চুক্তি স্বাক্ষৰৰ লগে লগে মুকলি হ’ব হৰমুজ প্রণালী
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা আৰু ইৰান যুদ্ধৰ অৱসানৰ খবৰে বিশ্ববাসীক বৃহৎ সকাহ দিছে। ইয়াৰ মাজতে চাৰে তিনিমহীয়া যুদ্ধৰ অন্তত স্বাক্ষৰ হ’বলগীয়া শান্তি চুক্তিৰ সমান্তৰালভাৱে বিশ্বৰ তৈল ধমনীস্বৰূপ হৰমুজ প্রণালী সম্পূৰ্ণৰূপে খুলি দিয়াৰ নিৰ্দেশ দিয়া হৈছে। ১৯ জুনত জেনেভাত শান্তি চুক্তি স্বাক্ষৰৰ সমান্তৰালভাৱে সম্পূৰ্ণৰূপে খুলি দিয়া হ’ব হৰমুজ প্রণালী। এই ৰক্তক্ষয়ী সংঘৰ্ষৰ অৱসানৰ পিছতে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য ৪.৫ শতাংশ হ্রাস হোৱাৰ ইংগিত পোৱা গৈছে। বিগত দিনকেইটাত ধাৰাবাহিকভাৱে ইন্ধনৰ দাম বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে। হৰমুজ প্রণালীৰ অৱৰোধ প্রত্যাহাৰে বিশ্ব অর্থনীতিলৈ ইতিবাচক বার্তা বহন কৰিছে। অর্থনৈতিক বিশ্লেষকসকলৰ মতে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম হ্রাস পালেও ভাৰতত পেট্ৰ’ল-ডিজেলৰ দাম পূৰ্বৰ অৱস্থালৈ ঘূৰি যোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। ইয়াৰ মূলতে হৈছে তেল কোম্পানীসমূহে সম্মুখীন হোৱা লোকচান। যুদ্ধৰ সময়ছোৱাত বিশ্বৰ বজাৰত তেলৰ দাম আকাশলংঘী হোৱাৰ পিছতো তৈল কোম্পানীসমূহে এক নির্দিষ্ট সীমাৰ ওপৰত দাম বৃদ্ধি কৰা নাছিল, যাৰ ফলত তেওঁলোক বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। এতিয়া বজাৰ স্বাভাৱিক হ’লেও পুৰণি ক্ষতিপূৰণ কৰিবলৈ চেষ্টা কৰিব। বিশ্লেষকসকলৰ মতে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম প্রতি বেৰেলত ৮০ ডলাৰতকৈ কম হ’লে ভাৰতকে ধৰি চুবুৰীয়া দেশসমূহত সর্বাধিক ৩ টকাপর্যন্ত হ্রাস হোৱাৰ সম্ভাৱনা আছে।
