আমিয়ে অপতৃণ
ৰমেন বৃৰদুগ, মাজুলী
আজি ৰ’দ
কাইলৈ বৰষুণ
ৰ’দ বৰষুণ
প্ৰকৃতিয়ে নিজৰ নিয়ম জানে
আমি কি জানো
মাথোঁ গছ কাটো
নিজৰ ভুলকে আনৰ ভুল বুলি দুখ কৰোঁ
পথাৰত হেনো কেকুঁৰা নাই
শামুকও নাই
সেইবাবে মাটি উৰ্বৰা নহয়
আমি দেখোন বহুত কথাই জানো
আমি বহুত কথা জানো
জানিও বন মৰা দৰৱটো পথাৰতে মাৰোঁ
কিটনাশক ঔষধটো দামত কি আনি স্প্ৰে কৰোঁ
আমি কিমান স্বাৰ্থপৰ
বন মাৰি
কিট নাশ কৰি
মনত তৃপ্তি এটি লৈ
আমি বিষাক্ত হওঁ
নিজে নজনাকৈ লাহে লাহে
আমি ভয়ংকৰ পৰিৱেশ এটালৈ ধাৱমান হওঁ
তেন্তে আমিয়ে জগৰীয়া
বন ধ্বংসৰ বাবে
প্ৰাকৃতিক পৰিৱেশ বিনষ্টকাৰী
কষ্ট কৰিব নাজানো
বিকল্প বিচাৰিব নাজানোঁ
আমি বন দংশন কৰোঁ
আমিয়ে অপতৃণ ৷৷৷
