই । দুই-তিনি দিন পাছত জয়শংকৰক ফোন কৰি সুধিম । জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হোৱাটো দুখজনক বুলি উল্লেখ কৰি কয়, দুখজনক কথা বাতিল হোৱাটো । এটা ভাল আৰু ডাঙৰ ভ্ৰমণ আছিল । পৰিৱেশ ভাল আছিল বাবে হ’ব বুলি ভাবিছিলোঁ । কিন্তু নহ’ল । হয়তো প্ৰধানমন্ত্রী মোদীয়ে ইয়াতকৈ ভাল আৰু ডাঙৰ কিবা এটা অসমৰ বাবে কৰিব । প্ৰধানমন্ত্রীক লগ পালেও ক’ম । আনহাতে, গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,সৌন্দৰ্যৰ কামবোৰ হৈ থাকিব । কাম চলি আছে আৰু চলি থাকিব । অতিথি অহাৰ বাবে হাতত লোৱা কামখিনি কৰা নহ’ব । অতিথি অহাৰ বাবে কৰিবলগীয়াখিনি কৰা নহ’ব । অতিথিৰ বাবে কৰা কাম বন্ধ কৰা হ’ব । অতিৰিক্তখিনি কৰা নহ’ব ।
