মনঃস্বাত্বিক একত্রীকৰণ – দুলুমণি দেৱী

Pc Power of Positivity

মনঃস্বাত্বিক একত্রীকৰণ

দুলুমণি দেৱী
মাকুম

মনঃস্বাত্বিক একত্রীকৰণ বর্তমান সময়ৰ এটা গুৰুত্বপুর্ণ বিষয় কিয়নো ই বিশ্বায়নৰো অন্যতম এটা কাৰক ৷  দেশৰ জনসাধাৰণৰ মাজত মানসিকভাৱে একতা,আৰু সহযোগিতাৰ মাধ্যমেৰে বিশ্বাস আৰু সমন্বয় গঢ়ি তোলা  যাতে  দেশৰ অখণ্ডতা আৰু দেশপ্ৰেম বৰ্তাই ৰখাত সুবিধা হয় ৷

পাৰস্পৰিক আন্তঃসযোগে কেৱল যে এটা দিশতে মানুহক যে ওচৰ চপাই আনিছে এনে নহয়,প্রত্যেকটো খোজতে সংযোগ স্থাপন কৰি একত্রীকৰণ হোৱাত সহায় কৰিছে ৷ বিশ্বৰ উন্নত তথা আগশাৰী দেশবিলাকৰ লগত কাম কৰাৰো সুযোগ পাইছে৷মনঃস্বাত্বিক একত্রীকৰণৰ মাধ্যমেৰে এখন দেশে অন্য এখন দেশৰ লগত সম্পর্ক গঢ়ি তুলি উন্নতিৰ শিখৰলৈ যা‌‌ব পাৰে ৷

বিশ্বায়ন প্রক্রিয়াৰ সুদূৰ প্রসাৰী প্রভাৱ প্রত্যক্ষ হয় ৷ বিশেষকৈ আমি দেখা পোৱা সমাজখনলৈ যদি মন কৰো দেখিম যে অহৰহ পৰিবর্তনৰ এক অভিনৱ প্রচেষ্টা ৷ ল’ৰালি কালত পংপঙাই থকা সেই গাওঁখন,পথাৰখন,পথাৰখনত বিচৰণ কৰি ফুৰা চৰাইবোৰ আৰু মানুহৰ ধুনীয়া, মনবোৰ এইবোৰেই আৱৰি ৰাখিছিল আমাৰ পৰিবেশ ৷এতিয়া বিশ্বায়নৰ প্রৱল ঢৌত মানুহে বিচাৰে ,ধুনীয়া ঘৰ,ধুনীয়া গাড়ীবোৰ ,ধুনীয়া কাপোৰ,ধুনীয়া আচবাব,আৰু বহুত৷ বৰ্হিৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰাকৈ আগবাঢ়ি যোৱাৰ প্রৱণতা৷এয়া মনঃস্বাত্বিক একত্রীকৰণৰে প্রভাৱ ৷

পাৰস্পৰিক আন্তঃসংযোগে কেৱল যে এটা দিশতে মানুহক ওচৰ চপাই আনিছে এনে নহয়,প্রত্যেকটো খোজতে সংযোগ হবলৈ ,একত্রীকৰণ হবলৈ শিকাইছে৷ বিশ্বৰ উন্নত তথা আগশাৰীৰ দেশবিলাকৰ লগত একত্রীকৰণ হোৱাৰ লগতে ,সেই দেশবিলাকৰ আদর্শ অনুকৰণ কৰিছে ৷ভিন্ন দেশৰ ৰীতি নীতিৰ লগত চিনা পৰিচয় হোৱাতো সহায়ক হৈছে ৷অর্থনৈতিক দিশতো সংযোগ স্থাপন কৰিছে ৷