ডিব্ৰুগড়ত বিজেপিৰ ‘প্ৰবুদ্ধ নাগৰিক সন্মিলন’-প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকালকলৈ আলোচনা: অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জুৱেল ওৰাম
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰে সফলতাৰে সুশাসন আৰু সমৃদ্ধিৰ ১২টা বছৰ সম্পূৰ্ণ কৰিলে। বিগত এই সুদীর্ঘ কাৰ্যকালত চৰকাৰখনে দেশৰ ৰাইজক দিয়া বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ দিশসমূহক লৈ আজি ডিব্ৰুগড়ত এক গঠনমূলক আলোচনা অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় পৌৰনিগমৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই বিশেষ ‘প্ৰবুদ্ধ নাগৰিক সন্মিলন’। আজিৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্ৰ আৰু উপ-মেয়ৰ উজ্জ্বল ফুকন উপস্থিত থাকে। ইয়াৰ উপৰিও ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বড়া, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, কানৈৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ভাৰতী দত্ত, অধ্যাপিকা ডঃ অদিতি বৰুৱা আৰু পৌৰনিগমৰ পাৰিষদসকলৰ লগতে অঞ্চলটোৰ বহুসংখ্যক বুদ্ধিজীৱী তথা গণ্য-মান্য লোক সন্মিলনত অংশগ্ৰহণ কৰে। পৌৰনিগমৰ পাৰিষদ মামুন গগৈ মিত্ৰই আঁত ধৰা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্ৰই। সভাত উপস্থিত বক্তাসকলে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশত এক অভূতপূৰ্ব ৰূপান্তৰ সম্ভৱ হৈ উঠিছে। উল্লেখ্য যে, ভাৰতবৰ্ষৰ ইতিহাসত সৰ্বাধিক সময়ৰ বাবে নিৰন্তৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ এক অনন্য অভিলেখো গঢ়িবলৈ সক্ষম হৈছে মোদীয়ে। দেশৰ এই গৌৰৱোজ্জ্বল যাত্ৰা আৰু মোদী চৰকাৰৰ ১২ বছৰীয়া সুশাসনৰ খতিয়ান ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবেই এই প্ৰবুদ্ধ সন্মিলনৰ আয়োজন কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
