অকালতে স্তব্ধ হ’ল সুৰীয়া কণ্ঠ,দক্ষিণ কামৰূপৰ বিশিষ্ট শিল্পী, সাংস্কৃতিক কৰ্মী মণ্টু আলিৰ বিয়োগ

অকালতে স্তব্ধ হ’ল সুৰীয়া কণ্ঠ,দক্ষিণ কামৰূপৰ বিশিষ্ট শিল্পী, সাংস্কৃতিক কৰ্মী মণ্টু আলিৰ বিয়োগ, সমগ্ৰ অঞ্চলত শোকৰ ছাঁ

শৈলেন কুমাৰ,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ সাংস্কৃতিক জগতত এক গভীৰ শূন্যতা সৃষ্টি কৰি নিয়তিৰ ওচৰত হাৰ মানিলে অঞ্চলটোৰ জনপ্ৰিয় তথা বিশিষ্ট শিল্পী মণ্টু আলিয়ে। পলাশবাৰী সমষ্টিৰ সৰপাৰা গাঁৱৰ নিবাসী, বিশিষ্ট সাংস্কৃতিক কাণ্ডাৰী তথা সুদক্ষ গায়ক মণ্টু আলিৰ যোৱানিশা বৃহস্পতিবাৰে প্ৰায় ১২ বজাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ। বিগত কিছু দিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ তেখেত গুৱাহাটীৰ জি এন আৰ চি (GNRC) হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰু অৱশেষত চিকিৎসাধীন অৱস্থাতে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ অকাল মৃত্যুৰ খবৰে সমগ্ৰ দক্ষিণ কামৰূপতে এক গভীৰ শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।মণ্টু আলি অঞ্চলটোৰ শিল্প, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। তেখেতে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক সংগঠনৰ গুৰুত্বপূৰ্ণ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি থৈ গৈছে। তেখেত দক্ষিণ কামৰূপ নৱাৰুণ শিল্পী সমাজৰ দ্বাৰা প্ৰকাশিত ‘পোহৰ’ নামৰ আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে দক্ষিণ কামৰূপ আঞ্চলিক কবি সমাজৰ কাৰ্যকৰী কমিটিৰ সদস্য আছিল। তদুপৰি, সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী, কামৰূপৰ ২০২৪-২৫ বৰ্ষৰ সাংস্কৃতিক সম্পাদক হিচাপেও তেখেত ব্ৰতী আছিল।কেৱল সংস্কৃতিয়েই নহয়, সামাজিক ক্ষেত্ৰতো তেখেতৰ অৱদান আছিল অপৰিসীম। তেখেত সৰপাৰা ৰেডিয়েঞ্চ ক্লাৱৰ প্ৰাক্তন সভাপতি, সৰাপাৰা ৰাইজ গয়ৰহৰ প্ৰাক্তন সম্পাদক আছিল আৰু বৰ্তমানেও হালীগাঁও সৰপাৰা ঈদ গাহ সমিতিৰ সম্পাদক হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰি তেখেত সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এগৰাকী সক্ৰিয় সদস্য আছিল।তেখেতৰ বলিষ্ঠ নেতৃত্বতে অঞ্চলটোত ‘ঈদ মেহফিল’ আৰু ‘উপৰহালী ৰঙালী বিহু সন্মিলন’ প্ৰতিবছৰে সফলতাৰে আয়োজিত হৈ আহিছিল। এগৰাকী সুদক্ষ গায়ক হিচাপে নিজৰ সুৰীয়া কণ্ঠৰে তেখেতে ৰাইজক বহু জিকিৰ উপহাৰ দি শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা লোকগীত, আধুনিক গীত আৰু বিহু প্ৰতিযোগিতাসমূহৰ এগৰাকী নিৰপেক্ষ তথা দক্ষ বিচাৰক হিচাপেও তেখেতৰ যথেষ্ট সুখ্যাতি আছিল।মৃত্যুৰ সময়ত তেখেতে পত্নী, এটি কন্যা সন্তানসহ বহু আত্মীয় আৰু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। তেখেতৰ বিয়োগত দক্ষিণ কামৰূপৰ বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মাত্ৰ ৪৮ বছৰ বয়সতে সাৱটি লোৱা এই আকস্মিক মৃত্যু অসমীয়া সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।