বিতৰণ হ’ল ড° হিমন্ত বিশ্ব শর্মা মন্ত্ৰীসভাৰ দপ্তৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অপেক্ষাৰ অন্ত পৰিল ৷ সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সোমবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ হ’ল। ৫ জুনত নতুনকৈ শপত লোৱা ১২গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ কৰিছিল ৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড° শৰ্মাৰ প্ৰথমটো কার্যকালত গুৰুত্বপূৰ্ণ দপ্তৰ চম্ভালি থকা বহু মন্ত্ৰীৰ দপ্তৰ সলনি কৰা হৈছে এইবাৰ। সেই অনুসৰি ৰাজ্য প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বিত্ত দপ্তৰৰ দায়িত্ব লাভ কৰিছে মন্ত্রী জয়ন্ত মল্লবৰুৱাই। আনহাতে, মন্ত্রী পীযূষ হাজৰিকাক পূৰ্বৰ জলসম্পদ বিভাগৰ দায়িত্বৰ পৰা সলনি কৰি এইবাৰ অৰ্পণ কৰা হৈছে গুৰুত্বপূৰ্ণ কৃষি বিভাগ। আনহাতে, জলসম্পদৰ দায়িত্ব লাভ কৰিছে নতুনকৈ মন্ত্রীসভাত স্থান লাভ কৰা ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে। গুৰুত্বপূৰ্ণ এনে সালসলনিৰ বিপৰীতে মুখ্যমন্ত্রী ড° শৰ্মাৰ প্ৰথমটো কাৰ্যকালত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অশোক সিংহলে এইবাৰো একেই বিভাগৰ দায়িত্ব লাভ কৰাৰ লগতে শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰিছে ডাঃ ৰণোজ পেগুৱে। একেদৰে কেশৱ মহন্তক পূৰ্বৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, বিজ্ঞান-প্রযুক্তি বিভাগৰ দায়িত্বৰ লগতে এইবাৰ নতুনকৈ সাধাৰণ প্রশাসন বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে। প্ৰথমটো কাৰ্যকালৰ পশুপালন, মীন বিভাগৰ দায়িত্বত থকা কৃষ্ণেন্দু পালক এইবাৰ অর্পণ কৰা হৈছে জনস্বাস্থ্য কাৰিকৰী, পার্বত্য অঞ্চল আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ। মীন আৰু পশুপালন বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে মঙলদৈ সমষ্টিৰ বিধায়িকা নীলিমা দেৱীক। ইফালে, হস্ততাঁত, বস্ত্রশিল্প, ৰেচম, দক্ষতা-নিয়োগ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে মন্ত্রী বিশ্বজিৎ দৈমাৰীক। মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰা দপ্তৰসমূহ এনেধৰণৰ-
মুখ্যমন্ত্রী- গৃহ-ৰাজনৈতিক, লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, পথ), শক্তি, তথ্য-জনসংযোগ, ছপা আৰু লেখন সামগ্রী বিভাগ;
অশ্বিনী ৰায় সৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়নৰ দপ্তৰ প্ৰদান;
অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, স্বাস্থ্য শিক্ষা আৰু গৱেষণাৰ দপ্তৰ প্ৰদান;
বিমল বড়াক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, এক্ট ইষ্ট পলিচী পৰিক্ৰমাৰ দপ্তৰ প্ৰদান;
বিশ্বজিৎ দৈমাৰীক হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগ, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যোমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ দপ্তৰ প্ৰদান;
জয়ন্ত মল্লবৰুৱাক বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ সম্পদৰ দপ্তৰ প্ৰদান;
কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিক্ৰমা, সমবায়ৰ দপ্তৰ প্ৰদান;
কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসনৰ দপ্তৰ প্ৰদান;
কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাহাৰীয়া এলেকা, বৰাক উপত্যকা উন্নয়নৰ দপ্তৰ প্ৰদান;
নীলিমা দেবীক পশুপালন আৰু পশু চিকিৎসা, মীন পালন বিভাগৰ দপ্তৰ প্ৰদান;
পীযূষ হাজৰিকাক কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব প্ৰদান;
ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতীয় পৰিক্ৰমা (ভৈয়াম), তথ্য প্ৰযুক্তিৰ দপ্তৰ প্ৰদান;
সুশান্ত বৰগোহাঁইক জল সম্পদ, ন্যায় বিভাগৰ দায়িত্ব প্ৰদান;
আনহাতে, ইয়াৰ পূৰ্বে ১৪ মে’ তাৰিখে ৪গৰাকী মন্ত্ৰীৰ দপ্তৰ প্ৰদান কৰা হৈছিল ৷ সেই অনুসৰি-
অতুল বৰা- পঞ্চায়ত-গ্রামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ;
অজন্তা নেওগ -মহিলা আৰু শিশু বিকাশ, পৰ্যটন বিভাগ;
ৰামেশ্বৰ তেলী- শ্রম কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ, ৰূপান্তৰণ আৰু উন্নয়ন প্ৰাধিকৰণ বিভাগ;
চৰণ বড়ো- পৰিবহণ, বড়োলেও কল্যাণ বিভাগ।
ইফালে, বিত্তীয় দপ্তৰ লাভৰ পিছতেই প্রতিক্রিয়া প্ৰকাশ কৰি জয়ন্ত মল্লবৰুৱাই কয়- মুখ্যমন্ত্রীয়ে বিত্ত বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অর্পণ কৰাৰ বাবে ধন্যবাদ দিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে আশা কৰা ধৰণে ৰাজ্যৰ সেৱাত তথা অসমবাসীক সেৱাৰ লগতে ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে কাম কৰিম। আনহাতে, বিশ্বজিৎ দৈমাৰীয়ে নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰি কয়- আজি দপ্তৰ বিতৰণৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে মোৰ ওপৰত যি ধৰণৰ দায়িত্ব অর্পণ কৰিছে, তাক সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিম। তদুপৰি মোক অর্পণ কৰা বিভাগসমূহৰ জৰিয়তে নতুন প্ৰজন্মক কিদৰে আগুৱাই নিব পাৰি, সেইক্ষেত্ৰত কাম কৰিব লাগিব। নিবনুৱা যুৱক-যুৱতীসকলক দক্ষ কৰি কিদৰে আত্মসংস্থাপন দিব পাৰি, সেই দিশত কাম কৰিব লাগিব। ইফালে, নতুন মন্ত্রী হিচাপে পশুপালন আৰু মীন বিভাগৰ দপ্তৰ লাভ কৰা নীলিমা দেৱীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয়- মোক অর্পণ কৰা দায়িত্ব নিয়াৰিকৈ পালনৰ চেষ্টা কৰিম। ৰাজ্যৰ চৌদিশে থকা জলাশয়সমূহত মীনপালনৰ জৰিয়তে ৰাজ্যত মাছৰ উৎপাদন বৃদ্ধি কৰাৰ চেষ্টা চলাম। ইয়াৰ জৰিয়তে কর্মসংস্থাপনৰো সৃষ্টি হ’ব। মোক অর্পণ কৰা দুয়োটা বিভাগৰ জৰিয়তে কিদৰে ৰাজহ বৃদ্ধি কৰিব পৰা যায়, তাৰ ওপৰত গুৰুত্ব দিম।মন্ত্রী বিমল বড়াই প্রতিক্রিয়া প্রকাশ কৰি কয় যে, অসমবাসীৰ সেৱাৰ্থে আস্থা আৰু বিশ্বাস অটুট ৰাখি পুনৰবাৰ আমাক অসম চৰকাৰ তিনিটাকে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অর্পণ কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ লগতে এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ দায়িত্ব লাভ কৰাটো আমাৰ বাবে এক গৌৰৱৰ বিষয়। বিগত কার্যকালত সাংস্কৃতিক পৰিক্ৰমা আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালনৰ সময়ত অসমৰ ঐতিহ্য আৰু পৰিচয়ক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ লগতে অসমত বিনিয়োগ আকর্ষণ আৰু উদ্যোগ প্ৰতিষ্ঠাৰ এক সুবর্ণ সুযোগ লাভ কৰিছিলোঁ আৰু তাক ৰূপায়ণৰ বাবে প্রয়াস কৰি গৈছিলোঁ। মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিহু, বাগুৰুম্বা আৰু ঝুমইৰ নৃত্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সমৃদ্ধ সংস্কৃতিৰ গৌৰৱ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। লগতে ‘এডভান্টেজ আসাম ২.০’ৰ জৰিয়তে অসমে বৃহৎ বিনিয়োগৰ জৰিয়তে ঔদ্যোগিক খণ্ডত নতুন গতি লাভ কৰিছিল। এক্ট ইষ্ট নীতি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক কৌশলগত দিশ। দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ, বাণিজ্য, পর্যটন আৰু সাংস্কৃতিক আদান-প্রদান বৃদ্ধি কৰি এই নীতিয়ে অসমক এক আঞ্চলিক গেটরে হিচাপে অধিক শক্তিশালী কৰি তুলিছে। মন্ত্রী বিমল বড়াই লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত আমি টীম আছাম হিচাপে একেলগে আগবাঢ়ি অসমবাসীৰ আশা-আকাংক্ষা পূৰণৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি যাম।
