ৰাজ্যত পুনৰ আৰম্ভ হ’ব শিক্ষকৰ নিযুক্তি প্রক্রিয়া

ৰাজ্যত পুনৰ আৰম্ভ হ’ব শিক্ষকৰ নিযুক্তি প্রক্রিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ আৰম্ভ হ’ব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া।কম সময়ৰ ভিতৰতে এই সন্দৰ্ভত প্রকাশ পাব শিক্ষক নিযুক্তিৰ বিজ্ঞাপন। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা ঘোষণা কৰে । শিক্ষা বিভাগৰ দায়িত্ব লাভৰ পাছতে যোৱা সময়ছোৱাত বিভাগটোৰ কেইবাখনো পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা শিক্ষামন্ত্ৰীগৰাকীয়ে নিযুক্তিৰ প্ৰসংগত বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়- ইতিমধ্যে শিক্ষকৰ কিমানটা পদ খালী আছে সেই তথ্য শিক্ষাসেতুৰ ডাটাৰ পৰা লাভ কৰা হৈছে। খালী পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত বিভাগে এইবাৰ কিমানসংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই বিষয়টোতো গুৰুত্ব দিব। দৰাচলতে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ হোৱাৰ পৰা নিযুক্তি লাভ কৰালৈ এক দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। এই সময়ছোৱাতো বহু লোকে অৱসৰ গ্ৰহণ কৰে আৰু বহু পদ খালী হৈ পৰে। সেয়েহে ২০২৭ চনৰ ৩১ মাৰ্চৰ ভিতৰত কিমান পদ খালী হ’ব সেই দিশটোত নজৰ দিয়া হ’ব। যাতে খালী হোৱা পদসমূহ সঠিকভাৱে পূৰণ হয় তাৰ বাবে ৩১ মাৰ্চৰ দিনটোক লৈ গুৰুত্ব আৰোপ কৰা হৈছে। ইফালে নতুন শিক্ষাবৰ্ষৰ এমাহ উকলি যোৱাৰ পাছতো বহু বিদ্যালয়ে বিনামূলীয়া পাঠ্যপুথি লাভ নকৰা বুলি উত্থাপিত হৈ থকা অভিযোগৰ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এখন বিদ্যালয়ক কিমানসংখ্যক বিনামূলীয়া পাঠ্যপুথিৰ প্ৰয়োজন হ’ব তাৰ তথ্য ব্লক আৰু জিলা কার্যালয়সমূহৰ পৰা সংগ্ৰহ কৰা হয়। সেই অনুসৰিয়েই পাঠ্যপুথিসমূহ বিতৰণ কৰা হয়। শেহতীয়াকৈ পাঠ্যপুথি লাভ নকৰা বুলি যি অভিযোগ উঠিছে, সেই বিষয়সমূহ পৰীক্ষা কৰা হৈছে। দেখা গৈছে যে বহু বিদ্যালয়ে শিক্ষাসেতুৰ জৰিয়তে দিবলগীয়া তথ্য সঠিকভাৱে দিয়া নাই। ব্লক আৰু জিলা কার্যালয়সমূহৰ পৰা তথ্যৰ ক্ষেত্ৰত দেখা গৈছে যে বেলেগ বেলেগ মাধ্যমৰ বিদ্যালয়ৰ বাবে পাঠ্যপুথি প্ৰদানৰ বিষয়টো ৰৈ গৈছে। তদুপৰি আধুনিক ভাৰতীয় ভাষা এখন বিদ্যালয়ৰ কিমানসংখ্যক ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰে সেই সংখ্যাও শিক্ষাসেতুত উল্লেখ কৰা নাই। যাৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ ক্ষেত্ৰত এই আহুকালে দেখা দিছে। বিভাগে সেয়েহে থিৰাং কৰিছে যে প্রতিজন ছাত্র বা ছাত্ৰীৰ আধুনিক ভাৰতীয় ভাষা কি, ঐচ্ছিক বিষয় কি এই গোটেইখিনি তথ্য এতিয়াৰ পৰা বিদ্যালয়সমূহে শিক্ষাসেতু এপত আপলোড কৰিব লাগিব। বিভাগে অহা বৰ্ষৰ পৰা কিমানসংখ্যক পাঠ্যপুথি লাগে তাৰ তথ্য নিবিচাৰে। বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ বাবে প্রয়োজনীয় পাঠ্যপুথিৰ সংখ্যা শিক্ষাসেতু এপত সঠিকভাৱে উল্লেখ কৰিব লাগিব। সেই অনুসৰিয়েই পাঠ্যপুথি প্ৰেৰণ কৰা হ’ব। অর্থাৎ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে তেওঁৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে কি পাঠ্যপুথিৰ প্ৰয়োজন, কিমানসংখ্যক পাঠ্যপুথিৰ প্ৰয়োজন সেয়া শিক্ষাসেতু এপত দিব লাগিব আৰু সেই তথ্য অনুসৰিয়ে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হ’ব। উল্লেখ্য যে জনতা ভৱনত বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সবলীকৃত সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্রী ডাঃ পেগুৱে এক বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ২০২৭-২৮ শিক্ষাবর্ষ আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ কাগজ ক্রয়, মুদ্রণ, পৰিবহণ আৰু বিতৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হয়। এই বৈঠকতে বিভিন্ন কাৰ্যসূচীৰ সময়সীমা, ইউ-ডাইচ, শিক্ষাসেতু, দর্পণ প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ তথ্য ব্যৱস্থাপনা, প্রাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে প্রয়োজনীয় বিত্তীয় সাহায্য, নতুনকৈ প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহৰ মুদ্রণ ব্যয় আৰু পাঠ্যপুথিৰ সহজলভ্যতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ই-বুক তথা অন্যান্য ডিজিটেল পদক্ষেপসমূহৰ দিশতো আলোচনা কৰা হয়।