ডিব্ৰুগড়ত সাংবাদিকৰ ছয় জনগোষ্ঠীৰ জনজাতিৰণৰ প্ৰশ্ন শুনি পলায়ন কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ’ল বিজেপিৰ প্ৰবুদ্ধ নাগৰিক সন্মিলন। পৌৰনিগমৰ সভাকক্ষত অনুষ্ঠিত হোৱা বিজেপিৰ প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত হয় কেন্দ্ৰীয় জনজাতিয় পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী জুৱেল ওৰাম। ডিব্ৰুগড়ত আহি জুৱেল উৰামৰ ভাষণত শুনিবলৈ পোৱা গ’ল বিজেপি চৰকাৰৰ জয় গান আৰু ডিব্ৰুগড়ত আহি কিহেৰে ভালকৈ খালে তাৰ ভাষণ। দিনটোত চাৰিবাৰকৈ উদৰ পূৰাই খালে অসমীয়া খাদ্য। ভাষণত কেৱল অসমীয়া খাদ্যৰ কথা। কিন্তু মন্ত্ৰী গৰাকীৰ মুখত এবাৰো নোলাল অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা। শেষত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগকলৈ সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰ নিদি পলায়নহে কৰে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে। ইফালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এই পলায়নবাদী কাৰ্যকলৈ জাঙুৰ খাই উঠিছে ছয় জনগোষ্ঠীৰ প্ৰতিনিধি সকল।টাইপাৰ কেন্দ্ৰীয় সভাপতি ৰাণা ৰঞ্জন গগৈয়ে কয় যে, অসমবাসীৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ উত্তৰ দিব নোৱাৰাৰ কাৰণ হৈছে, ভাৰতত জনজাতিকৰণ বিচাৰি থকা জনগোষ্ঠী সমূহৰ ভিতৰত আমাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আছে ১০ নম্বৰত। ভাৰতৰ অন্যান্য জনগোষ্ঠী সমূহক জনজাতিকৰণ নকৰাকৈ কেনেকৈ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব। সেইকাৰণে চৰকাৰে এই জনজাতিকৰণৰ প্ৰসংগকলৈ ৰাজনৈতিক পাশাখেল খেলি আছে। ই ৰাজনৈতিক নিৰ্বাচনী ইছ্যু হিচাপে লৈছে চৰকাৰে। ই ফুটুকাৰ ফেনত পৰিণত হৈছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। ছয় জনগোষ্ঠীৰ লোক সকলে সাংস্কৃতিক, সামাজিক ভাৱে আজিলৈকে কোনো সুবিধা পোৱা নাই। সেইবাবে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাত কোনো ধৰণৰ সদিচ্ছা নাই। মটক জনগোষ্ঠীৰ প্ৰতিনিধি বিতোপন দুৱৰাই কয়, তেওঁলোকৰ মিথ্যাচাৰ মটক জনগোষ্ঠীৰ ৰাইজে আৰু সহ্য নকৰে। বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে পলায়ন কৰাতো অতিকৈ নিন্দনীয়। অতিথিৰ দৰে আহি ভালকৈ আপ্যায়নৰ কথাকৈ খানা খোৱাৰ কথা কৈ থৈ যাব, ছয় জনগোষ্ঠীৰ লোক সকলক প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰাতো আমি সহ্য নকৰোঁ। আমি আকৌ অসমত জংগি আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হম বুলি জনগোষ্ঠীয় সংগঠনৰ নেতা বিতোপন দুৱৰাই ক্ষোভ প্ৰকাশ কৰে।
