আগষ্টৰ পৰা হিতাধিকাৰীয়ে নিয়মীয়াকৈ পাব অৰুণোদয়ৰ ধন

আগষ্টৰ পৰা হিতাধিকাৰীয়ে নিয়মীয়াকৈ পাব অৰুণোদয়ৰ ধন

ৰঙিলী বাৰ্ত্তাসেৱা- শনিবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক। এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট অধিবেশন সন্দৰ্ভত শনিবাৰৰ কেবিনেটত গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।  বাজেটৰ অভাৱত বন্ধ হৈ থকা অসমৰ জনকল্যাণ আঁচনিসমূহ ১ আগষ্টৰ পৰা নিয়মীয়াকৈ লাভ কৰিব হিতাধিকাৰীয়ে।মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মাধ্যমৰ আগত কয়- ৬ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগা বাজেট অধিৱেশনৰ পাছত অহা ১ আগষ্টৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ আৰম্ভ হ’ব। আনহাতে ১ আগষ্টৰ পৰা নিয়মীয়াকৈ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন।কেৱল মাজে মাজে পৰীক্ষণ চলি থাকিব। অৰুণোদয় আঁচনি লাভ কৰি থকা মহিলাসকলে নতুনকৈ একো কৰিবলগীয়া নাই। আগষ্টৰ পৰা পূৰ্বৰ একাউণ্টতে নিয়মীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন।