সকলোৰে সপোন বেলেগ বেলেগ – ৰিতু ভৰালী

Pc Vecteezy

সকলোৰে সপোন বেলেগ বেলেগ

ৰিতু ভৰালী,যোৰহাট

কেতিয়াবা কোনোবাজন আপোনাতকৈ অতি সহজেই আগবাঢ়ি যায়।ঘৰ-দুৱাৰ,মাটি-সম্পত্তি,ধন-টকা,গাড়ী- মটৰ ক্ৰয় কৰি এক বিলাসী জীৱন কটাই ।এনে হোৱা কথা হয়তো সমাজত নতুন নহয়।কেতিয়াবা মনটো তাতেই গধুৰ হৈ পৰে।কোনোবাজন মেট্ৰিক পাছ কৰিয়েই উন্নতি জখলা উঠে,কোনোজন হায়াৰ চেকেণ্ডেৰী পাছ কৰি,কোনোজন বি.এ. পাছ কৰি।আনহাতে কোনোজনে আকৌ ম. এ.,

বি.কম. পাছ কৰিও জীৱনৰ সফল হ’ব নোৱাৰে।জীৱনৰ সফল হ’বলৈ যাওঁতে যাওঁতে বহু বছৰ পাৰ হৈ যায়।কেতিয়াবা বিয়া কৰাৰ বয়সো অতিক্ৰম কৰে।কোনোজনে আকৌ বয়সৰ দেওনা জানিয়েই বিয়াৰ কথাই পাহৰি পেলাই।বিলাসী জীৱন এটা কটাম কটাম বুলি বিলাসী শব্দকে হেৰাই যায়।এনেকৈ কেতিয়াবা ৰৈ যায় বহু মানুহ।আমনি লগা হয় জীৱন।দামী যেন লগা মানুহ দেখিলেই ভাগৰ লাগে।ভিৰ দেখিলেই হেৰুৱাই মই মই হৈ থকাৰ কথা।হুমুনিয়াহখিনিক সাহস দিব পৰাকৈ হয়তো কৈ উঠে – এনেকৈ আৰু কিমান দিন কটাম?এনে সফল হোৱা আৰু নোহোৱাৰ কিছু কিছু কাৰণ থাকে জীৱনৰ।যেনে ধৰক-

১)প্ৰত্যেকজন মানুহৰ সপোন বেলেগ বেলেগ : ইবোৰ বেলেগ বেলেগ বাবেই নিজৰ সপোন এটাক লগ দিয়াৰ যুঁজখনত যুঁজি থাকোতেই সময় শেষ হৈ পৰে।

২) ভাগ্য : বহুতে ভাগ্যক বিশ্বাস নকৰে।কিন্তু ভাগ্য এনে এক পথাৰ;য’ত কেতিয়াবা আপুনি গ’ম নোপোৱাকৈয়ে নতুন গজালি গজি পথাৰ ভৰি পৰে।সেউজীয়া হয় পথাৰ,সেউজীয়া জীৱন।

৩)আৰ্থিক : আৰ্থিক সমস্যা এক গধুৰ সমস্যা।ইয়াৰ প্ৰভাৱৰ বাবেও মানুহে কেতিয়াবা আগবাঢ়ি যাব নোৱাৰে লগতে নিজৰ সপোন মাৰি পেলাব লগা হয়।

৪)ঘৰুৱা পৰিবেশ পৰিস্থিতি(দূৰলৈ যাবলৈ নিদিয়া আদি): কেতিয়াবা দেখা যায় যে আৰ্থিক অৱস্থা অতি উন্নত হোৱাৰ পাছতো মাক-বাপেকে নিজৰ ল’ৰা-ছোৱালীক দূৰলৈ পঠাবলৈ মন নকৰে।এক ভয় খেদি ফুৰে।যাৰ বাবে বহুতে নিজৰ সপোন থাকিও হেঁচি থৈ দিয়ে।

৫)অলেখ কষ্ট : বহুত মানুহ দেখিছোঁ গোটেই জীৱনটো কেৱল কষ্ট কৰি গৈয়ে থাকে গৈয়ে থাকে কিন্তু সফলতাত শূণ্য।ঠিক এইখিনিতেই আমি ভাগ্যৰ কথা  ক’ব পাৰো। কাৰণ্ ভাগ্য কেতিয়াও সলনি নহয়।

৬)আনৰ ওচৰত সৰু হ’ব নোখোজা : বহু মানুহ আমি দেখিছোঁ,কিছু লোকে আনৰ ওচৰত সৰু হ’ব নোখোজে, যাৰ ফলত বহু সুযোগ হেৰুৱাই পেলায়।কিছু লক্ষ্য এনেকৈয়ে শেষ হৈ পৰে।

৭)নিজকে জ্ঞানী ভবা : কথাটো মিছা নহয় এনে বহু বহু লোক আছে যি নিজকে বহু জ্ঞানী বুলি ভাবি লয় নিজকে।যিকোনো মুহূৰ্ত মানুহক তল পেলাবলৈ যত্ন কৰে।তেনে কাৰণটো সপোন শেষ হৈ পৰে।

৮)সময়ৰ অপ প্ৰয়োগ : বহুতৰ হাতত সময় বেছি থাকে আৰু কিছু লোকৰ হাতত সময় কম ।ইয়াৰ কাৰণ হ’ল সময়ৰ ব্যৱহাৰ।সময়ৰ যদি আমি সদ ব্যৱহাৰ নকৰো।তাৰ ফলটো সপোনৰ এটা ৰূপ শেষ হয়।

৯)কথা কোৱাৰ কৌশল : কথা ক’বলৈ শিকিব লাগে।কথা ক’ব বা পাতিব নজনাৰ ফলতেই বহু মানুহ আৰু সুযোগ হেৰুৱাই পেলাওঁ।সেয়ে কোৱা হয়- কথাত বঁটা পাই,কথাত কটা যায়।

১০)ভাগ্যও সলনি হ’ব পাৰে : ই নিৰ্ভৰ কৰে আপোনাৰ বিশ্বাস আৰু কৰ্মৰ ওপৰত।আপোনাৰ জীৱনৰ লক্ষ্য বা সপোন কি বা কি হ’ব বিচাৰি তাক নিৰ্ণয় কৰি মাথোঁ আগুৱাই গৈ থাকিব লাগে।বাকী চিন্তা নকৰিব,সমাজে বয়স হৈ গ’লে কি ক’ব ।যেতিয়াই আপুনি এক লক্ষ্যত গৈ থাকিব,তেতিয়াই আপোনাৰ সপোন বা লক্ষ্য আপোনাৰ ওচৰলৈ আহি থাকিব আৰু এদিন আপোনাৰ কাষত বাস্তৱ ৰূপত লগ দিব।যেনেকৈ কোৱা হয়-বিশ্বাসে মিলই হৰি।

গতিকে জীৱন জীওৱাৰ বহু কথা থাকে।গতিকে এনেকৈ আৰু কিমান দিন কটাম- কথাষাৰ এৰি দিয়ক।নিজক নিজৰ লগত আগুৱাই গৈ থাকক।সময় আপোনাৰ লগত আছে।আপুনি সময়ক বিশ্বাস ৰাখক।এদিন জয়ী হ’বই।