১৮ বছৰৰ ঊর্ধ্বৰ লোকে নাপাব আধাৰ কাৰ্ড

কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত,

১৮ বছৰৰ ঊর্ধ্বৰ লোকে নাপাব আধাৰ কাৰ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শনিবাৰে অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই সিদ্ধান্ত অনুসৰি অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড প্রদান কৰা নহয়। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে। কেবিনেটে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত নতুন নিয়মত অনুমোদন জনায়। সেইমৰ্মে ৰাজ্যত এতিয়াৰে পৰা ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিৰ বাবে নতুন আধাৰ কাৰ্ড প্ৰদান সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত ইতিমধ্যে ১৮ বছৰৰ ঊর্ধ্বৰ জনসংখ্যাৰ প্ৰায় ১০০ শতাংশই আধাৰ কাৰ্ড লাভ কৰিছে। অৱশ্যে ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ কাৰণে এই নিয়ম প্রযোজ্য নহ’ব। যদি ১৮ বছৰৰ ওপৰৰ কোনো ব্যক্তিৰ বাবে ব্যতিক্রমী পৰিস্থিতিত আধাৰৰ প্ৰয়োজন হয়, তেন্তে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ পৰা বিশেষ অনুমতি ল’ব লাগিব। অৱশ্যে চাহ জনজাতি আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে ছমাহৰ এক বিশেষ ৰেহাই দি ২০২৭ চনৰ মাৰ্চ মাহলৈকে আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াটো বাহাল ৰখা হ’ব। কিন্তু ১ এপ্রিল ২০২৭ৰ পৰা তেওঁলোকৰ ক্ষেত্ৰতো ১৮২ বছৰৰ ওপৰৰ হ’লে এই সুবিধা বন্ধ হ’ব। কেবিনেটৰ সিদ্ধান্তমর্মে ভিবি জি-ৰাম জী আইনখন ১ জুলাইৰ পৰা বলৱৎ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে গ্রাম্য নিয়োগ নিশ্চিত কৰাৰ উপৰি গাঁৱৰ বিভিন্ন সম্পদ যেনে- স্কুলৰ চৌহদৰ দেৱাল, শ্মশান আৰু ৰাস্তা আদি নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব। এই আঁচনিৰ অধীনত পূৰ্বৰ ৯০ দিনৰ বিপৰীতে এতিয়া ১২৫ দিনৰ বাবে গাঁৱৰ ৰাইজক নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ’ব আৰু ইয়াৰ বাবে চলিত বৰ্ষত ৰাজ্যত ২,০০০ কোটি টকা ব্যয় কৰা হ’ব। যাৰ ফলত প্ৰতিখন পঞ্চায়তে গড়ে প্রায় ১ কোটি টকাকৈ লাভ কৰিব। কেবিনেটে গুৱাহাটী মহানগৰৰ উন্নয়নৰ বাবে বিমানবন্দৰৰ সমীপৱৰ্তী অঞ্চলত নতুন ছেটেলাইট চিটী নিৰ্মাণ কৰাৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটী ডেভেলপমেন্ট অথ’ৰিটা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই প্ৰাধিকৰণখন জিএমডিএৰ এলেকাৰ ভিতৰত আবদ্ধ থাকিব। কেবিনেট বৈঠকত আইএএছ বিষয়াসকলৰ ডেপুটেচনৰ ক্ষেত্ৰত গ্ৰহণ কৰে এক বিশেষ সিদ্ধান্ত। সেই অনুসৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলে নির্দিষ্ট সময় সম্পূৰ্ণ হোৱাৰ আগতে প্রি-মেচিউৰ ডেপুটেচনৰ বাবে আবেদন কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ একক অনুমোদন সলনি কৰি এতিয়াৰে পৰা কেইবাটাও চৰ্তসাপেক্ষে ৰাজ্যিক কেবিনেটেহে এই আবেদনসমূহ মঞ্জুৰ কৰিব পাৰিব। জাপানৰ প্ৰধানমন্ত্রী সম্ভাৱনীয় অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, “১, ২ আৰু ৩ জুলাইত গুৱাহাটীত এগৰাকী বিশেষ অতিথিৰ আগমণৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰো অসম ভ্ৰমণৰ সম্ভাৱনা আছে। সেই বিষয়টো লৈ মহানগৰখনক কিদৰে সাজু কৰা হ’ব তাকলৈ কেবিনেটত আলোচনা কৰা হয় । কিন্তু ভ্ৰমণটো এতিয়ালৈকে এশ শতাংশ নিশ্চিত নহয় বাবে সবিশেষ এতিয়াই জনাব বিচৰা নাই । তথাপি প্ৰস্তুতি আজিৰে পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰিব । আমি গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা বিচাৰিম ।কেবিনেটে অহা ৬ জুলাইৰ পৰা আহ্বান কৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বিষয়েও আলোচনা কৰে। এই অধিৱেশন ২১ দিনতকৈও অধিক সময় চলিব আৰু ইয়াতে বিত্তমন্ত্ৰীয়ে ২০২৬-২৭ চনৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব। বাজেট গৃহীত হোৱাৰ পাছতে অহা আগষ্ট মাহৰ পৰা চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহ ৰাইজৰ বাবে পুনৰ আৰম্ভ কৰা হ’ব।