দিল্লীত মুখ্যমন্ত্রী ড° শৰ্মাক সাক্ষাৎ সুস্মিতা দেৱৰ

Pc Dynamite News

দিল্লীত মুখ্যমন্ত্রী ড° শৰ্মাক সাক্ষাৎ সুস্মিতা দেৱৰ

ৰঙিলী বাৰ্ত্তাসেৱা- তৃণমূল কংগ্রেছ ত্যাগ কৰিলে দলটোৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেবে। অসমৰ শিলচৰ লোকসভা তথা বিধানসভা সমষ্টিক এসময়ত প্রতিনিধিত্ব কৰা প্ৰাক্তন নেত্ৰীগৰাকী যোৱা দুটাকৈ কার্যকাল তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ হৈ আছিল যদিও শেহতীয়াকৈ মমতা বেনাৰ্জীৰ পতনৰ পাছতে তৃণমূল এৰিলে সুস্মিতা দেৱে। দল এৰাই নহয়, সুস্মিতা দেৱে ৰাজ্যসভাৰ সাংসদ পদৰ পৰাও পদত্যাগ কৰে। দল এৰাৰ পাছতে দিল্লীত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰিলে সদ্যত্যাগী তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। বুধবাৰে দিনৰ প্ৰায় ১১ বজাত ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ হাতত পদত্যাগ-পত্র দাখিল কৰে সুস্মিতা দেৱে। তৃণমূল কংগ্ৰেছৰ এই সাংসদগৰাকীৰ এই পদত্যাগৰ পাছত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদৰ সংখ্যা ১৩ৰ পৰা ১১লৈ হ্রাস পালে। ইতিমধ্যে মঙলবাৰে দল ত্যাগ কৰিছিল আন এগৰাকী সাংসদ সুখেন্দু শেখৰ ৰায়ে। বুধবাৰে পদত্যাগ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সুস্মিতা দেৱে কয়- ৰাজ্যসভাৰ সাংসদৰ লগতে তৃণমূল কংগ্ৰেছৰ পৰাও মই আজি পদত্যাগ কৰিছোঁ। এই বিষয়ে মই অতি সোনকালে সবিশেষ অৱগত কৰিম। দল ত্যাগ কৰিলেও ৰাজনীতিৰ পৰা মই সন্যাস নলওঁ। ৰাজনীতি কৰাৰ বহু উপায় আছে। মই এতিয়া অসমৰ জনতাৰ সেৱা কৰিব বিচাৰোঁ। ইফালে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে বিজেপিত যোগদান নিশ্চিত কৰি নতুন দিল্লীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰে নেত্ৰগৰাকীয়ে। দীঘলীয়া সময় মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে আলোচনাত মিলিত হোৱা সুস্মিতা দেৱে মুখ্যমন্ত্ৰীৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে। মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এই সাক্ষাৎ সৌজন্যমূলক বুলি উল্লেখ কৰি সুস্মিতা দেৱে সংবাদ মাধ্যমৰ আগত কয়- ইয়াৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মা এগৰাকী পথ প্রদর্শক, একেবাৰে আপোন মানুহ। সুস্মিতা দেৱে কয়- দাদা মোৰ গাইড। দাদাৰ পৰা মই পৰামৰ্শ ল’বলৈ আহিছিলোঁ। যিহেতু মই ৰাজনীতিত থাকিম, গতিকে তেওঁৰ পৰা মই পৰামৰ্শ ল’বলৈ আহিছোঁ। দাদাৰ সৈতে মোৰ বহু পুৰণি সম্পৰ্ক আছে, তেওঁৰ সৈতে মই একেলগে কামো কৰিছিলোঁ। মন কৰিবলগীয়া যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পৰায়জৰ পিছতে কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগ দিছিল সুস্মিতা দেৱে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ মানৱ ভূঞাক মমতা বেনার্জীয়ে তেওঁৰ মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ পাছত খালী হোৱা আসনখনত প্রার্থিত্ব দিছিল সুস্মিতা দেৱক। এই অনুসৰিয়ে প্ৰথমবাৰৰ বাবে পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ নির্বাচিত হয় সুস্মিতা দেৱ। ২০২৪ চনত পুনৰ দ্বিতীয়টো কার্যকালৰ বাবেও মমতা বেনাৰ্জীয়ে তেওঁক ৰাজ্যসভালৈ প্ৰেৰণ কৰে। এনে অৱস্থাৰ মাজতে কাৰ্যকালৰ চাৰিটা বছৰ বাকী থকা অৱস্থাত হঠাৎ সাংসদ পদৰ পৰা পদত্যাগ কৰে সুস্মিতা দেবে।