জুবিনৰ চৰিত্ৰ হননকাৰীক সমালোচনা পত্নী গৰিমা গাৰ্গৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত চলি আছে । ২৬ মে’ত চাৰ্জফ্ৰেম দাখিল কৰাৰ পাছতেই ফাষ্টট্ৰেক আদালতত ৮ জুনৰ পৰা বিচাৰ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতাৰে আগবাঢ়িছে । আদালতত দৈনিক সাক্ষ্যদান প্ৰক্ৰিয়া চলি আছে । শুকুৰবাৰে উত্তৰাধিকাৰ প্ৰমাণপত্ৰ সম্পৰ্কীয় বিষয়ৰ বাবে আদালতত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পিছতো একাংশই চৰিত্ৰ হননক লৈ চলোৱা অপচেষ্টাৰ বিৰুদ্ধে গৰজি উঠিছে শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গ। আদালতত উপস্থিত হৈ প্ৰাণৰ শিল্পীৰ চৰিত্ৰহননৰ অপচেষ্টা কৰাসকলক উদ্দেশ্যি গৰিমা শইকীয়া গাৰ্গে কয়, যদি জুবিনে সুৰাৰ ৰাগিত মাতাল হৈ থাকিলহেঁতেন, তেন্তে ৫২ বছৰীয়া জীৱনত ৪০ হাজাৰ গীত গাব নোৱাৰিলেহেঁতেন। শিল্পীগৰাকীৰ অবৰ্তমানত একাংশ লোকৰ মানসিকতাক প্রত্যক্ষ কৰি আৱেগিক হৈ পৰা গৰিমাই কয় যে জুবিনে অকল গান গোৱা নাছিল। তেওঁ গান লিখিছিল, সুৰ কৰিছিল, চিনেমা বনাইছিল। অন্যান্য বহু কাম তেওঁ কৰিছিল। সমাজৰ বাবে কাম কৰা জুবিনে প্ৰকৃতিৰ বাবেও কাম কৰিছিল। ইমানবোৰ কাম এগৰাকী ৫২ বছৰীয়া লোকৰ জীৱনত কোনো কাৰণতে সম্ভৱ নহয়। কিন্তু তেওঁ কৰিছিল। যিমানখিনি কাম জীয়াই থকালৈকে তেওঁ কৰিলে, বহু মানুহে ৯০-১০০ বছৰ জীয়াই থাকিও কৰিব নোৱাৰে। সেইখিনি প্রমাণ ইতিমধ্যে তেওঁ দি থৈ গৈছে। তাৰ পাছতো পর্যালোচনা কৰাৰ কিবা ভিত্তি আছে জানো? আদালতৰ প্ৰতি আস্থা প্রকাশ কৰি আৱেগিকভাৱে গৰিমাই কয় যে সকলো প্রক্রিয়া এতিয়ালৈকে ভালদৰে চলি আছে। সাক্ষ্য প্ৰমাণৰ যোগেদি সত্য কথাটো আদালতত প্রতিষ্ঠা হওক আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰক। সেয়াই আমাৰ কামনা। চলি থকা বিচাৰ প্ৰক্ৰিয়াত বৰ্তমানলৈকে ১২জনকৈ সাক্ষীৰ সাক্ষ্য আদালতে গ্রহণ কৰিছে। ইয়াৰ পাছতো য়টখনত থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াকেইজনক বিচাৰ প্ৰক্ৰিয়ালৈ পুনৰ মতা হ’বনে নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৰিমাই কয় যে প্ৰথমৰ পৰাই কৈ আহিছোঁ আমাৰ দৃষ্টিত য়টখনত থকা প্রতিজনেই দোষী। আইনে কি ব্যৱস্থা লয় আমি নাজানোঁ আমাৰ চকুত তেওঁলোক সদায়েই দোষী। আইনী ব্যৱস্থাৰ ওপৰত আমাৰ অটুট বিশ্বাস আছে। আনহাতে বিশেষ ন্যায়াধীশৰ আদালতত আয়বহির্ভূত সম্পত্তিৰ গোচৰত অভিযুক্ত হৈ জামিন আবেদন কৰা জুবিন গাৰ্গৰ দুই চৰকাৰী দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য সন্দর্ভতো মন্তব্য প্রকাশ কৰে গৰিমা শইকীয়া গার্গে। তেওঁ কয় যে জুবিনৰ মৃত্যুৰ পিছত মোৰ লগত প্ৰায়ে আছিল নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। সিহঁতে মোক কেতিয়াও কোৱা নাছিল তেওঁলোকৰ একাউণ্টত জুবিনৰ ধন থকা বুলি। জুবিনৰ ৰেকৰ্ডিঙৰ সময়ত যিমান পইচা আহে, গ্রাহকে তেওঁলোকৰ তাত দিছিল, নহ’লে ইউপিআই যোগেদি দিছিল। এই কথাবোৰ মোক তেওঁলোকে জনোৱা নাছিল। যাৰ বাবে মৃত্যুৰ পিছত এছআইটিয়ে চলোৱা তদন্তত তেওঁলোকৰ একাউণ্টত অহা সকলো ধনৰ লেনদেন ধৰা পৰিছিল।ইফালে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা থকা বুলি পুনৰ উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে কয়, ন্যায় ব্যৱস্থাৰ ওপৰত আশা আছে । তাৰ বাহিৰে অন্য উপায়ো নাই । আশা কৰিছোঁ অসমৰ ন্যায় ব্যৱস্থাই জুবিনক কেতিয়াও গাফিলতি নকৰে । যি ন্যায় হ’ব লাগে আমি পামেই ।
