বাৰীৰ বৰ গছজোপা
সুনম বিশ্বাস সাহা
গোৰেশ্বৰ, তামুলপুৰ
ধুমুহাই কোবোৱা বৰ গছজোপা সঁচাই
বৰ কঠিন হয়…
বাৰে প্ৰতি নিৰ্লজ ধুমুহাই
আঘাত কৰাৰ পিছতো…
সকলো ব্যথা বুকুত ৰাখি প্ৰক্ষাঘাতৰ
মাজেৰেই জীয়াই থাকে মাথোঁ
সৰুগছজোপাৰ ছাঁ হৈ ..
আশা-ভৰষা হৈ ,ভৱিষ্যত হৈ
সুৰক্ষাৰ আকাশ হৈ,
তাতেই পায় অকণ্টক সুখ…
শিপাৰ মোহতে গিলি থাকে প্ৰতিনিয়ত বৰবিহ…
কিন্তু কেতিয়াবা ভাবিছেনে ??
সেই বৰগছজোপাৰো কষ্ট হয়…!
যেতিয়া চৌপাশৰ আৱৰ্জনাৰ খবৰবোৰ পাই
দুধাৰে অশ্ৰু তীব্ৰতাৰে বয়
সেয়াও অদৃশ্য… নিঃশব্দৰ কোলাহলত ম্ৰিয়মান…!
অক্লান্ত সেৱাৰ পৰীক্ষাত
সৰ্বস্ব উজাৰ কৰি দিয়াৰ পিছতো
বাৰে প্ৰতি বিফলতাই আলিংগন কৰে…
সেই বৰগছজোপাক!
অব্যক্ত ভাববোৰে হিয়াখন গধুৰ কৰে ঠিকেই ,
প্ৰকাশ কৰিবলৈহে শব্দবোৰ নিথৰ হৈ পৰে ।
তথাপিও কোনো অভিযোগ নাই,
কিন্তু যেতিয়া সৰুজোপা পূৰঠ হয়
উশাহ লোৱাৰ স্বাধীনতাই একমাত্ৰ কাম্য হয়;
তেতিয়া নাথাকে আৰু ডাঙৰজোপাৰ দায়িত্ব
তাৰ সুখৰ পৰিধিত বাধা দিয়াৰ
অধিকাৰো একেবাৰে নাই ।
সেয়েহে হাঁহি মুখে খুলি দিবলৈ বাধ্য হয়;
মায়াৰ বোজাৰ শিকলি চিৰদিনৰ বাবে!
এদিন পছোৱাৰ প্ৰচণ্ড কোবত
ডাঙৰ গছজোপাৰ প্ৰচ্যুতি নিশ্চিত…
সংজ্ঞাহীন হৈ মাটিৰ সম্পদ
মাটিতৰ শয্যাতে বিলীন হ’ব…
তেতিয়া আৰু নাথাকিব কোনো সীমাৰ বান্ধোন…
আপোনত্বৰ আব্দাৰ… স্নেহৰ অৱদান
কেৱলমাত্ৰ মুক্ত…মুক্ত…!
