আকাশীলতা – ৰীমা গায়ন  বৰা

Pc StockCake

আকাশীলতা

ৰীমা গায়ন  বৰা
নাওকটা , মৰিগাঁও

আকাশীলতা আছেনে বাৰু তোমাৰ নিজস্বতা
থকাহ’লে ভালেই আছিল তিলমানো মানৱতা
আনৰ কান্ধত ভিৰ দি কিয় জীয়াই আছা
যাৰেই কান্ধত ভিৰ দিয়া তাৰেই ৰক্ত শোষণ কৰা
আনক ধ্বংসৰ গৰাহলৈ
ঠেলি দি নিজৰ বংশ বৃদ্ধি কৰা
সুন্দৰ মসৃণ তোমাৰ দেহা
আনৰ ৰস শুহিহে ৰূপ লাৱণ্যৰে ধুনীয়া
ৰূপৰ মোহাচ্ছন্ন ত্যাগি শিক্ষাৰ  পোহৰেৰে
জ্ঞান অৰ্জন কৰি  নিজ সংসাৰ চলোৱা
আনৰ ৰক্ত শোষণ  গৰিহণা
নিজ বাহু বলেৰে জীৱন ধাৰণ কৰাটো
 জীৱনৰ  সাৰ্থকতা  ।