পথৰ দাঁতিৰ গছ বাগৰি কলেজীয়া ছাত্ৰীৰ মৃত্যু

পথৰ দাঁতিৰ গছ বাগৰি কলেজীয়া ছাত্ৰীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে মহানগৰীৰ মালিগাঁৱৰ কালীপুৰত সংঘটিত হৈ এক শোকাবহ ঘটনা। পৰীক্ষা দিবলৈ যোৱা শিক্ষাৰ্থীৰ বাহনত বাগৰি পৰিল প্ৰকাণ্ড গছ ৷ ফলত এই শোকাৱহ ঘটনাত সোণাৰিৰ এগৰাকী ছাত্ৰীৰ থিতাতে মৃত্যু হয়। মৃত ছাত্ৰীগৰাকী চৰাইদেউ জিলাৰ সোণাৰিৰ শান্তিপুৰৰ মাখন হাজৰিকাৰ একমাত্র কন্যা সন্তান পৰিস্মিতা হাজৰিকা। উল্লেখ্য যে পাণ্ডু মহাবিদ্যালয়ত থকা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় চমুকৈ ইগন’ৰ কেন্দ্ৰত অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সহপাঠী জ্যোতির্ময় মহনৰ সৈতে এএছ ০১ বিএন ৫২৩২ নম্বৰৰ স্কুটীখনেৰে পৰীক্ষা কেন্দ্ৰলৈ ৰাওনা হৈছিল পৰিস্মিতা হাজৰিকা। কিন্তু পৰীক্ষা কেন্দ্ৰৰ পৰা কিছু দূৰ থকা অৱস্থাত কালীপুৰৰ পদপথৰ সমীপত থকা এজোপা প্রকাণ্ড আহত গছ হঠাতে তেওঁলোকে গৈ থকা স্কুটাখনৰ ওপৰতে বাগৰি পৰে। ঘটনাটোত লগে লগে পৰিস্মিতা হাজৰিকাৰ মৃত্যু হোৱাৰ লগতে আনগৰাকী আৰোহী জ্যোতির্ময় মহন আহত হয়। ঘটনাটোত লগে লগে হুৱাদুৱাৰ সৃষ্টি হয়। পথটোৰে গৈ থকা ৰাইজে গছজোপা কিবা প্ৰকাৰে আঁতৰাই ছাত্ৰীগৰাকীক আৰক্ষীৰ সহযোগত মালিগাঁৱৰ সঞ্জীৱনী হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই সন্দৰ্ভত হাস্পতালখনৰ চিকিৎসকে সদৰী কৰা মতে মৃত অৱস্থাতে ছোৱালীজনীক হাস্পতাললৈ অনা হৈছিল। গছজোপা তেওঁৰ ওপৰত উভালি পৰাৰ বাবেই ডিঙিৰ সংযোগী ৰাজহাড় সম্পূৰ্ণভাৱে ভাঙি যোৱাৰ বাবেই তেওঁৰ মৃত্যু হৈছিল। কঁকালৰ হাড়ো সম্পূৰ্ণৰূপে ভাঙি যোৱা বুলি তেওঁ লগতে কয়। আনহাতে ঘটনাটোত আহত জ্যোতির্ময় মহন সম্প্রতি সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।