অসম-নাগালেণ্ডৰ মাজত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ

অসম-নাগালেণ্ডৰ মাজত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীত অসম-নগালেণ্ড সীমান্তবর্তী অঞ্চলত খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ তথা উৎপাদন পুনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নগালেণ্ড চৰকাৰৰ মাজত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত কেন্দ্ৰীয়  গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্ৰীয় পেট্রলিয়াম মন্ত্রী হৰদীপ সিং পুৰী, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’, কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহন আৰু দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিতত শক্তি অনুসন্ধান আৰু নিষ্কাশনৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় ।  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই প্রকাশ কৰা মতে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পথ প্রদর্শনত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’ আৰু কেন্দ্ৰীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ উপস্থিতিত কেন্দ্রীয় গৃহ মন্ত্রালয়ত এই নির্ণায়ক চুক্তিখন সম্পন্ন হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মতে, এই চুক্তিখনে অঞ্চলটোৰ অনাবৃত সম্ভাৱনাক উন্মোচন কৰাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক অগ্ৰগতিৰ সূচনা কৰিছে । চিনাক্ত কৰা অঞ্চলটোৱে হাইড্ৰ’কাৰ্বন অন্বেষণ আৰু খনিজ সম্পদ নিষ্কাশনৰ বাবে উল্লেখযোগ্য সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত দেশৰ দীৰ্ঘম্যাদী শক্তিৰ প্ৰয়োজনীয়তাত অৰিহণা যোগাব পৰা হ’ব ।

মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ ১,০০০ বর্গ কিলোমিটাৰতকৈও অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি কৰিব। য’ত পূৰ্বৰে পৰা বৃহৎ পৰিমাণৰ শক্তি সংৰক্ষিত হৈ থকাৰ সম্ভাৱনা আছে। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলক মূল চালিকাশক্তি হিচাপে লৈ ভাৰতক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত এক নতুন গতি প্রদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা বহুদিনীয়া তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ দৃঢ়প্রতিজ্ঞ আৰু এই চুক্তি তাৰে এক অন্যতম প্রমাণ। ইয়াৰ সৈতে সমগ্ৰ উত্তৰ-পূব অর্থাৎ ‘অষ্টলক্ষ্মী’ অঞ্চলৰ বাবে এক নতুন যুগৰ আৰম্ভণি ঘটিল বুলিও তেওঁ মন্তব্য কৰে।  প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দিশ নির্দেশনাত সম্পাদিত এই চুক্তিৰ লক্ষ্য হৈছে অসম-নাগালেণ্ড সীমান্তৱর্তী ১,০০০ বর্গ কিলোমিটাৰৰো অধিক অঞ্চলত অনুসন্ধান আৰু উৎপাদনমূলক কার্যকলাপ সহজ কৰি তোলা। এই অঞ্চলত অন্যন্য শক্তি আৰু খনিজ সম্পদৰ ভঁৰাল থকাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। এই সন্দর্ভত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয়- তেল অন্বেষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত হোৱা ত্ৰিপাক্ষিক বুজাবুজি চুক্তিয়ে দৈনিক ১,০০০-১,৫০০ বেৰেল তেল উৎপাদনৰ ক্ষমতা ১০ গুণ পৰ্যন্ত বৃদ্ধি কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। তেওঁ লগতে কয় যে, ১/২ খন ৰাজ্যক বাদ দি অহাবৰ্ষৰ ভিতৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বা ‘আফচপা’  প্ৰত্যাহাৰ কৰা হ’ব। আফচপাৰ পৰিসৰ হ্ৰাস পোৱাটো অঞ্চলটোত শান্তি ঘূৰি অহাৰ এক ডাঙৰ সংকেত।