যোৰহাটৰ ৰৰৈয়াত ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাত ৫ জনৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটৰ ৰৰৈয়াস্থিত ভাৰতীয় বায়ুসেনাৰ ঘাটিত সংঘটিত হয় এক মর্মান্তিক বিমান দুর্ঘটনা। ভাৰতীয় বায়ুসেনাৰ এএন-৩২ পৰিবহণ বিমানখন অৱতৰণ কৰাৰ সময়তে শনিবাৰে পুৱা দুৰ্ঘটনাত পতিত হয়। দুর্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে এএন-৩২ বিমানখন এয়াৰষ্ট্ৰীপৰ পৰা বাহিৰত ছিটিকি গৈ দুটুকুৰা হৈ পৰে। লগে লগে প্রচণ্ড বিস্ফোৰণ। জুই-ধোঁৱাৰ কুণ্ডলীয়ে আৱৰি ধৰে চৌদিশ। এই দুর্ঘটনাত বায়ুসেনাৰ ৫ বিষয়া-জোৱানে প্রাণ হেৰুওৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে আন এজন।

ভয়ংকৰ দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আঁকোৱালি লোৱাসকল হ’ল-স্কোৱাড্ৰ’ন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেন্ট শুভম কুমাৰ, ছার্জেন্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু ক্ষেমাৰাম কুমাৱট আৰু অগ্নিবীৰ বায়ু ডেনিছ আলম। তদুপৰি বিমানখনৰ সহকাৰী পাইলট ফ্লাইট লেফটেনেন্ট মঞ্জু ছাইনী গুৰুতৰভাৱে আহত হয়। সম্প্রতি তেওঁ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। কি কাৰণত বিমানখন দুর্ঘটনাত পতিত হ’ল সেই বিষয়ে বৰ্তমান পর্যন্ত বায়ুসেনাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো তথ্য প্রকাশ কৰা নাই। ঘটনাৰ বিৱৰণী অনুসৰি এএন-৩২ এয়াৰ ক্রাফ্টখনে অৰুণাচল প্ৰদেশৰ মেচিক’ৰ পৰা সামগ্ৰী কঢ়িয়াই সফলতাৰে উৰণ সমাপন কৰি ৰৰৈয়াৰ বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰিব বিচাৰিছিল। তেতিয়া সময় হৈছিল পুৱা প্রায় ১০ বজা। কিন্তু অৱতৰণ প্ৰক্ৰিয়া সফল নহ’ল। বৰং এক ভয়ংকৰ দুৰ্ঘটনাহে সংঘটিত হয়। দুর্ঘটনাটোৰ পিছতে বায়ুসেনাৰ বিমানঘাটিৰ লগতে পার্শ্ববর্তী অঞ্চলৰ আকাশ জুই-ধোঁৱাৰ কুণ্ডলীয়ে ছানি ধৰাৰ লগতে প্ৰচণ্ড বিস্ফোৰণে চৌদিশে আতংক-হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ইতিমধ্যে বায়ুসেনাৰ তৰফৰ পৰা দুৰ্ঘটনাটোৰ লগতে উক্ত ৫ বিষয়া-জোৱান নিহত হোৱাৰ কথা সামাজিক মাধ্যমযোগে নিশ্চিত কৰা হৈছে। সামাজিক মাধ্যমযোগে এই সন্দর্ভত ভাৰতীয় বায়ুসেনাই দাঙি ধৰা তথ্য এনেধৰণৰ- অসমৰ যোৰহাট বিমানঘাটিত এখন এ এন-৩২ পৰিবহণ বিমান দুর্ঘটনাৰ কবলত পৰিছে। বিস্তাৰিত তথ্যৰ বাবে অপেক্ষা কৰা হৈছে। শনিবাৰে পুৱা প্ৰায় ১০ বজাত বিমানখন দুর্ঘটনাগ্রস্ত হয়। তদুপৰি বায়ুসেনাই এই দুর্ঘটনাটো সন্দর্ভত ঘোষণা কৰিছে ক’ৰ্ট অৱ এনকুৱেৰী অর্থাৎ আভ্যন্তৰীণ তদন্ত। দুৰ্ঘটনাৰ খবৰ পোৱা মাত্রকে ইমার্জেঞ্চী ৰেচপন্স টীম-অগ্নিনির্বাপক বাহিনীসহ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায়। ইয়াৰ সমান্তৰালভাৱে বিমানখনৰ ব্লেক বক্সৰো সন্ধান চলোৱা হয়। বায়ুসেনাৰ তৰফৰ পৰা বিমানখনৰ কোনো যান্ত্রিক বিজুতি আছিল নেকি সেয়া প্রাথমিকভাৱে পৰীক্ষা কৰা হৈছে। উল্লেখ্য যে ভাৰতীয় বায়ুসেনাই এই বিষয়াসকলৰ মৃত্যুত শোক প্ৰকাশ কৰা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷ এই ঘটনা সন্দৰ্ভত বায়ুসেনাই ইতিমধ্যে এক উচ্চস্তৰীয় তদন্তৰ ঘোষণা কৰিছে ৷ আইএএফে সামাজিক মাধ্য়ম এক্সত কয়, আজি যোৰহাটত অৱতৰণ কৰাৰ সময়ত আইএএফ এন-৩২ বিমান এখন দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ এখন তদন্ত আদালত গঠন কৰা হৈছে । এই ঘটনাৰ পিছতে মন্ত্ৰী ৰাজনাথ সিং-মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাসহ বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এক শোকবার্তাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয় যে অসমৰ যোৰহাটত এএন-৩২ৰ দুৰ্ঘটনাত ৫জন বায়ুসেনা-কৰ্মীৰ মৃত্যুত মই গভীৰভাৱে মৰ্মাহত। তেওঁলোকে কৰ্তব্য পালনৰ সময়তে সর্বোচ্চ আত্মত্যাগ কৰিলে। তেওঁলোকৰ সাহস আৰু দেশৰ প্ৰতি কৰা সেৱাৰ কথা সদায়ে গৰ্ব আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা হ’ব। শোকসন্তপ্ত পৰিয়ালসকললৈ মই মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। শোকৰ এই মুহূৰ্তত দেশ তেওঁলোকৰ কাষত থিয় হৈ আছে। ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো সামাজিক মাধ্যমযোগে কয় যে ভাৰতীয় বায়ুসেনাৰ এএন-৩২ বিমানখন যোৰহাটত দুৰ্ঘটনাত পতিত হোৱাৰ খবৰে অতি ব্যথিত কৰি তুলিছে। বিমানখনত থকা দেশৰ ৫জন সাহসী বায়ুসেনা জোৱানৰ অকাল বিয়োগৰ খবৰটোৱে গভীৰভাৱে মৰ্মাহত কৰি তুলিলে। মাতৃভূমিৰ সেৱাত আত্মনিয়োগ কৰি স্কোৱাড্ৰ’ন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেন্ট শুভম কুমাৰ, ছার্জেন্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু ক্ষেমাৰাম কুমাৱৰ্ট আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে দেশৰ বাবে যি সর্বোচ্চ ত্যাগ আগবঢ়াই গ’ল সেয়া ভাৰতবৰ্ষই চিৰদিন মনত ৰাখিব। এই অপূৰণীয় ক্ষতিৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। অসমবাসীৰ হৈ এই বীৰ সন্তানসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। গভীৰ শোকৰ সময়ত অসম চৰকাৰ আৰু অসমবাসী প্ৰতিজন বীৰ জোৱানৰ পৰিয়ালৰ কাষত আছে, সদায় থাকিব। তেওঁলোকৰ ত্যাগ আৰু দেশপ্রেম চিৰদিন অম্লান হৈ থাকিব।
