সূর্য-চন্দ্র থকালৈকে অসমীয়া ভাষা জীয়াই থাকিবঃমুখ্যমন্ত্ৰী

সূর্য-চন্দ্র থকালৈকে অসমীয়া ভাষা জীয়াই থাকিবঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ‘চন্দ্ৰ-সূর্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব। চৰ-চাপৰিৰ মানুহে লোকপিয়লত মাতৃভাষা অসমীয়া বুলি লিখক বা নিলিখক, সামগ্রিকভাৱে তাৰ কোনো প্ৰভাৱ নপৰে।’ এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্রীগৰাকীয়ে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰি চৰ-চাপৰি সাহিত্য পৰিষদে লোকপিয়লত অসমীয়া ভাষা লিখাৰ প্ৰসংগ উত্থাপন কৰি কয় যে লিখক-নিলিখক মোৰ একো কথা নাই। চৰ-চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি। লোকপিয়লত তেওঁলোকে অসমীয়া লিখিলে লিখক, নিলিখেলে নাই। ইয়াৰ বাবে অসমীয়া ভাষা তথা অসমীয়া সংখ্যালঘু হৈ যাব বুলি কোনো কথা নাই। যেতিয়ালৈকে চন্দ্র-সূর্য থাকিব, তেতিয়ালৈকে অসমত অসমীয়া ভাষা থাকিব। একেদৰে বৰাকত বঙালী, বিটিচি এৰিয়াত বড়ো ভাষা প্রচলন হোৱাৰ দৰে অসমত ৰাভা, কার্বি, মিচিং ভাষা চলিব আৰু এখন বাগিচাৰ ফুলৰ দৰে সকলো ধৰণৰ ভাষা চলি থাকিব। লোকপিয়লত অসমীয়া ভাষা নিলিখিলে সংখ্যালঘু হ’ব বুলি শংকাৰ কোনো প্রয়োজন নাই। কোনোবাই অসমীয়া ভাষা নক’লেই, তাৰ পৰা আমাৰ ক্ষতি নহয়। আইনত নাই যে লোকপিয়লত নির্দিষ্ট শতাংশই অসমীয়া ভাষা নক’লে অসমীয়া ভাষা নোহোৱা হৈ যাব। এয়া হ’ল তুষ্টিকৰণৰ একো একোটা ৰাস্তা। মুখ্যমন্ত্রীয়ে কয়- নিশ্চয়কৈ মই ভাল পাম যে অসমীয়া ভাষা লিখক, ঘৰত অসমীয়া ভাষা কওক। যদি ঘৰত অসমীয়া ভাষা নকয়, তেন্তে লোকপিয়লত অসমীয়া ভাষা লিখি লাভ নাই। অসমীয়াক দুর্বল বুলি ভাবি এক নতুন ব্লেকমেইলিঙৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।’ আমি দুৰ্বল নহয়, আমাৰ লগত জনজাতীয় লোকসকল আছে, চাহ জনগোষ্ঠী আছে। অসমক যদি ভাল পায়, তেওঁলোকে লোকপিয়লত অসমীয়া ভাষা লিখিব। লোকপিয়লত অসমীয়া লিখি একাংশই বাংলাদেশী নহয় বুলি স্বীকৃতি ল’ব খুজিছে। সেয়া কেতিয়াও হ’ব নোৱাৰে। একাংশ বুদ্ধিজীৱীয়ে এইধৰণৰ কথা-বাৰ্তাবিলাক উত্থাপন কৰি আমাক ডাইভার্ট কৰিবলৈ চেষ্টা কৰে। চৰ-চাপৰিৰ ওপৰত অসমীয়া ভাষা জীয়াই নাথাকে। চৰ-চাপৰি পৰিষদে কি ভাষা লিখে, সেয়া আমাক জনাব নালাগে। চৰ-চাপৰি পৰিষদে অসমীয়া ভাষা লিখিলেও মই ধন্যবাদ নিদিওঁ। মূল কথা হ’ল অসমীয়াক কোনেও দুর্বল বুলি ভাবিব নালাগে। ভয়তে বহুতে লোকপিয়লত অসমীয়া লিখিব। আমি ভয় কৰোঁ বুলি ভাবিব নালাগে। অসমীয়াক ভয় কৰিয়েই তেওঁলোকে লোকপিয়লত অসমীয়া লিখিবই। বুদ্ধিজীৱীসকলে এইবিলাক কথা কৈ আমাৰ মাইণ্ড ডাইভার্ট কৰিব নোৱাৰে। আমাৰ ইছ্যু- লাভ জেহাদ। অসমীয়া ভাষা ক’ম বুলি ক’লেই নহ’ব। লগত লাভ জেহাদ বন্ধ হ’ব লাগিব, বাল্যবিবাহ বন্ধ হ’ব লাগিব, সন্তান দুটাতকৈ বেছি জন্ম হ’ব নোৱাৰিব। এই তালিকা বহুত দীঘলীয়া।