ডিব্ৰুগড়ৰ মানকটাত ব্যতিক্ৰমী প্ৰয়াস: প্ৰয়াত শাহুৱেকৰ নামত বোৱাৰীৰ পুথিভঁৰাল মুকলি
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- কিতাপ হৈছে মানুহৰ আটাইতকৈ প্ৰিয় বন্ধু”-ঘৰ এখনত যদি কিতাপৰ পৰিৱেশ থাকে, তেন্তে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ লগতে শিশুসকলৰ মাজতো স্বাভাৱিকতে কিতাপ পঢ়াৰ প্ৰতি ধাউতি বাঢ়ে। এই উদ্দেশ্য আগত ৰাখিয়েই ডিব্ৰুগড়ৰ মানকটা কছাৰীবাৰী গাঁৱত দেখিবলৈ পোৱা গ’ল এক অনন্য ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ। মানসিক প্ৰশান্তি লাভৰ উদ্দেশ্যে আৰু নতুন প্ৰজন্মক কিতাপৰ প্ৰতি আকৰ্ষিত কৰিবলৈ মানকটা কছাৰীবাৰী গাঁৱৰ প্ৰয়াত দিগন্ত সোনোৱালৰ বাসগৃহত এক মাংগলিক কাৰ্যসূচীৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় এটি ঘৰুৱা পুথিভঁৰাল। প্ৰয়াত দিগন্ত সোনোৱালৰ পত্নী, বিশিষ্ট সাহিত্যানুৰাগী তথা কবি দীপৰেখা সোনোৱালে নিজৰ শাহু মাতৃ প্ৰয়াত ভদ্ৰাৱতী সোনোৱালৰ নামত এই পুথিভঁৰালটি স্থাপন কৰি এক অনন্য আদৰ্শ দাঙি ধৰি পছন্দৰ কিতাপ পঢ়াৰ সম্পূৰ্ণ স্বাধীনতা আগবঢ়াইছে । এই পুথি ভঁৰালটিৰ অন্যতম বৈশিষ্ট্য হ’ল ইয়াত পাঠকৰ বাবে পঢ়াৰ কোনো সময়ৰ সময়সীমা বা বান্ধোন নাথাকে। পঢ়ুৱৈসকলে নিজৰ সুবিধা আৰু পছন্দ অনুযায়ী কিতাপ পঢ়াৰ পূৰ্ণ স্বাধীনতা লাভ কৰিব। পুথিভঁৰালটিত ‘প্ৰথম প্ৰতিশ্ৰুতি’ৰ দৰে ক্লাছিক উপন্যাসৰ পৰা আৰম্ভ কৰি ৰহস্য- বিস্ময়, প্ৰান্তিক, দস্যু ভাস্কৰ চিৰিজ আৰু বিভিন্ন ধৰণৰ কিতাপ অতি সযত্নে সংৰক্ষণ কৰি ৰখা হৈছে। কেৱল কিতাপেই নহয়, পুথিভঁৰালটিৰ দেৱালত মহাপুৰুষ শংকৰদেৱ, ড° ভৱেন্দ্ৰ নাথ শইকীয়া, ড° ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গকে ধৰি অসমৰ বৰেণ্য ব্যক্তিসকলৰ আলোকচিত্ৰ অতি সুন্দৰ ৰূপত সজাই তোলা হৈছে। অনুষ্ঠানত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা এই বিশেষ পুথি ভঁৰালটি আনুষ্ঠানিকভাৱে মুকলি কৰে মহাবাহু অফ্ছেট্ প্ৰিন্টিং প্ৰেছৰ স্বত্বাধিকাৰী দীপক কুমাৰ বৰুৱাই। উন্মোচনী ভাষণত তেওঁ আশা প্ৰকাশ কৰে যে এই পুথিভঁৰালে অঞ্চলটোৰ বৌদ্ধিক, সামাজিক আৰু মানসিক বিকাশত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। লেখিকা ইনু বৰুৱাই আঁতধৰা অনুষ্ঠানত সমাজকৰ্মী দুলাল বৰা, মানকটা শতদল শাখা সাহিত্য সভাৰ সম্পাদিকা নৱনীতা শ্যাম উৰঙীয়া, অঞ্জুমনি কলিতা, নিতুমনি বৰুৱাকে প্ৰমূখ্য কৰি অঞ্চলটোৰ বহু কেইগৰাকী সাহিত্যানুৰাগী আৰু গণ্য-মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকি উদ্যোক্তাক শলাগ লোৱাৰ লগতে উৎসাহিত কৰে। বৰ্তমান সময়ত মোবাইল ফোনৰ সংস্কৃতিৰ মাজত হেৰাই যাব খোজা কিতাপ পঢ়াৰ অভ্যাসক মানসপটত সজীৱ কৰি ৰাখিবলৈ লোৱা এই ঘৰুৱা প্ৰয়াসে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
