পাৰাগুৱেক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ অভিযান আৰম্ভ আমেৰিকাৰ

Pc The Statesman

পাৰাগুৱেক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ অভিযান আৰম্ভ আমেৰিকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ফিফা বিশ্বকাপৰ লছ এঞ্জেলছত অনুষ্ঠিত গ্রুপ ডিৰ মেচখনত আমেৰিকাই পাৰাগুৱেক পৰাস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰে। একপক্ষীয় মেচখনত আমেৰিকাই ৪-১ গ’লত জয়লাভ কৰি সম্পূৰ্ণ পইন্ট অৰ্জন কৰিছে। খেলৰ আৰম্ভণিৰ পৰাই ফ’লাৰিন বালোগুন আৰু ক্রিষ্টিয়ান পুলিচিচাৰাই বিপক্ষক চাপত ৰাখিবলৈ সক্ষম হৈছিল। নিজৰ মাজত অসংখ্য পাছ খেলি আক্রমণ ৰচিছিল। আমেৰিকাৰ হেঁচাৰ সন্মুখত পাৰাগুৱেই থিয় দিব নোৱাৰিলে। খেলখনৰ প্ৰথমার্ধত ৩-০ গ’লত অগ্রগতি লাভ কৰি ঘৰুৱা দল আমেৰিকাই মেচখন নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল। খেলখনৰ ৭ মিনিটত এক আত্মঘাতী গ’লৰ সন্মুখীন হৈ বিপদত পৰিছিল পাৰাগুৱে। আমেৰিকাৰ ষ্ট্ৰাইকাৰৰ হেঁচাত পাৰাগুৱেৰ ডেমিয়েন বোবাডিলাই বলটো নিজৰ গ’লবক্সলৈ ঠেলি দিয়ে। ইয়াৰ পিছতে আমেৰিকান ফুটবলাৰসকলৰ ইটোৰ পিছত সিটো আক্রমণত পাৰাগুৱেৰ ডিফেন্স দিশহাৰা হৈ পৰে। ইপিনে, ফ’লাৰিন বালোগুনে ৩১ আৰু প্ৰথমাৰ্ধৰ ইনজুৰি সময়ত পঞ্চম মিনিটত দুটাকৈ গ’ল স্ক’ৰ কৰি আমেৰিকাক ৩-০ গ’লত গুৰুত্বপূৰ্ণ অগ্রগতি প্ৰদান কৰে। দ্বিতীয়ার্ধত পাৰাগুৱেই গ’ল পৰিশোধ কৰিবলৈ চেষ্টা চলায় আৰু ৭৩ মিনিটত সফলতাৰ মুখ দেখে। মৌৰিচিঅ’ই ৭৩ মিনিটত গ’ল স্ক’ৰ কৰি ব্যৱধান ৩-১লৈ হ্রাস কৰে যদিও দ্বিতীয়াৰ্ধৰ ইনজুৰি সময়ৰ অষ্টম মিনিটত আমেৰিকাৰ হৈ জিঅ’ভানি ৰেইনাই গ’ল স্ক’ৰ কৰাত মেচখনত ঘৰুৱা দলটোৱে ৪-১ গ’লত জয়ৰ সোৱাদ লাভ কৰে।