অসমৰ দুই জোৱান ভাৰ্গৰ-ধ্ৰুৱজ্যোতিক শৌর্য চক্ৰৰে সন্মানিত
ৰঙিলী বাৰ্ত্তাসেৱা- বীৰত্ব, ত্যাগ আৰু দেশমাতৃ সেৱাৰ এক গৌৰৱময় স্বীকৃতি। ভাৰতীয় সেনাৰ সাহসী বিষয়া মেজৰ ভাৰ্গৱ কলিতাক সন্ত্রাসবিৰোধী অভিযানত দেখুওৱা অসামান্য বীৰত্ব, নেতৃত্ব আৰু কৰ্তব্যনিষ্ঠাৰ বাবে দেশৰ অন্যতম সৰ্বোচ্চ শান্তিকালীন বীৰত্ব সন্মান শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে । সোমবাৰে বিয়লি নতুন দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসমবাসীক গৌৰৱান্বিত কৰা বীৰ জোৱান মেজৰ ভাৰ্গৰ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্তক শৌর্য চক্ৰৰে সন্মানিত কৰা হয়। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে অসমৰ দুয়োগৰাকী বীৰ সন্তানৰ লগতে দেশৰ আন কেইবাগৰাকী বীৰ জোৱানক সন্মানিত কৰে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান ২০২৬ৰ প্ৰথম পৰ্যায়ত প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চল আৰক্ষীৰ কৰ্মীসকলক এই বঁটা প্ৰদান কৰা হয় ৷ এই বঁটাসমূহৰ ভিতৰত আছে ৭ টা কীৰ্তি চক্ৰ (২ টা মৰণোত্তৰভাৱে), ১৫ টা বীৰ চক্ৰ (৩ টা মৰণোত্তৰভাৱে); ২৯ টা (১ টা মৰণোত্তৰভাৱে) শৌৰ্য চক্ৰ প্ৰদান কৰা হয় । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীসহ দেশৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উল্লেখযোগ্য যে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্তক মণিপুৰৰ ইম্ফল উপত্যকাত বান সাহায্য অভিযানৰ বাবে যোৱা এটা দলক কঢ়িয়াই নিয়া এখনবাহন চলোৱাৰ দায়িত্ব দিয়া হৈছিল। উক্ত অভিযান সম্পূৰ্ণ কৰি তেওঁলোক উভতি অহাৰ সময়ত, সন্ধিয়া ৫-৪০ বজাত বিষ্ণুপুৰ জিলাৰ নাম্বোল চাবাল লেইকাইত ৰাষ্ট্ৰীয় ঘাইপথ-২ত কিছু অজ্ঞাত লোকে আক্রমণ চলায়। সেই সময়ত দত্তই বাহনখন চলাই আছিল আৰু নায়ক ছুবেদাৰ শ্যাম গুৰুং সহঃ চালকৰ আসনত আছিল। প্রথমে গুলীচালনাত নায়ক ছুবেদাৰ শ্যাম গুৰুঙৰ ডিঙিত গুলী লাগে আৰু তেওঁ শ্বহীদ হয়। আনহাতে, চালক দত্তৰ উৰু, বুকু, কান্ধ আৰু বাহুত একাধিক গুলীৰ আঘাত লাগে। গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাহনখনৰ টায়াৰসমূহ ক্ষতিগ্রস্ত হোৱাৰ পাছতো দত্তই উপস্থিত বুদ্ধিৰ পৰিচয় দি গুলীচালনাৰ মাজতে বাহনখন চলাই সেই স্থানৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়। নিজৰ জীৱনকো উপেক্ষা কৰি তেওঁ দেখুওৱা বীৰত্বৰ বাবেই বাহনখনৰ পিছফালে থকা আঠজন সহযোদ্ধাৰ জীৱন ৰক্ষা পৰিল। যাৰবাবে অসাধাৰণ বীৰত্ব, কৰ্তব্যনিষ্ঠাৰ স্বীকৃতি স্বৰূপে দত্তক ‘শৌর্য চক্ৰ’ বীৰত্ব পদকেৰে সন্মানিত কৰা হৈছে। আনহাতে, মেজৰ ভাৰ্গৰ কলিতাই ২০২২ চনৰ অক্টোবৰ মাহৰ পৰা তিনিটা সফল অভিযানত অংশগ্রহণ কৰি তিনিজন কুখ্যাত সন্ত্রাসবাদীক নিষ্ক্রিয় কৰাৰ লগতে চাৰিজন সক্রিয় ‘অ’ভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ’ (OGW)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে ভিতৰত ২০২৪ চনৰ ২ ডিচেম্বৰত অতি কম সময়ৰ জাননীতে মেজৰ কলিতাই এক নিখুঁত পৰিকল্পনাৰে অভিযানৰ নেতৃত্ব দি সফলভাবে এক কুখ্যাত সন্ত্রাসবাদীক নিধন কৰে। অসাধাৰণ সামৰিক কৌশল আৰু সম্পূর্ণ গোপনীয়তা বজাই ৰাখি তেওঁ অতি ওচৰৰ পৰা প্ৰথমে সন্ত্রাসবাদীজনক আত্মসমর্পণ কৰিবলৈ আহ্বান জনাইছিল যদিও সন্ত্রাসবাদীজনে নির্বিচাৰে গুলীচালনা আৰম্ভ কৰে। এনে পৰিস্থিতিত অতি সাহসেৰে তেওঁ যুঁজ দিয়াত শেষত সন্ত্রাসবাদীটো নিহত হয়। নিহত সন্ত্রাসবাদীটো কুখ্যাত আছিল, তেওঁ সাতজন নিৰীহ অসামৰিক লোকক হত্যাৰ লগতে নিৰাপত্তা বাহিনীৰ ওপৰত একাধিক ভয়ংকৰ আক্ৰমণত জড়িত আছিল। অদম্য সাহস, দুর্দান্ত পৰিকল্পনা, সবল নেতৃত্ব আৰু গুৰুত্বপূর্ণ অভিযান সফলভাবে সম্পন্ন কৰাৰ বাবে মেজৰ ভাৰ্গৰ কলিতাক ‘শৌর্য চক্র’ পদকেৰে সন্মানিত কৰা হৈছে। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে দুয়োগৰাকী বীৰ সন্তানলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয়,বীৰত্ব, ত্যাগ আৰু দেশমাতৃ সেৱাৰ এক গৌৰৱময় স্বীকৃতি। অসম সন্তান মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্রুৱজ্যোতি দত্ত শৌৰ্য চক্ৰৰে সন্মানিত হোৱাৰ এই ক্ষণ কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেখেতসকলৰ অসাধাৰণ সাহস, অটল কৰ্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ সুৰক্ষাৰ প্ৰতি নিঃস্বাৰ্থ সমৰ্পণে ৰাষ্ট্ৰসেৱাৰ সৰ্বোচ্চ আদৰ্শক প্ৰতিফলিত কৰিছে। এই সন্মানে অসমৰ যুৱপ্ৰজন্মক দেশপ্ৰেম, শৃংখলা আৰু আত্মত্যাগৰ মূল্যবোধেৰে অনুপ্ৰাণিত কৰিব। দুয়োগৰাকী বীৰ সন্তানলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। অসম আপোনালোকক লৈ গৌৰৱান্বিত।
