ফিলিপাইনছত ৭.৮ প্ৰাবল্যৰ ভূমিকম্প
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে পুৱাই এক উচ্চ প্ৰাবল্য়ৰ ভূমিকম্পই জোকাৰি যায় ফিলিপাইনছক ৷ ৰিখটাৰ স্কেলত ৭.৮ প্রাবল্যৰ এই সাগৰীয় ভূমিকম্পৰ ফলত বহু ঘৰ তাচপাতৰ দৰে খহি পৰাৰ ফলত অতি কমেও ৩২জন লোকে প্রাণ হেৰুৱাইছে। ভূমিকম্পৰ তীব্ৰ জোকাৰণিত ধ্বংসস্তূপত পৰিণত হয় বহু অট্টালিকা আৰু দলং। তদুপৰি উপকূলীয় অঞ্চলটোত প্রায় ১ মিটাৰ উচ্চতাৰ সাগৰীয় টোৱে কোবাই যোৱা পৰিলক্ষিত হয়। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ ৰাষ্ট্ৰপতি ফার্ডিনাণ্ড মার্কোছ জুনিয়ৰে ভূমিকম্পৰ ফলত ক্ষতিগ্রস্ত অঞ্চলৰ জনসাধাৰণক পলম নকৰি নিৰাপদ স্থানলৈ যোৱাৰ বাবে জৰুৰী আহ্বান জনাইছে। দেশখনৰ প্ৰশাসনৰ সূত্ৰই সদৰী কৰা মতে মৃত ৩২গৰাকী লোকৰ ভিতৰত অধিকাংশই ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ভয়াৱহ ভূমিস্খলনৰ বাবেই হৈছে। সাৰাংগানি প্ৰদেশৰ পাহাৰীয়া গ্লান চহৰত ভূমিস্খলনে বহু ঘৰ পুতি পেলোৱাৰ ফলত ১৩জন লোকৰ মৃত্যু হয়। তদুপৰি একেখন চহৰৰে কেইবাটাও স্থানত আন চাৰিজন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। সোমবাৰে পুৱা ৭.৩০ বজাত হোৱা ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ৭ লাখ জনসংখ্যাৰ বাণিজ্য কেন্দ্ৰ জেনেৰেল চান্তোষ চহৰৰ পৰা ১৩ কিলোমিটাৰ দক্ষিণ-পশ্চিমৰ সাগৰৰ বুকুত ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ আছিল বুলি ফিলিপাইনছৰ আগ্নেয়গিৰি আৰু ভূমিকম্প অধ্যয়ন প্রতিষ্ঠানে সদৰী কৰিছে। ইফালে, তাৎক্ষণিকভাৱে হোৱা দুৰ্যোগৰ বাবে জেনেৰেল চান্তোষৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ইতিমধ্যে ১৭খন ঘৰুৱা বিমানৰ যাত্রা বাতিল কৰা হৈছে। অসামৰিক প্ৰতিৰক্ষা বিভাগে সদৰী কৰা মতে পুৱাৰ প্ৰাৰ্থনা সভাত অংশ লৈ থকা অৱস্থাতে অহা জোকাৰণিৰ বাবে বিভিন্ন বিদ্যালয়ৰ শতাধিক ছাত্র-ছাত্রী আতংকিত হৈ ঢলি পৰে। ইয়াৰ ফলত কেইবাগৰাকীও শিক্ষার্থী আহত হয়। প্রশান্ত মহাসাগৰীয় ছুনামি সতৰ্কীকৰণ কেন্দ্ৰই এই ভূমিকম্পৰ পিছতে সাৱধানবাণী জাৰি কৰিছে। ভূমিকম্পৰ জোকাৰণি চুবুৰীয়া দেশ মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু পালাও পর্যন্ত অনুভূত হোৱাৰ পৰিপ্ৰেক্ষিতত সেই দেশসমূহতো ছুনামিৰ সতর্কবাণী জাৰি কৰা হৈছে। ভূমিকম্পৰ পিছতে উপকূলীয় অঞ্চলসমূহত সম্প্রতি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
