অসম-ইউৰোপীয় সংঘৰ অংশীদাৰিত্ব ৰাজ্যত নতুন অধ্যায়ৰ সূচনা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিকাশত নতুন দিগন্তৰ সূচনা কৰি মঙলবাৰে অসম-ইউৰোপ অংশীদাৰিত্বত আন এক অধ্যায়ৰ শুভাৰম্ভ ৷ অসমৰ প্ৰাকৃতিক-পৰম্পৰাগত সম্পদক উন্নত প্রযুক্তিৰে ইউৰোপৰ বজাৰলৈ নিয়াৰ লক্ষ্যৰে গুৱাহাটীত ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি কৰা হয়। অসম-ইউৰোপ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰি গুৱাহাটীত ‘ব্লু ভেলী ক্লাষ্টাৰ’ৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ভাৰত আৰু ভূটানৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হার্ভে ডেলফিনে নেতৃত্ব দিয়া ইউৰোপীয় সংঘৰ উচ্চস্তৰৰ প্ৰতিনিধি আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ ৰেডিছন ব্লুত আজি এই ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি ঘটে। মুখ্যতঃ সোৱাদ, সুগন্ধি, আয়ুস, খাদ্য সংসাধনৰ বিকাশ আৰু শক্তিশালী যোগান শৃংখল কৰাৰ লক্ষ্যৰে শুভাৰম্ভ ঘটা এই ব্লু ভেলী ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপীয় দেশসমূহত অসমৰ বাবে মুকলি হ’ল এক নতুন বজাৰ।

ব্লু ভেলী ক্লাষ্টাৰ মুকলিৰ পাছতে এক যৌথ সংবাদ মেলত হার্ভে ডেলফিনৰ ঘোষণা- ইউৰোপীয় সংঘৰ ৯০ বিলিয়ন ডলাৰৰ বজাৰত অসমৰ বাট মুকলি হ’ল। ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণিত মুখ্যমন্ত্রীয়ে কয়, ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু উদ্যোগৰ বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব । কৃষকসকলক কেন্দ্ৰবিন্দুত ৰাখি গঢ়ি তোলা এই পদক্ষেপসমূহে অসমৰ কৃষিজ আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে এক শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব । এই যৌথ সংবাদ মেলত মুখ্যমন্ত্রী ড° শর্মাই কয়- অসম এতিয়া কেৱল ভৌগোলিকভাৱে নহয়, অর্থনৈতিকভাৱেও এক গুৰুত্বপূৰ্ণ ঠাই। ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি আৰু ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু উদ্যোগৰ বিকাশৰ দুৱাৰ মুকলি কৰিব। কৃষকসকলক কেন্দ্ৰবিন্দুত ৰাখি গঢ়ি তোলা এই পদক্ষেপসমূহে অসমৰ কৃষিজ আৰু প্ৰাকৃতিক সম্পদক বিশ্বৰ বজাৰৰ সৈতে সংযোগ কৰিব।

মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে যোৱা দশকত পথ, ডিজিটেল সংযোগ, যোগাযোগ আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত হোৱা ব্যাপক অগ্রগতিয়ে অসমৰ পৰিৱৰ্তন ঘটাইছে। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্রমণ আৰু টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰিদৰ্শনে ৰাজ্যখনৰ বিকাশৰ গতি আৰু সম্ভাৱনাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় আস্থাক অধিক শক্তিশালী কৰিছে। ইউৰোপীয় সংঘৰ এই ভ্রমণে অসম-ইউৰোপ সহযোগিতাৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিব আৰু অনাগত দিনত বহু গুৰুত্বপূৰ্ণ পদক্ষেপৰ পথ প্রশস্ত কৰিব। ইয়াৰ পূর্বে ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসম দ্রুতগতিত ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূৰ্ণ দুৱাৰমুখ হিচাপে আত্মপ্রকাশ কৰিছে। ব্লু ভেলী ক্লাষ্টাৰৰ পদক্ষেপে অসমৰ প্ৰাকৃতিক উপাদানক বিশ্বব্যাপী মূল শৃংখলৰ সৈতে সংযোগ কৰি বিনিয়োগ, উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশৰ নতুন দিশ উন্মোচন কৰিব।

তেওঁ কয়- ২০৩০ৰ ভিতৰত ভাৰত-ইউৰোপীয় সংঘৰ সহযোগিতাই নতুন দিশ লাভ কৰাৰ লগতে ব্লু ভেলী ক্লাষ্টাৰৰ পদক্ষেপে উদ্ভাৱন, উদ্যোগ আৰু বহনক্ষম বিকাশৰ জৰিয়তে এই অংশীদাৰিত্বক স্থানীয় সুযুগলৈ ৰূপান্তৰ কৰিব। ইউৰোপীয় সংঘৰ সৈতে অসমত অংশীদাৰিত্বই ভাৰত-ইউৰোপৰ সহযোগিতা শক্তিশালী কৰাৰ সমান্তৰালকৈ অসমৰ কৃষকৰ বাবে সুযোগ সৃষ্টি কৰিব। অসমৰ চাহপাত, আগৰ কাঠ, জৈৱিক খাদ্য, প্রাকৃতিক সুগন্ধি-সোৱাদ, আয়ুসভিত্তিক সুস্থতা সামগ্ৰী আদিয়ে বজাৰৰ সৃষ্টি কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, মহিলা, আত্মসহায়ক গোট, স্টার্টআপ, গৱেষক আৰু উদ্যোগীসকলক আন্তঃৰাষ্ট্ৰীয় মূল্য শৃংখলৰ সৈতে সংযোগ কৰিব। মুখ্যমন্ত্ৰীয়ে ইয়াকো উল্লেখ কৰে এই কাৰ্যসূচীৰ জৰিয়তে সকলোতকৈ লাভৱান হ’ব কৃষকসকল। কৃষকসকলৰ উৎপাদন ইউৰোপীয় দেশসমূহলৈ লৈ যোৱাৰ এক বাট মুকলি হ’ব এই প্ৰক্ৰিয়াৰ দ্বাৰা। তেওঁ কয়- ভাৰতীয় ৰিজার্ভ বেংকে ইতিমধ্যে অসমক দ্রুত উন্নয়নশীল ৰাজ্য হিচাপে স্বীকৃতি দিছে।

আগন্তুক ৫ বছৰ অসমৰ বাবে হ’ব বিকাশৰ দিন। অসম তথা উত্তৰ-পূব সদায়ে বিনিয়োগৰ এক কেন্দ্ৰ হিচাপে চিহ্নিত হৈ আহিছে। সেয়েহে অসম অনাগত সময়ত দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ ৰূপে প্রতিষ্ঠিত হ’ব। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে অহা ১ জুলাইত গুৱাহাটীত অনুষ্ঠিত হ’বলগা ভাৰত-জাপান শীর্ষ সন্মিলনৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়-১ জুলাইৰ পৰা ৩ জুলাইলৈ জাপানৰ প্ৰধানমন্ত্ৰীয়ে অসম ভ্রমণ কৰিব। তেওঁক সংগ দিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। সেয়েহে আগন্তুক দিনসমূহ অসমৰ বাবে অধিক লাভজনক হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই সমগ্ৰ দিশসমূহ নিৰ্ভৰ কৰিছে আমি কিদৰে ইয়াৰ সুযোগ ল’ব পাৰোঁ। উল্লেখ্য যে ব্লু ভেলী ক্লাষ্টাৰ প্ৰকল্পৰ শুভাৰম্ভণিৰ লগে লগে অসমৰ থলুৱা কৃষক, উদ্যোগী আৰু ষ্টার্টআপসমূহে ইউৰোপীয় সংঘৰ অন্তর্ভুক্ত দেশসমূহৰ সৈতে প্রত্যক্ষভাৱে ব্যৱসায়-বাণিজ্য আৰম্ভ কৰিব পাৰিব। তদুপৰি এই প্ৰকল্পই বহনক্ষম অর্থনৈতিক উন্নয়নৰ জৰিয়তে নতুন নতুন নিয়োগৰ সৃষ্টি কৰিব। মন কৰিবলগীয়া যে ব্লু ভেলী ক্লাষ্টাৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ ঐতিহ্যৰ সৈতে জড়িত প্রাকৃতিক সম্পদসমূহৰ দ্বাৰা কিদৰে বাণিজ্য মজবুত কৰিব পাৰি সেই সন্দৰ্ভত এক প্রদর্শনীৰো আয়োজন কৰা হৈছে।

এই প্ৰদৰ্শনীত আগৰৰ পৰা আৰম্ভ কৰি বিভিন্ন প্রাকৃতিক সম্পদৰ সহায়ত উৎপাদন কৰা পাৰফিউম, প্রসাধন সামগ্ৰীৰ লগতে বিশ্ববিখ্যাত অসমৰ লিচুৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহো প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হার্ভে ডেলফিন, কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব চি বি জর্জ, ভাৰতস্থিত বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডেৰহাছেল্ট, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বহু সংখ্যক বিষয়া ইউৰোপিয়ান ডিপ্লমেটিক কৰ্প’ৰেশ্যনৰ প্রতিনিধি, ফেডাৰেচন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া (এফইবিআই)ৰ প্ৰতিনিধি, বহুকেইজন উদ্যোগী, প্রাতিষ্ঠানিক অংশীদাৰসকল উপস্থিত থাকে।
