আফগানিস্তানক ১৭০ ৰানত পৰাস্ত কৰে ভাৰতে

Pc The Indian Express

আফগানিস্তানক ১৭০ ৰানত পৰাস্ত কৰে ভাৰতে

ৰঙিলী বাৰ্ত্তাসেৱা- শুভমন গিল নেতৃত্বাধীন টীম ইণ্ডিয়াই দ্বিতীয়খন এদিনীয়া মেচতো আফগানিস্তানক ১৭০ ৰানত পৰাস্ত কৰে। দ্বিতীয়খন এদিনীয়া মেচখনত বিজয় সাব্যস্ত কৰি ঘৰুৱা দল ভাৰতে ২-০ৰ অগ্ৰগতিৰে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো দখল কৰে। লক্ষ্ণৌত অনুষ্ঠিত মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৪০৩ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি আফগানিস্তানে ৪৪.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩২ ৰানহে কৰে। দলটোৰ হৈ সৰ্বাধিক ৭৯ ৰান কৰে ৰহমত শ্বাহে। ছেডিকুল্লাহ অটলে ৪২ আৰু ৰহমানউল্লাহ গুৰবাজে ৪১ ৰানৰ অৱদান আগবঢ়ায়। ভাৰতীয় দলটোৰ হৈ অৰ্শ্বদীপ সিং আৰু গুৰনুৰ ব্ৰাৰ উভয়ে তিনিটাকৈ তথা এদিনীয়াত অভিষেক ঘটা প্রিন্স যাদৱে দুটা আৰু ৱাশ্বিংটনে এটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি অধিনায়ক গিলৰ ১৫৪ আৰু ঈশান কিশনৰ ১২৫ ৰানৰ সহায়ত ভাৰতে ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৪০২ ৰান সংগ্ৰহ কৰে। ৯৬ ৰানতে যশস্বী জয়ছোৱাল আৰু ৰোহিত শৰ্মাক হেৰুৱাইছিল যদিও গিল আৰু ঈশানে তৃতীয় উইকেটত ২২৪ ৰান সংগ্ৰহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়। জয়ছোৱালে ৪ আৰু ৰোহিতে ৪৮ ৰান কৰে।