বিয়াল্লিশৰ শ্বহীদ কুশল কোঁৱৰ: জীৱন আৰু আত্মবলিদান – অনিল প্ৰসাদ সিংহ

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

১৫ জুন মৃত্যু দিৱস উপলক্ষে

বিয়াল্লিশৰ শ্বহীদ কুশল কোঁৱৰ: জীৱন আৰু আত্মবলিদান

অনিল প্ৰসাদ সিংহ
সম্পাদক, শ্বহীদ কুশল কোঁৱৰ স্মৃতিৰক্ষা সমিতি, ডিব্ৰুগড়

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসমৰ অৱদান উজ্জ্বল। বহু বীৰ-বীৰাংগনাই নিজৰ জীৱন উছৰ্গা কৰি দেশমাতৃক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিছিল। তেনে এগৰাকী অমৰ শ্বহীদ হ’ল কুশল কোঁৱৰ। তেওঁ হ’ল ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচী বৰণ কৰা ভাৰতৰ একমাত্ৰ শ্বহীদ। গান্ধীজীৰ অহিংসা নীতিৰ একনিষ্ঠ অনুগামী কুশল কোঁৱৰে মিছা অভিযোগত প্ৰাণ আহুতি দিও সত্য আৰু দেশপ্ৰেমৰ আদৰ্শ অটুট ৰাখিছিল।

জন্ম আৰু প্ৰাথমিক জীৱনঃ ১৯০৫ চনৰ ২১ মাৰ্চত তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমান গোলাঘাট জিলাৰ সৰুপথাৰৰ ওচৰৰ বালিজান চাৰিআলিৰ ঘিলাধাৰী মৌজাৰ এখন মধ্যবিত্ত পৰিয়ালত কুশল কোঁৱৰৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম কনকেশ্বৰী কোঁৱৰ। আন এক তথ্যমতে মাতৃৰ নাম কোঁপাহী বুলিও পোৱা যায়। তেওঁ পিতৃ-মাতৃৰ পঞ্চম সন্তান আছিল।

কুশল কোঁৱৰে বালিগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰে আৰু পিছত গোলাঘাটৰ বেজবৰুৱা ইংৰাজী স্কুলত নামভৰ্তি কৰে। ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আৰু মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱে কিশোৰ কুশলৰ মনত গভীৰ ৰেখাপাত কৰিছিল। মাত্ৰ ১৭ বছৰ বয়সতে ১৯২১ চনত তেওঁ বিদ্যালয় ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰে।

কৰ্মজীৱন আৰু গান্ধীবাদৰ প্ৰতি আকৰ্ষণঃ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে তেওঁলোকৰ পৰিয়াল বালিজানৰ পৰা ৰেংমাইলৈ স্থানান্তৰিত হয়। ১৯২৫ চনৰ জানুৱাৰীত তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি দুবছৰ বিনা বেতনে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰে। আৰ্থিক অসুবিধাৰ বাবে বিদ্যালয় এৰি ১৯২৭ চনৰ ১৭ জুনত বালিজান চাহবাগিচাত পৰিদৰ্শক হিচাপে যোগ দিয়ে আৰু ১৯৩৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।

গান্ধীজীৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ সাত্ত্বিক জীৱন যাপন কৰিছিল আৰু ভগৱদ গীতাক সংগী কৰি লৈছিল। ১৯৩১ চনৰ লোণ সত্যাগ্ৰহৰ সময়ত তেওঁ জীৱনৰ শেষ মুহূৰ্তলৈকে লোণ ত্যাগ কৰাৰ পণ লৈছিল। ১৯২৯ চনত তেওঁ প্ৰেমানন্দ দুৱৰাৰ কন্যা প্ৰভাৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণঃ ১৯৩৬ চনত চাকৰি এৰি কুশল কোঁৱৰে নিজকে সম্পূৰ্ণৰূপে ভাৰতৰ স্বাধীনতা আন্দোলনত উচৰ্গা কৰে। তেওঁ সৰুপথাৰ অঞ্চলত কংগ্ৰেছ দলক সংগঠিত কৰি সত্যাগ্ৰহ আৰু অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়ে। পিছলৈ তেওঁ গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক আৰু সৰুপথাৰ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপেও নিৰ্বাচিত হয়।

১৯৪২ চনত ‘কৰিম কিম্বা মৰিম’ মূলমন্ত্ৰ লৈ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়। অসমত কংগ্ৰেছৰ ‘শান্তি সেনা’ আৰু ‘মৃত্যু বাহিনী’ গঠন কৰা হয় আৰু কুশল কোঁৱৰে তাত সক্ৰিয় অংশ লয়। যদিও গান্ধীজীয়ে অহিংসাৰ কথা কৈছিল, বহু দেশপ্ৰেমিকে ব্ৰিটিছৰ বিৰুদ্ধে বিধ্বংসী কাৰ্যকলাপ আৰম্ভ কৰিছিল।

সৰুপথাৰ ৰে’ল দুৰ্ঘটনা আৰু মিছা অভিযোগঃ ১৯৪২ চনৰ ১০ অক্টোবৰৰ নিশা প্ৰায় ১:৪২ বজাত সৰুপথাৰৰ ওচৰত ব্ৰিটিছ আৰু আমেৰিকান সৈন্য কঢ়িওৱা এখন ৰে’লগাড়ী মৃত্যু বাহিনীৰ কিছুমান সদস্যই লাইনচ্যুত কৰে। এই দুৰ্ঘটনাত বহু সৈন্যৰ মৃত্যু হয়।

ঘটনাৰ পিছত ব্ৰিটিছ চৰকাৰে ব্যাপক দমন-নীতি চলায়। অহিংস নীতিৰ অনুগামী কুশল কোঁৱৰক এই ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ মিছা অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল, তথাপি তেওঁক ফাঁচীৰ হুকুম দিয়া হয়।

ফাঁচী আৰু আত্মবলিদানঃ বিচাৰত দোষী সাব্যস্ত কৰি ১৯৪৩ চনৰ ১৫ জুন তাৰিখে পুৱা ৪:৩০ বজাত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত কুশল কোঁৱৰক ফাঁচী দিয়া হয়। তেওঁ ভাৰত ত্যাগ আন্দোলনত ফাঁচী বৰণ কৰা একমাত্ৰ শ্বহীদ আৰু অসমৰ শেষ শ্বহীদ। ফাঁচীৰ আগমুহূৰ্তত তেওঁ গীতা পাঠ কৰিছিল আৰু ‘বন্দে মাতৰম্’ ধ্বনি দি দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা প্ৰকাশ কৰিছিল। মিছাকৈ অভিযুক্ত হৈও তেওঁ সত্য আৰু ন্যায়ৰ পথত অটল আছিল। তেওঁৰ শেষ ইচ্ছা আছিল দেশৰ স্বাধীনতা।

উত্তৰাধিকাৰ আৰু স্মৃতি:কুশল কোঁৱৰক আজি অসমত বীৰ হিচাপে সন্মান কৰা হয়। তেওঁৰ নামত বিদ্যালয়, পথ, প্ৰতিষ্ঠান আদি নামকৰণ কৰা হৈছে। প্ৰতি বছৰে ১৫ জুন তাৰিখে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ স্মৃতি দিৱস পালন কৰা হয়। গুৱাহাটীৰ নেহৰু উদ্যান, ডিব্ৰুগড়ৰ চৌকিডিঙি, গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয় আদিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁৰ আত্মবলিদানক দেশপ্ৰেমৰ অনন্য নিদৰ্শন বুলি অভিহিত কৰিছে। ‘টাই আহোম যুৱ পৰিষদে’ ‘শ্বহীদ কুশল কোঁৱৰ বঁটা’ প্ৰৱৰ্তন কৰিছে।

উপসংহাৰ:শ্বহীদ কুশল কোঁৱৰৰ জীৱনে আমাক সাহস, সততা আৰু দেশপ্ৰেমৰ শিক্ষা দিয়ে। মিছা অপবাদ লৈও তেওঁ মূৰ দোৱা নাছিল, হাঁহি মুখে মৃত্যুক সাৱটি লৈছিল। তেওঁৰ আত্মবলিদানে প্ৰমাণ কৰে যে সত্যৰ শক্তি সদায় অপৰাজেয়। আজিৰ স্বাধীন ভাৰতত আমি যি মৰ্যাদাৰে জীয়াই আছো, তাৰ মূলতে কুশল কোঁৱৰৰ দৰে অগণন শ্বহীদৰ ত্যাগ। তেওঁৰ আদৰ্শই প্ৰতিটো প্ৰজন্মক দেশৰ বাবে কাম কৰিবলৈ প্ৰেৰণা দি যাব।শ্বহীদ কুশল কোঁৱৰ অমৰ। তেওঁৰ ত্যাগ অসম তথা ভাৰতবাসীয়ে চিৰদিন সোঁৱৰণ কৰিব।