মৰমৰ চৰাই – অনুৰাগ বৰা

Pc Arundel Arboretum

মৰমৰ চৰাই

অনুৰাগ বৰা,ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ
 নৱজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়
ৰৌমৰা,দেৰগাঁও,গোলাঘাট

মোৰ অতি মৰমৰ সৰু চৰাইটি,
মুক্ত মনেৰে বিচৰণ কৰা নীল আকাশত;
দুটি পাখি মেলি দিয়া আনন্দ-উলাহত,
জাক পাতি নাচি থাকা হেঙুলীয়া মেঘত।

নীল আকাশৰ পৰা নাযাবা হেৰাই,
তোমাক দেখিলেই শান্ত হয় মোৰ ব্যাকুল মন;
হৃদয়ৰ গভীৰৰ পৰা ভাল পাওঁ তোমাক,
তোমাক বুকুত লৈয়েই ৰচো মই অযুত সপোন।

প্ৰতিটো ৰাতিপুৱা যেতিয়া মেলো দুচকু,
কাণ পাতি শুনি ৰওঁ তোমাৰ সেই মিঠা মাত;
বুকুৰ মাজত আপদাল কৰিবলৈ বৰকৈ মন যায়,
তথাপিও ভয় লাগে— জানোচা ক’ৰবাত
তোমাৰ কোমল দেহত লাগে কিবা আঘাত!

গছৰ খোৰোঙৰ পৰা তুমি সৰি পৰিলে,
হৃদয় খনি ভাগি পৰে, লাগে বৰ বেজাৰ;
হে মোৰ মৰমৰ চৰাই,
তুমি সদায় গাই থাকা
সেউজীয়া গছৰ ডালত বহি
তোমাৰ প্ৰাণজুৰোৱা গান।