সাক্ষ্যদানৰ বাবে চমন জাৰি কৰা হ’ব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক

সাক্ষ্যদানৰ বাবে চমন জাৰি কৰা হ’ব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্রক্রিয়াত সাক্ষ্য দিবলৈ ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল ফাষ্টট্রেক আদালতত হাজিৰ হ’বই লাগিব। আদালতত বিচাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে। উল্লেখ্য যে বিগত ৮ জুনৰ পৰা আদালতত সাক্ষ্যগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৰহাটৰ অধিবক্তা ৰাহুল গোস্বামী, ৰাজ গোস্বামী আৰু ড° দীপাংকৰ ঠাকুৰীয়াৰ সাক্ষ্য আদালতে গ্ৰহণ কৰে। ইয়াৰ মাজতে ছিংগাপুৰৰ প্রবাসী অসমীয়াসকলৰ সাক্ষ্য পুনৰবাৰ আদালতত লোৱা হ’ব নে নাই তাক লৈ উৎকণ্ঠা অব্যাহত থকাৰ সময়তে চৰকাৰী লোক অধিবক্তা কামাৰে লগতে কয় যে প্রবাসী অসমীয়াসকলক জেৰাৰ বাবে মতাটো নিশ্চিত। আমাৰ তৰফৰ পৰা তেওঁলোকক আদালতত সাক্ষ্য প্ৰদানৰ বাবে মাতিবলৈ আমি আদালতক অনুৰোধ জনাম।  তেওঁলোকে পূৰ্বে আৰক্ষীক সাক্ষ্য দিয়াৰ বাবে এতিয়া আদালতত মূল বিচাৰ প্ৰক্ৰিয়াত পুনৰ সাক্ষ্যদান কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰে লোক অধিবক্তা জিয়াউল কামাৰে। জ্যেষ্ঠ অধিবক্তাজনে প্রকাশ কৰে যে সাক্ষ্যৰ বাবে চমন জাৰি কৰাৰ পাছত তেওঁলোকে অসমলৈ আহি সাক্ষ্যদান নকৰিলে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ সম্ভাৱনাও আছে। অৱশ্যে বিশেষ কাৰণত আদালতে তেওঁলোকে ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগেদিও আদালতত নিজৰ সাক্ষ্য প্ৰদানৰ অনুমতি বিচাৰেও তথাপি আমি তেওঁলোকক সোঁশৰীৰে আদালতত উপস্থিত থকাৰ কামনা কৰিছোঁ। মন কৰিবলগীয়া যে ২০২৫ বৰ্ষৰ অভিশপ্ত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ মহাসমুদ্রত আয়োজিত য়ট পাৰ্টীৰ অন্যতম উদ্যোক্তা আছিল ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ, তন্ময় ফুকনকে ধৰি কেইবাগৰাকীও অসমীয়া লোক। সেইদিনাখনে সমগ্র অসমবাসীক কন্দুৱাই চিৰদিনৰ বাবে মেলানি মাগিছিল অসমীয়াৰ আপোন শিল্পী জুবিন গার্গে। শেহতীয়াকৈ শিল্পীগৰাকীৰ মৃত্যুৰ পিছত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে কেইবাগৰাকীও প্রবাসী অসমীয়াক গুৱাহাটীলৈ মাতি জেৰা চলাইছিল। এই সন্দর্ভত এছআইটিয়ে ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে। আনহাতে আদালতত সাক্ষ্য প্ৰদানৰ অন্তত যোৰহাটৰ অধিবক্তা ৰাহুল গোস্বামীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবেই আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্রক্রিয়াই এক গতি লাভ কৰিবলৈ সক্ষম হৈছে। জুবিন গার্গে ন্যায় পাবই। জয় জুবিনদা ধ্বনিৰে অধিবক্তা ৰাহুল গোস্বামীয়ে আদালতত প্রতিপক্ষৰ অধিবক্তাই শিল্পীগৰাকীৰ সন্দৰ্ভত দিয়া বিভিন্ন মন্তব্য সন্দর্ভতো প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গ কোন তেওঁলোকে চিনিয়েই নাপায়। অথচ জুবিন গাৰ্গৰ ওপৰত তেওঁলোকে কথা ক’ব আহিছে। সেয়া দেখিয়েই মোৰ হাঁহি উঠিছে। জুবিনদা আমাৰ আৱেগ। আমি সকলোৱে তেওঁৰ বিষয়ে ভালদৰে প্ৰতিটো কথা জানো। এগৰাকী অসুস্থ মানুহক জোৰ-জবৰদস্তিকৈ ছিংগাপুৰলৈ কি কাৰণত নিয়া হৈছিল, সেই সন্দর্ভত ওলোটাকৈ প্রশ্ন কৰিছোঁ। মোৰ ফালৰ পৰা সকলোখিনি কথা অৱগত কৰিছোঁ। আনহাতে, আনগৰাকী সাক্ষী ড° দীপাংকৰ ঠাকুৰীয়াই কয় যে বিচাৰ প্ৰক্ৰিয়াক লৈ আমি যথেষ্ট আশাবাদী। সেইবাবেই আগবাঢ়ি আহিছোঁ। দৰাচলতে প্রতিজন অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি এয়া দায়িত্ব। সেই দায়বদ্ধতাক স্মৰণ কৰিয়েই আজি মোৰ ক’বলগীয়াখিনি আদালতক অৱগত কৰিছোঁ।