যোৱা ১০ বছৰত কেন্দ্ৰই অসমক দিছে ৫.৫০ লাখ কোটি দিছেঃ মুখ্যমন্ত্রী ড° শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- শনিবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় মিডিয়া কনক্লেভৰ ৷ কেন্দ্ৰত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে ১২ টা বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে আয়োজন কৰা মিডিয়া কনক্লেভত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । মিডিয়া কনক্লেভত মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া যাত্ৰাৰ সন্দৰ্ভত আলোকপাত কৰে । সংবাদ গোষ্ঠীৰ সম্পাদকসকলৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্রী ড° শর্মাই ৰাজ্যখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা বিত্তীয় সহযোগিতাৰ কথা উল্লেখ কৰি কয়- কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সমর্থনৰ বাবেই অসমৰ জিডিপি নাটকীয়ভাবে বৃদ্ধি হৈছে। ২০১৫-১৬ত অসমৰ জিডিপি আছিল ২.২৭ লাখ কোটি টকা। ৰাজ্যৰ মুঠ জনমূৰি উৎপাদন চলিত বিত্তীয় বর্ষত হ’বগৈ ৮ লাখ ৭০ হাজাৰ কোটি টকা। যোৱা ১০ বছৰত অসমত জনমূৰি আয় বৃদ্ধি হৈছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত অসমৰ দৰিদ্ৰতাৰ হাৰ আছিল ৩৭ শতাংশ। অৰ্থাৎ ১০০জনৰ ৩৭জন লোকেই দাৰিদ্র্য সীমাৰেখাৰ তলত আছিল। যোৱা ২০২২-২৩ বিত্তীয় বর্ষত অসমৰ দৰিদ্ৰতাৰ হাৰ ১৪.৪৭ শতাংশলৈ হ্রাস পালে। মুখ্যমন্ত্রীয়ে কয়, বিগত ১২ বছৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমলৈ ৩৬ বাৰ আহিছে । পূৰ্বে কোনো প্ৰধানমন্ত্ৰী অসমলৈ ইমানবাৰ অসমলৈ অহা নাছিল । অসমৰ গামোচা বিশ্ববাসীক চিনাকি কৰি দিলে প্ৰধানমন্ত্রীয়ে । এতিয়া প্ৰধানমন্ত্রীয়ে আৰনাইখন লোৱা আমি দেখা পাঁও । সংবাদ গোষ্ঠীৰ সম্পাদকসকলৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্রী ড° শর্মাই ৰাজ্যখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা বিত্তীয় সহযোগিতাৰ কথা উল্লেখ কৰি কয়- কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সমর্থনৰ বাবেই অসমৰ জিডিপি নাটকীয়ভাবে বৃদ্ধি হৈছে। ২০১৫-১৬ত অসমৰ জিডিপি আছিল ২.২৭ লাখ কোটি টকা। ৰাজ্যৰ মুঠ জনমূৰি উৎপাদন চলিত বিত্তীয় বর্ষত হ’বগৈ ৮ লাখ ৭০ হাজাৰ কোটি টকা। যোৱা ১০ বছৰত অসমত জনমূৰি আয় বৃদ্ধি হৈছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত অসমৰ দৰিদ্ৰতাৰ হাৰ আছিল ৩৭ শতাংশ। অৰ্থাৎ ১০০জনৰ ৩৭জন লোকেই দাৰিদ্র্য সীমাৰেখাৰ তলত আছিল। যোৱা ২০২২-২৩ বিত্তীয় বর্ষত অসমৰ দৰিদ্ৰতাৰ হাৰ ১৪.৪৭ শতাংশলৈ হ্রাস পালে। অসমত ৮০ লাখ মানুহ দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে । পৰিয়াল হিচাপে ১০ লাখ পৰিয়াল দৰিদ্ৰতা সীমাৰেখাৰ পৰা মুক্ত হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্কে মুখ্যমন্ত্রীয়ে কয়, অসমৰ বিহু, বাগুৰুম্বা, ঝুমুৰক আন্তঃৰাষ্ট্ৰীয় পর্যায়লৈ যোৱাত প্ৰধানমন্ত্ৰীয়ে সহায় কৰিছে । কেন্দ্ৰীয় সাহাৰ্য হিচাপে ২০১৬-২৬চনৰ ভিতৰত কেন্দ্ৰই অসমক ৫ লাখ ৫০ হাজাৰ কোটি টকা দিছে । মই যেতিয়া প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিলো তেতিয়া প্ৰতি লাখত ৪৮০ গৰাকী প্ৰসূতিৰ মৃত্যু হৈছিল আৰু আজিৰ তাৰিখত এই সংখ্যা ৮৪ লৈ হ্ৰাস পাইছে । অসম এতিয়া দ্ৰুতগতিত বিকাশৰ পথত আগবাঢ়িছে । উন্নয়নমূলক পদক্ষেপৰ সন্দৰ্ভত তেওঁ কয়,শিলিগুৰিৰ পৰা শিলচৰলৈ নিৰ্মাণ হ’ব কৰিড’ৰ । গুৱাহাটী, তিনিচুকীয়াৰ মাজত হ’ব এক্সপ্ৰেছ কৰিড’ৰ । শিলিগুৰি-শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম কৰি থকা হৈছে । বাইহাটা চালিআলিৰ পৰা মিছন চাৰিআলিলৈ হ’ব ফ’ৰলেনযুক্ত পথ । শীঘ্ৰেই আৰম্ভ হ’ব চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম । শিলচৰ-শ্ৰীৰামপুৰৰ দূৰত্ব ৭ ঘন্টালৈ হ্ৰাস পাব । অসমত জাগীৰোডৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ ভূটানলৈ যাব পৰা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ’ব । ইফালে এই বার্তালাপতে শেহতীয়াকৈ বিজেপিয়ে পশ্চিমবংগত চৰকাৰ গঠনৰ প্ৰসংগত আজি মুখ্যমন্ত্রী ড° শর্মাই কয়- অসম চুক্তিৰ সময়ত দাবী হ’ব লাগিছিল যে ৫খন ৰাজ্যতে কাঁটাতাঁৰৰ বেৰ হ’ব লাগে। শিলিগুৰি খোলা থাকিলে মানকাচৰত বেৰ দিলে একো লাভ নহ’ব। ভাৰত-বাংলাদেশৰ সীমা চুই গৈছে ৫খন ৰাজ্যই। ১৯৮৫ চনৰ অসম চুক্তি অনুসৰি অসমত কাঁটাতাঁৰৰ বেৰ হ’ল যদিও পশ্চিমবংগত সীমান্ত খোলা থাকিল। দৰাচলতে ‘৮৫ৰ চুক্তিখন আহি আহি ২০২৬তহে কাম আৰম্ভ হৈছে। সীমান্ত পৰিসীমাৰ ওপৰত ভাৰতে বহু ডাঙৰ এটা কাম কৰিবলৈ গৈ আছে। আমাৰ দাবী হ’ব লাগিছিল ৫খন ৰাজ্যত কাঁটাতাঁৰ সংযোগ কৰা। অসম চুক্তিৰ পাছতো ত্ৰিপুৰা আৰু মেঘালয়ত বেৰ নাছিল। অসমত কাঁটাতাঁৰৰ বেৰ নিৰ্মাণ হ’ল যদিও পশ্চিমবংগত ৮০০ কিলোমিটাৰ সীমান্তত বেৰ নিৰ্মাণ নহ’ল। ‘৮৫ৰ পিছত এতিয়াহে সীমান্তত কাঁটাতাঁৰৰ বেৰৰ কাম আৰম্ভ হৈছে। মেঘালয়ত ৭০ শতাংশ কাম চলি আছে আৰু ত্ৰিপুৰাত কাঁটতাঁৰৰ বেৰৰ কাম ৬০ শতাংশ কাম সম্পন্ন হৈছে। মিজোৰাম আৰু পশ্চিমবংগতো কাঁটাতাঁৰৰ বেৰৰ কাম আৰম্ভ হৈছে।
