দেউতাৰ চোতাল
মিতালি বৰঠাকুৰ,
মালিগাওঁ ( আদৰ্শ কলনী ), গুৱাহাটী
দেউতাৰ কণমানি পখিলা তাই
উমলি – জামলি থাকে দেউতাৰ চোতালত
দুহাত মেলি দিয়ে তাই
চুই চাব খোজে সপোন
পখিলাৰ দৰে উৰি গৈছে মনময়ুৰী
তাই দেউতাকৰ সপোন পৰী
এমুঠি হেঁপাহ কঢ়িয়াব
চিতপখিলী হৈ দুগালত সপোনৰ ৰং সানিব
দেউতাৰ মৰমৰ চোতালত
পিঠিত থাকে তাইৰ
হাজাৰ সপোনৰ কিতাপৰ টোপোলা
এদিন তাই দেউতাকৰ চকুত হাঁহি বিৰিঙাব
কি হ’ব তাই –!!
ডাক্তৰ , ইঞ্জিনিয়াৰ , উকীল – –
নে এজন প্ৰকৃত মানুহ – – –
তাইৰ উজ্জ্বল চকুজুৰিত সপোনবোৰ দৌৰি ফুৰিছে
সৰু সৰু হাত দুখন মেলি দিছে তাই
সপোন বোৰে তাইক কাণে কাণে কয় – –
দেউতাৰ চোতালত ৰং বোৰ বিচাৰি থাকা
এদিন তোমাৰ নামতো এটি ৰঙীন পৃষ্ঠা হ’ব
সপোনে সেউজীয়া বাট ল’ব
খোজ দিবা পোহৰৰ বাটত
তাইৰ খিল্ খিল্ হাঁহিত উপচি পৰিল
দেউতাৰ মৰমৰ চোতাল ।
