প’ষ্ট মেল’নৰ পাছত গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ববিখ্যাত ৰকষ্টাৰ প’ষ্ট মেলনৰ সফল কনচাৰ্টৰ পাছত এইবাৰ অসমলৈ আহিব বিশ্বৰ অন্যতম কিংবদন্তি হার্ড ৰক বেণ্ড গানছ এন ৰ’জেছ (Guns N’ Roses) । সংগীত পৰ্য্য়টনৰ অধীনত অহা ১৭ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব বিশ্ববিখ্যাত ৰক বেণ্ডটোৱে । ৰাজ্যৰ সংগীতপ্রেমীসকললৈ আনুষ্ঠানিকভাৱে এই সুখবৰ দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই সন্দর্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শৰ্মাই এইদৰে লিখিছে- ‘সাংগীতিক অর্থনীতি তথা সাংস্কৃতিক পর্যটনত অগ্ৰাধিকাৰ দি আমাৰ আন এক বৃহৎ আয়োজন- বিশ্বৰ অন্যতম কিংবদন্তি ৰক বেণ্ড ‘গান্ছ এন ৰ’জেছ’ক অহা ১৭ নৱেম্বৰত গুৱাহাটীলৈ আমন্ত্রণ। বিশ্বমানৰ সংগীতানুষ্ঠানেৰে বিনোদনৰ মানচিত্ৰত এই অনুষ্ঠানে অসমৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰিব। প’ষ্ট মেল’নৰ ঐতিহাসিক সংগীতানুষ্ঠানৰ অভূতপূর্ব সফলতাৰ পিছত অসম ধীৰে ধীৰে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আৰু লাইভ কনচাৰ্টৰ এক পছন্দৰ গন্তব্যস্থলী হিচাপে আন্তপ্রকাশ কৰিছে। দেশৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শকে অসমৰ উষ্ম আতিথ্য, বৈচিত্র্যপূর্ণ সংস্কৃতি, সুস্বাদু খাদ্য আৰু সেউজ পৰিৱেশৰ অভিজ্ঞতা লাভ কৰিব। অসম পর্যটনক নতুন গতিলৈ লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপসমূহে এতিয়া স্পষ্ট ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে। এইধৰণৰ বিশ্বমানৰ অনুষ্ঠানসমূহে কেৱল বিনোদনৰ ক্ষেত্ৰতে আবদ্ধ নাথাকি পর্যটন, হোটেল, ব্যৱসায়, স্থানীয় উদ্যোগ আৰু সামগ্রিক অর্থনীতিতো নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসম এতিয়া কেৱল প্রাকৃতিক সৌন্দৰ্যৰ বাবেই নহয়, বিশ্বমানৰ অভিজ্ঞতাৰ বাবেও লাভ কৰিছে পৰিচিতি। উল্লেখযোগ্য যে ৰক বেণ্ড গানছ এন ৰ’জেছ হৈছে ১৯৮৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত গঠন হোৱা এক বিশ্ববিখ্যাত হার্ড ৰক বেণ্ড। ১৯৮০-ৰ দশকত পপ আৰু গ্লেম মেটেলৰ প্ৰভাৱ বেছি থকাৰ সময়তে, গানছ এন ৰ’জেছ-এ তেওঁলোকৰ পাৰস্পৰিক ৰক সংগীতেৰে সংগীত জগতত এক আলোড়ন সৃষ্টি কৰিছিল। সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনত ৰক বেণ্ড গানছ এন ৰ’জেছক সন্মানীয় ‘ৰক এণ্ড ৰোল হল অব ফেম’ত অন্তর্ভুক্ত কৰা হৈছিল। ‘ৱেলকাম টু দ্যা জাংগল’, ‘পেৰাডাইছ চিটি’, ‘নৱেম্বৰ ৰেইন’ আৰু ‘ছুইট চাইল্ড অ’ মাইন’ৰ দৰে বিশ্বব্য়াপী গীতেৰে ‘গানছ এন ৰ’জেছ’-এ বিশ্ব সংগীতৰ জগতত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে । বেণ্ডটোৰ লাইভ সংগীতানুষ্ঠানে প্ৰজন্মৰ পিছত প্ৰজন্মক আকৰ্ষিত কৰি আহিছে । ইউৰোপ, মধ্যপ্ৰাচ্য, এছিয়া আৰু লেটিন আমেৰিকাত ২০২৫ চনৰ সফল ভ্ৰমণৰ পিছত দলটোৱে ভাৰত ভ্ৰমণৰ কাৰ্যসূচী হাতত লোৱাৰ লগতে বিগত বছৰ ‘নাথিন’ আৰু ‘এটলাছ’ শীৰ্ষক দুটি গীতও মুকলি কৰে । ২০২৩ চনৰ পিছত এয়াই আছিল বেণ্ডটোৰ সংগীতৰ নতুন সৃষ্টিৰাজি । ইফালে নাইট্ৰেইন ফেন ক্লাব’ৰ সদস্যসকলে ২০২৬ চনৰ ৮ জুনৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ জুনলৈ পুৱা ১০ বজালৈ অনুষ্ঠিত হ’বলগীয়া আগতীয়া টিকট ক্ৰয় পৰ্বত প্ৰথমে প্ৰৱেশ-পত্ৰ সংগ্ৰহ কৰাৰ সুযোগ লাভ কৰিব । অধিক তথ্যৰ বাবে ‘gunsnroses.com’ত লগ ইন কৰিব পাৰিব । সাধাৰণ প্ৰৱেশ-পত্ৰ বিক্ৰী ২০২৬ চনৰ ৯ জুন দিনৰ ১১ বজাৰ পৰা কেৱল বুকমাইশ্ব’ৰ জৰিয়তে আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে । বুক মাইশ্ব’-লাইভইভেন্টছৰ মুখ্য ব্যৱসায়িক বিষয়া নমন পুগলিয়াই কয় যে বিশ্ব ৰক সংগীতৰ ইতিহাসত ‘গান্ছ এন ৰ’জেছ’-ৰ স্থান অতুলনীয়। তেওঁলোকৰ সংগীতৰ প্ৰভাৱ আজিও বিভিন্ন প্ৰজন্মৰ মাজত সমানে অনুভৱ কৰা যায়। যোৱা বছৰৰ ভাৰতীয় অনুষ্ঠানসমূহত লাভ কৰা অভূতপূর্ব সঁহাৰিৰ পিছত পুনৰ তেওঁলোকক দেশলৈ আদৰি আনিব পাৰি আমি গৌৰৱান্বিত। এই আগমন ভাৰতৰ লাইভ মনোৰঞ্জন অনুষ্ঠান আৰু বিশ্বমানৰ সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰত দেশখনৰ ক্রমবর্ধমান গুৰুত্বৰ স্পষ্ট প্রতিফলন। বেংগালুৰু ইতিমধ্যে ভাৰতৰ ৰক সংগীতৰ এক প্ৰধান কেন্দ্র হিচাপে প্রতিষ্ঠিত হৈছে। আনহাতে গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ পৰিসৰত লাইভ অনুষ্ঠানৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহ আৰু সম্ভাৱনাৰ উজ্জ্বল নিদর্শন দাঙি ধৰিছে। আমি দুয়োখন চহৰৰ সংগীতপ্রেমীসকলক এই ঐতিহাসিক অভিজ্ঞতাৰ অংশীদাৰ কৰাৰ বাবে উৎসুক আৰু পুনৰবাৰ ‘গান্ছ এন ৰ’জেছ’-ৰ মঞ্চ পৰিৱেশনৰ সাক্ষী হ’বলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।
