১ জুলাইৰ পৰা ৭০ শতাংশ বৃদ্ধি পাব বাছ ভাৰা

Pc India Today NE

১ জুলাইৰ পৰা ৭০ শতাংশ বৃদ্ধি পাব বাছ ভাৰা

ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম মটৰ পৰিবহণ সন্থাই অহা ১ জুলাইৰ পৰা বাছ ভাৰা ৭০ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে। সন্থাৰ অন্তৰ্গত নামনি অসমৰ সকলো জিলা বাছ সন্থাই অহা ১ জুলাইৰ পৰা বৰ্ধিত ৰূপত বাছ ভাৰা লোৱাৰ বাবে সর্বসন্মতিক্রমে সিদ্ধান্ত গ্রহণ কৰিছে। নামনি অসমৰ সকলো জিলা বাছ সন্থাই এক গোহাৰিযোগে ১ জুলাইৰ পৰা বর্ধিত বাছ ভাৰা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি সদৰী কৰিছে। গোহাৰিখনত তেওঁলোকে সদৰী কৰে- বৰ্তমান ইন্ধনৰ দাম বৃদ্ধিৰ লগতে গাড়ীৰ যাৱতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে অনিচ্ছা সত্ত্বেও আমি সদৌ অসম মটৰ পৰিবহণ সন্থাই চৰকাৰক আহ্বান জনোৱা ৭০ শতাংশ বাছ ভাৰা বৃদ্ধিৰ সংক্রান্তত আমি নামনি অসমৰ সকলো বাছ সন্থাই একলগ হৈ এখন সভা অনুষ্ঠিত কৰি সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সিদ্ধান্তত একমত হৈ অহা ১ জুলাইৰ পৰা বৰ্ধিত বাছ ভাৰা লোৱাৰ বাবে সর্বসম্মতিক্রমে সিদ্ধান্ত গ্ৰহণ কৰোঁ। সভাত ইয়াৰ লগতে যাত্ৰীসকলৰ উঠা-নমাৰ ক্ষেত্ৰত ন্যূনতম ভাৰা ২০ টকা লোৱাৰ সিদ্ধান্ত লোৱা হয়। উল্লেখ্য যে যোৱা ২ জুনত সদৌ অসম মটৰ পৰিবহণ সন্থাই ৰাজ্যত বাছ ভাৰা ৭০ শতাংশ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ বাবে অসম চৰকাৰৰ পৰিবহণ আয়ুক্তৰ ওচৰত এখন পত্র দাখিল কৰিছিল। সেই পত্ৰ অনুসৰি সন্থাই উল্লেখ কৰে যে ২০১৯ চনৰ ২০ নৱেম্বৰত পৰিবহণ বিভাগে পূর্বনির্ধাৰিত ভাৰাৰ ওপৰত ২৫ শতাংশ বৃদ্ধিৰে ব্যৱসায়িক বাহনৰ ভাৰা বৃদ্ধি কৰিছিল। সেই সময়ত প্রতিলিটাৰ ডিজেলৰ মূল্য আছিল ৬৬ টকা। ২০১৯ চনৰ পিছত ঘটা দ্রব্য মূল্যৰ সূচাংক বৃদ্ধিৰ লগত সন্থাৰ স্বত্বাধিকাৰী তথা অন্যান্য কৰ্মচাৰীসকলে কোনোৰকমে ব্যৱসায় চলাই নিবলৈ অপাৰগ আছিল যদিও পৰিবহণৰ ভাৰা বৃদ্ধি হোৱা নাছিল। এনে পৰিস্থিতিত জীৱন-জীৱিকা চলাই নিবলৈ অসমৰ্থ হোৱা সন্থাৰ নেতৃবৰ্গই পত্ৰযোগে ২০১৯ চনৰ ভাৰাৰ ওপৰত অতি কমেও ৭০ শতাংশ ভাৰা বৃদ্ধি কৰিবলৈ দাবী জনাই ইয়াৰ ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিবলৈ পৰিবহণ আয়ুক্তক অনুৰোধ জনাইছিল।