এআইৰ দ্বাৰা ৭৫ ছাত্রী-শিক্ষয়িত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত ছাত্ৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা-মহানগৰীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ভয়ংকৰ কাণ্ড। গুৱাহাটী মহানগৰীৰ দুখনকৈ অভিজাত শিক্ষানুষ্ঠানৰ কেইবাগৰাকী ছাত্রই তথ্য-প্রযুক্তিৰ উন্নত আৰু অতি সংবেদনশীল এআই প্রযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰিলে নিজ বিদ্যালয়ৰে ছাত্ৰী তথা শিক্ষাগুৰু শিক্ষয়িত্ৰীৰ অশ্লীল ফটো। শিক্ষয়িত্ৰী আৰু ছাত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ফটোসমূহ বিক্ৰী কৰাৰ অভিযোগ উঠিছে ৷ ঘটনাৰ তথ্য অনুসৰি মহানগৰীৰ দুখন অভিজাত বিদ্যালয় ক্রমে নাৰেংগীৰ ছেইন্ট ফ্রেন্সিছ ডি চেলছ স্কুল আৰু মহানগৰীৰ ডিপিএছ স্কুলৰ কেইবাগৰাকী ছাত্রই সেই বিদ্যালয় দুখনৰে একাংশ ছাত্ৰীৰ ফটো এ আই প্রযুক্তিৰ জৰিয়তে অশ্লীল ফটো তৈয়াৰ কৰি সামাজিক মাধ্যমত প্রকাশ কৰে আৰু এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। জানিব পৰা মতে, দুয়োখন বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰই বিদ্যালয়খনৰ ৬৪ গৰাকী ছাত্ৰীৰ লগতে ১১গৰাকী শিক্ষয়িত্ৰীৰ ফটো এআইৰ জৰিয়তে মর্ফ কৰি নগ্নৰূপত টেলিগ্রাম এপত মেলি দি ধন ঘটাৰ আহিলা হিচাপে গ্রহণ কৰাও পৰিলক্ষিত হয়। কেৱল টেলিগ্রাম এপতে নহয় ইনষ্টাগ্রাম আদি সামাজিক মাধ্যমযোগেও অভিযুক্ত ছাত্রকেইজনে এই মর্ফ কৰা দীপফেক অশ্লীল ফটোসমূহ এৰি দিয়ে। এই ঘটনাৰ কথা বিদ্যালয় কর্তৃপক্ষই ১১ জুনৰ দিনা অৱগত হোৱাৰ পিছত বিষয়টোক লৈ অভিযুক্ত ছাত্রকেইজনৰ বিৰুদ্ধে বিহিত কার্যব্যবস্থা গ্রহণ কৰে। বিদ্যালয় কর্তৃপক্ষই অভিযুক্ত ছাত্রকেইজনক ইতিমধ্যে বিদ্যালয়খনৰ পৰা নিলম্বন কৰাৰ কথা ঘোষণা কৰিছে আৰু বিষয়টো চাইল্ড এবিউজ মনিট’ৰিং কমিটীলৈ তদন্তৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে সমগ্র বিষয়টোক লৈ কর্তৃপক্ষই তদন্তৰ বাবে আৰক্ষীৰ অপৰাধ শাখাতো এক গোচৰ ৰুজু কৰিছে।
