গড়চুকত গৰুভৰ্তি বাহন জব্দ 

গড়চুকত গৰুভৰ্তি বাহন জব্দ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অবৈধভাৱে গো-ধন সৰবৰাহৰ ঘটনা অব্যাহত আছে। এইবাৰ গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে চলোৱা অভিযানত গৰুভৰ্তি এখন ট্রাক জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্রে জনোৱা মতে, বৰপেটাৰ পৰা মেঘালয়লৈ অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ গোপন তথ্যৰ ভিত্তিত গড়চুক আৰক্ষীয়ে অভিযান চলাই এএছ-১৫ এচি-৯২০২ নম্বৰৰ এখন ট্রাক জব্দ কৰে। তালাচীৰ সময়ত ট্রাকখনত ২৩টা গৰু কঢ়িয়াই নিয়াৰ তথ্য পোহৰলৈ আহে। উল্লেখ্য যে পূৰ্বৰ দৰে নিশাৰ আন্ধাৰৰ সুযোগ লোৱাৰ পৰিৱৰ্তে এইবাৰ দিনৰ ভাগতেই ৰাষ্ট্ৰীয় ঘাইপথেৰে গৰুসমূহ সৰবৰাহৰ চেষ্টা চলাইছিল। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা নাজিমউদ্দিন তালুকদাৰ আৰু গফুৰ আলীক গ্ৰেপ্তাৰ কৰে। বৰ্তমান দুয়োজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই অবৈধ সৰবৰাহ-চক্ৰৰ সৈতে আন কোনো ব্যক্তি বা বৃহত্তৰ নেটৱৰ্ক জড়িত আছে নেকি সেই দিশতো তদন্ত চলি আছে। উল্লেখ্য যে বিগত সপ্তাহতো গড়চুক আৰক্ষীয়ে দুখন গৰুভর্তি ট্রাক জব্দ কৰাৰ লগতে ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।