জালুকবাৰী উ. মা. বিদ্যালয়ত ডন বস্ক’বিশ্ববিদ্যালয়ৰ কেৰিয়াৰ সজাগতা কৰ্মশালা

জালুকবাৰী উ. মা. বিদ্যালয়ত ডন বস্কবিশ্ববিদ্যালয়ৰ কেৰিয়াৰ সজাগতা কৰ্মশালা

সাধাৰণ জ্ঞান সমৃদ্ধ কৰিবলৈ নিয়মীয়াকৈ বাতৰি কাকত পঢ়া আৰু ৰেডিঅ শুনা অভ্যাস গঢ়িব লাগে — ড° বুলজিৎ বুঢ়াগোহাঁই

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- : অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ  মেকানিকেল ইঞ্জিনিয়াৰিং  বিভাগৰ উদ্যোগত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৯ জুনত এখন কেৰিয়াৰ সজাগতা কৰ্মশালা  অনুষ্ঠিত হয় । কৰ্মশালাখনত ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা আৰু অসম ডন বস্ক’বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং  বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কৰ্মশালাখনৰ আৰম্ভণিতে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চৰিফা আৰা আহমেদ আদৰণি ভাষণ প্ৰদান কৰে।

 

ড°বুঢ়াগোহাঁয়ে  গুৰুত্ব আৰোপ কৰে যে কেৰিয়াৰৰ বাছনি ব্যক্তিগত আগ্ৰহ, ক্ষমতা আৰু আকাংক্ষাৰ ওপৰত ভিত্তি কৰি হ’ব লাগে। তেওঁ শিক্ষাৰ্থীসকলক সাম্প্ৰতিক পৰিস্থিতিৰ সাধাৰণ জ্ঞান আৰু সজাগতা বৃদ্ধিৰ বাবে নিয়মীয়াকৈ বাতৰি কাকত পঢ়া আৰু ৰেডিঅ’ অনুষ্ঠান শুনাৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। তেওঁ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ সাক্ষাৎকাৰ আদিত সাধাৰণ জ্ঞানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ড°বুঢ়াগোহাঁইয়ে বিভিন্ন কেৰিয়াৰৰ সুযোগ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ সবিশেষ তথ্য আগবঢ়ায়। তেওঁ ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষা, এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, এছ এছ চি সংযুক্ত স্নাতক পৰ্যায়ৰ (চি জি এল) পৰীক্ষা, এছ এছ চি সংযুক্ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা, বেংক পৰীক্ষামূলক বিষয়া (পি অ’) পৰীক্ষা, বেংকৰ কেৰাণী পৰীক্ষাকে ধৰি চৰকাৰী সংস্থা আৰু ৰাজহুৱা খণ্ডৰ সংগঠনসমূহে অনুষ্ঠিত কৰা আন কেইবাটাও নিযুক্তি পৰীক্ষাৰ বিষয়ে আলোচনা কৰে। কৰ্মশালাখনত উচ্চ শিক্ষাৰ সুযোগ, দক্ষতা বিকাশ, উদ্যোগীকৰণ, যোগাযোগ দক্ষতা, আৰু নিয়োগযোগ্যতাৰ ওপৰতো বিস্তৃত নিৰ্দেশনা আগবঢ়োৱা হয়।

ড°বুঢ়াগোহাঁয়ে উল্লেখ কৰে যে আজিৰ প্ৰতিযোগিতামূলক পৃথিৱীত কেৱল পাঠ্যপুথিৰ জ্ঞানেই সফলতাৰ নিশ্চয়তা দিব নোৱাৰে। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়ি থাকিবলৈ শিক্ষাৰ্থীসকলে নিয়মিতভাৱে ব্যৱহাৰিক আৰু পেছাদাৰী দক্ষতা আহৰণ আৰু বিকাশত গুৰুত্ব আৰোপ কৰিব লাগিব। কৰ্মশালাত অসম ডন বস্ক’বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক তাপসজ্যোতি কলিতাৰ  লগতে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল  তথা কলা আৰু বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। ড°বুলজিৎ  বুঢ়াগোহাঁয়ে  প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়ে অৱগত কৰে। কৰ্মশালাখনৰ  সামৰণিত সমল ব্যক্তিগৰাকীয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন কেৰিয়াৰ-সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে।

https://youtu.be/4sNAgD-zhqc

https://youtu.be/dwX0opD-Tn8