বাক ৰুদ্ধ জনতা
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
জনতাৰ চিন্তা যেতিয়া পংগু হবলৈ ধৰে,
প্রলোভনৰ মায়াত যেতিয়া বন্দী হয় ব্যক্তি সত্ত্বা,
আপোন স্বার্থৰ তাড়নাত আবেগবোৰ যেতিয়া বিক্রি হয়,
ক্ষমতা লাভৰ বাসনা তীব্র হয় যেতিয়া,
প্রাপ্যতা অর্জনত যেতিয়া বিফল
মনোৰথ হয়,
কাৰোবাৰ ভৰি -চেলেকী মাটিৰ গোন্ধ পোৱা হয় যেতিয়া,
কর্মৰ স্থানক মৰিষন কৰি হিতাধিকাৰী হোৱাৰ প্রবল হেপাহ যেতিয়া জাগ্রত হয় প্রাণত,
ধর্মক লৈ গোড়ামী, বিবিধতা, অৰাজকতা, লুণ্ঠন হয় যেতিয়া,
আইন-প্রশাসন যেতিয়া নিয়ন্ত্রীত হয় কোনোৱাৰ দ্বাৰা,
ভাবনা বোৰক যেতিয়া হেছি ৰখাৰ প্রয়োজন হয়,
অধিকাৰবোৰ যেতিয়া খৰ্ব কৰিবলৈ কুণ্ঠাবোধ নাইকিয়া হয়,
সমাজ ব্যৱস্থাৰ যেতিয়া অচলাৱস্থা
হয়,
জনতা” তেতিয়াই বাকৰদ্ধ হয়৷৷
