তেজপুৰৰ জিআই টেগযুক্ত সুস্বাদ্য লিচু  ছিংগাপুৰলৈ ৰপ্তানি

তেজপুৰৰ জিআই টেগযুক্ত সুস্বাদ্য লিচু  ছিংগাপুৰলৈ ৰপ্তানি

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বখ্যাত সুস্বাদ্য তেজপুৰৰ লিচু ৰপ্তানি কৰা হৈছে ছিংগাপুৰলৈ । অসমৰ চহকী উদ্যান শস্যক বিশ্বৰ বজাৰত প্ৰতিষ্ঠা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা ভৌগোলিক পৰিচিতি (জি আই) টেগযুক্ত তেজপুৰৰ লিচুৰ আন্তঃৰাষ্ট্ৰীয় ৰপ্তানি সামগ্ৰী প্ৰেৰণৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে।  ৫০০ কিলোগ্ৰাম লিচু ছিংগাপুৰলৈ প্ৰেৰণ কৰা হৈছে । শেহতীয়াকৈ ডুবাইৰ পাছত ছিংগাপুৰলৈ অসমৰ তেজপুৰৰ জিআই টেগপ্ৰাপ্ত লিচু ৰপ্তানিৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয় ।  উল্লেখ্য যে সুপৰিচিত ‘পিয়াজী’ প্ৰজাতিৰ ৫০০ কিল’গ্রাম লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ এই ব্যৱস্থাই অসমৰ কৃষক সমাজৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিছে। শেহতীয়াকৈ অসমৰ এই জি আই টেগযুক্ত লিচু ডুবাইলৈ সফলতাৰে ৰপ্তানি কৰাৰ পিছত ছিংগাপুৰৰ এই নতুন বজাৰে ৰাজ্যখনৰ উচ্চ মানৰ কৃষি সামগ্ৰীৰ ক্রমবর্ধমান আন্তঃৰাষ্ট্ৰীয় চাহিদাকে প্রতিফলন কৰিছে। ৰাজ্য চৰকাৰে বজাৰ সংযোগ, মূল্য শৃংখল তথা ৰপ্তানি ব্যৱস্থাপনাক শক্তিশালী কৰাৰ বাবে চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ এয়া এক অন্যতম বৃহৎ সাফল্য। এই কাৰ্যসূচীৰ অন্তত উপস্থিত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° শর্মাই কয়- যোৱা কেইটামান বছৰত তেজপুৰৰ লিচুৱে এখন আন্তর্জাতিক বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। কেইদিনমান আগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ, চমুকৈ ‘এপেডা’ৰ জৰিয়তে ডুবাইলৈ ১,০০০ কিলোগ্রাম লিচু ৰপ্তানি কৰা হৈছিল। আজি ছিংগাপুৰলৈ ৫০০ কিলোগ্রাম লিচু ৰপ্তানি কৰাৰ ব্যৱস্থা কৰা হৈছে, কাইলৈ পুৱা ভূটানৰ পৰা গুৱাহাটী হৈ ছিংগাপুৰলৈ যোৱা ড্ৰুক এয়াৰৱেজৰ বিমানেৰে প্ৰেৰণ কৰা হ’ব। ছিংগাপুৰৰ উচ্চায়ুক্তই ইতিমধ্যে ৫০০ কিলোগ্রামৰ উপৰি আৰু ৫০০ কিলোগ্রাম লিচু বিচাৰিছে। লিচু, কাজি নেমু বা ভোটজলকীয়াৰ দৰে আমাৰ যিখিনি গুৰুত্বপূর্ণ কৃষি সামগ্রী আছে, সেইসমূহৰ ক্ষেত্ৰত যদি সঠিক প্রচেষ্টা গ্ৰহণ কৰা হয়, তেন্তে কাঁঠাললৈকে সকলো সামগ্রী ভাৰতৰ বাহিৰলৈ ৰপ্তানি কৰাৰ সুযোগ ৰাজ্যখনৰ আছে। অৱশ্যে ৰপ্তানিৰ ক্ষেত্রত কৃষিত প্ৰয়োগ কৰা সাৰৰ এক নির্দিষ্ট মান তথা প্ৰেৰণ কৰা আৰ্হিৰ সৈতে চূড়ান্ত সামগ্ৰীৰ মিল থকাটো অনিবার্য। আদাৰ ক্ষেত্ৰতো অসমে যথেষ্ট ভাল কাম কৰিব পাৰে। অহা বছৰ যাতে আৰু অধিক সামগ্রী বিদেশলৈ পঠিয়াব পৰা যায়, তাৰ বাবে চৰকাৰে বিশেষ প্রচেষ্টা হাতত ল’ব। তেজপুৰৰ লিচু উৎপাদনৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- বর্তমান মাথোঁ প্রায় ৩,০০০ জোপা গছৰ পৰাহে এই লিচু উৎপন্ন হয়। যিহেতু এই লিচু অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত যথেষ্ট পৰিমাণে বিক্ৰী হয়, সেয়েহে চাহিদা থকা সত্ত্বেও এইবাৰ ইয়াতকৈ অধিক লিচু পঠিয়াব পৰা নগ’ল। শেহতীয়াকৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্রীসকললৈ এই লিচু পঠিয়াইছিল আৰু দিল্লীত সকলোৱে তেজপুৰৰ লিচুৰ ভূয়সী প্রশংসা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে এই ৰপ্তানি কাৰ্যসূচীয়ে অসমৰ কৃষকসকলক বাৰুকৈয়ে অনুপ্রাণিত কৰিব আৰু অহা বছৰকেইটাত লিচুৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে চৰকাৰে কৃষকসকলক উৎসাহিত কৰিব। তেওঁ কয় যে কৃষকসকলৰ বাবে নতুন বিশ্বজনীন সুযোগ সৃষ্টি কৰি তেওঁলোকৰ আয় দুগুণ কৰিবলৈ আৰু অসমৰ সৰ্বোত্তম কৃষি সামগ্ৰী বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰিবলৈ অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। অনুষ্ঠানত কৃষিমন্ত্রী পীযূষ হাজৰিকা, কৃষি বিভাগৰ আয়ুক্ত-সচিব অৰুণা ৰাজোৰিয়া, সঞ্চালক ৰাতুল চন্দ্ৰ পাঠকৰ লগতে কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।