পলাশবাৰীৰ চাপাঠুৰীত ভয়ংকৰ ভূমি কেন্দ্ৰিক সংঘাত, চোকা অস্ত্ৰৰ আক্ৰমণত মাতৃ-পুত্ৰ গুৰুতৰভাৱে আহত, GMCH-ত সংকটজনক অৱস্থাত চিকিৎসাধীন
শৈলেন কুমাৰ, মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ চাপাঠুৰী গাঁৱত আজি এক ভয়ংকৰ আৰু ৰক্তাক্ত ভূমিকেন্দ্ৰিক সংঘাতৰ ঘটনা সংঘটিত হয়। মাটিৰ বিবাদক কেন্দ্ৰ কৰি একাংশ দুষ্কৃতিকাৰীয়ে চলোৱা বৰ্বৰ আক্ৰমণত এজন যুৱক আৰু তেওঁৰ মাতৃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) জীৱন-মৃত্যুৰে যুঁজি লগা হৈছে। এই চাঞ্চল্য্যকৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনা আৰু ক্ষোভৰ সৃষ্টি হৈছে।প্ৰাপ্ত তথ্য মতে, চাপাঠুৰী গাঁৱৰ ৯২ নং পাট্টাৰ ১৩৪ নং দাগৰ এটা ভূমিখণ্ডক লৈ দীৰ্ঘদিনৰে পৰা বিবাদ চলি আছিল। আজি পুৱা প্ৰায় ১০ বজাত ভুক্তভোগী প্ৰণব কলিতা নামৰ যুৱকজনে উক্ত নিজা মাটিত হাল বাই থকা অৱস্থাতে মকাধূজ গাঁৱৰ শৰৎ কুমাৰৰ নেতৃত্বত অহা প্ৰায় ১০ জনীয়া এটা সশস্ত্ৰ দলে পিছফালৰ পৰা আক্ৰমণ চলায়। আক্ৰমণকাৰী দলটোৱে চোকা অস্ত্ৰৰে প্ৰণব কলিতাৰ পিঠিত উপৰ্যুপৰি আঘাত কৰি মাটিত বগৰাই দিয়ে।পুত্ৰক ৰক্ষা কৰিবলৈ থিতাতে দৌৰি অহা মাতৃ বৰোডা কলিতাকো দুষ্কৃতিকাৰীৰ দলটোৱে ৰেহাই নিদিলে। তেওঁলোকে বৃদ্ধা মাতৃগৰাকীকো গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে। তেজৰে লুতুৰি-পুতুৰি হৈ পৰা মাতৃ-পুত্ৰক স্থানীয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত উদ্ধাৰ কৰি তৎকালীনভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান হাস্পতালত মাতৃ বৰোডা কলিতাৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে।এই পাশৱিক কাণ্ডৰ পিছতেই সমগ্ৰ পলাশবাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দিন-দুপৰতে এনেদৰে চোকা অস্ত্ৰৰে প্ৰাণনাশৰ চেষ্টা চলোৱা এই গুণ্ডাগিৰিক স্থানীয় ৰাইজে ধিক্কাৰ জনাইছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ তৰফৰ পৰা বিজয়নগৰ আৰক্ষী চকীত শৰৎ কুমাৰসহ ১০ জনীয়া আক্ৰমণকাৰী ফৈদটোৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰা হৈছে।ভূমিকেন্দ্ৰিক সংঘাতৰ নামত আইন হাতত তুলি লোৱা এই হত্যা কৰিবলৈ চেষ্টা চলোৱা দলটোক আৰক্ষীয়ে কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই, তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। ভুক্তভোগী পৰিয়ালে আৰক্ষী প্ৰশাসনক এই বৰ্বৰ কাণ্ডৰ এক নিৰপেক্ষ আৰু উচিত তদন্ত কৰি দোষীসকলক অতি শীঘ্ৰে কৰায়ত্ত কৰিবলৈ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ তীব্ৰ দাবী জনাইছে। অন্যথা অনাগত দিনত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
