ফাষ্টট্রেক আদালতত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্রিয়া আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰৰ পৰা বহু প্রতীক্ষিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সোমবাৰে আদালতত উপস্থিত হৈ সাক্ষ্যদান দৰে ৪ গৰাকী সাক্ষীয়ে । সাক্ষ্যদান কৰা লোকসকলৰ ভিতৰত আছিল, জুবিন গাৰ্গৰ হত্যাৰ প্ৰথমখন এজাহাৰ দাখিল কৰা মৰিগাঁৱৰ অধিবক্তা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মন, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ আৰু এছআই প্ৰণৱ শইকীয়া ৷ অহা ২০ জুনলৈকে প্রতিদিনে আদালতত সাক্ষ্য গ্ৰহণ কৰা হ’ব। ভাৰতীয় ন্যায় সংহিতাৰ ৩৬,৩৭,৩৮ ধাৰাৰ অধীনত চলা এই বিচাৰ প্ৰক্ৰিয়াত প্রায় ৩৪৯গৰাকী সাক্ষীৰ ভিতৰত বিচাৰটোত সহায় হোৱাকৈ চৰকাৰী অধিবক্তাই সাক্ষী প্রদান কৰিব। সাক্ষ্যদানকাৰীৰ তালিকাত আছে চিংগাপুৰৰ প্ৰৱাসী অসমীয়াও। জয় জুবিনদা ধ্বনিৰে আদালতত সাক্ষ্য প্রদানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অধিবক্তা ৰাতুল বৰাই কয় যে পাঁচ ঘণ্টা ভালদৰে অধ্যয়ন কৰিহে এজাহাৰখন মই দিছোঁ। এজাহাৰখন যথেষ্ট শক্তিশালী আছিল বাবে আজি মোক সাক্ষ্য প্রদানৰ বাবে মতা হৈছে। প্রতি পক্ষৰ অধিবক্তাৰ মতে মই গোচৰটো আৱেগত দিছোঁ। বিষয়টোৰ প্ৰতি কোনো জ্ঞান-ধাৰণা মোৰ তেওঁলোকৰ মতে নাই। আদালতত সাক্ষ্য প্ৰদানৰ সময়তো তেওঁলোকে বহু ধমকি দিছে। কথা ক’বই মোক দিয়া নাছিল। দৰাচলতে এজাহাৰখন আৱেগত দিয়া বুলি তেওঁলোকে প্রতিষ্ঠা কৰিব বিচাৰিছিল। কিন্তু মই অধ্যয়ন নকৰাকৈ এজাহাৰখন দিয়া নাছিলোঁ। এই গোচৰটোত অপৰাধমূলক ষড়যন্ত্র নিশ্চিতভাৱে নিহিত হৈ আছে। তেওঁলোকে যিপ্রশ্ন কৰিছে মোৰ আগত সকলো ধূলিসাৎ হৈ গৈছে। জুবিনদাৰ চিজাৰ এটেক অহা বিষয়টো মই নেমকেয়াৰ হাস্পতালতে গম পাওঁ। চিকিৎসকে সেই সময়ত পৰিয়ালৰ লগতে আমাকো কৈছিল যে এই বেমাৰ হ’লে ডাইভিং, পানী, জুই এইবোৰত যাব নালাগে। তদুপৰি মৃগী বেমাৰ যাতে বাঢ়ি নাযায়, তাৰ বাবে সুৰা সেৱন কৰিব নালাগে। জুবিনদাৰ লগত তেওঁলোকে গোটেইখিনি কৰিলে। ৰাতি পলমকৈ মদ খুৱাই আকৌ পানীত নামিবলৈ এৰি দিলে। চিজাৰ অহাৰ ক্ষেত্ৰত মদে সহায় কৰে। এই সকলোবোৰ কথা আদালতক মই অৱগত কৰিছোঁ। তেওঁলোকে মোক ভালদৰে বিষয়বোৰ ক’বলৈ দিয়া নাছিল যদিও আদালতে বাধ্য হৈ হস্তক্ষেপ কৰিবলগীয়া হয়। ইপিনে, বহু প্রতীক্ষিত প্ৰাণৰ শিল্পীৰ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথম দিনাখন চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে কয় যে আজিৰ পৰা গোচৰটোৰ প্ৰকৃত বিচাৰ প্ৰক্ৰিয়া আৰম্ভহৈছে। চাৰিজন সাক্ষী আজি মতা হৈছিল। তেওঁলোকৰ সাক্ষ্য লোৱা হ’ল। অধিবক্তা ৰাতুল বৰাৰ সাক্ষ্য আদালতে ভালদৰে লৈছে। আদালতত তেওঁক প্রতিপক্ষৰ অধিবক্তাই বহু জেৰা কৰিছিল। কিন্তু সকলোবোৰ প্ৰশ্নৰ সঠিক উত্তৰ তেওঁ দিছে। ইপিনে, বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথম দিনাখন আদালতত উপস্থিত থাকি শিল্পী পত্নী গৰিমা শইকীয়া গাৰ্গে আইনী প্ৰক্ৰিয়াৰ ওপৰত পুনৰ আস্থা প্রকাশ কৰি কয় যে জুবিন গাৰ্গৰ নামত উচিত বিচাৰ আমি পাম। আমি ধৈৰ্যৰে বাট চাই আছোঁ। আইনী প্ৰক্ৰিয়াৰ ওপৰত সদায়ে দৃঢ় বিশ্বাস লৈ আগবাঢ়িছোঁ। সেইমর্মে আজিৰে পৰা প্ৰধান বিচাৰ কাৰ্য আৰম্ভ হৈছে। ৩৯৪জন সাক্ষীৰ তালিকাভুক্ত হৈ আছে। সকলোকে হয়তো নামাতিব। যিসকলৰ সাক্ষ্যই আদালতক বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰে, তেনে লোকৰহে ভাষ্য হয়তো গ্রহণ কৰিব। এনেকৈ নিৰ্ধাৰিত সময়মর্মে আগবাঢ়িলে আমি সোনকালে সমিধান এটা পাম বুলি আশা কৰিব পাৰি। মুঠৰ ওপৰত সমগ্র তথ্য-প্রমাণ, সাক্ষ্যসহ আদালতৰ মজিয়াত প্রমাণ হ’ব লাগে আৰু দোষীয়ে গুৰুতৰ শাস্তি পাব লাগে। এইখিনি মোৰ লগতে সমগ্ৰ অসমবাসীৰে মনৰ কথা।
