জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন ইউৰোপিয়ান সংঘৰ প্ৰতিনিধিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ পূবৰ সৈতে অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে সোমবাৰে ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল গুৱাহাটীত উপস্থিত হয়। বিমানবন্দৰত প্রতিনিধি দলটোক অসম চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। আনহাতে, গুৱাহাটীত উপস্থিত হৈয়ে দলটোৰ নেতা হার্ভে ডেলফিনে অসমৰ প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে এই ভ্ৰমণৰ সময়ত হ’বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকসমূহৰ সফলতাৰ আশা প্রকাশ কৰে। গুৱাহাটীত উপস্থিত হৈয়েই দলনেতা ডেলফিনে এয়া তেওঁৰ তৃতীয়টো অসম ভ্রমণ বুলি উল্লেখ কৰি কয় যে অসম প্রকৃততেই ‘গেটবে’ টু গুডনেছ’। এই ঠাইখন মোৰ সঁচাকৈয়ে ভাল লাগে। মই মুখ্যমন্ত্ৰীৰ সৈতে হ’বলগীয়া বৈঠকৰ বাবে যথেষ্ট আগ্রহী। ডেলফিনে কয় যে উত্তৰ-পূব ভাৰত আৰু বিশেষকৈ অসমৰ অৰ্থনৈতিক সম্ভাৱনা বহুত বেছি। ইয়াত দক্ষ কর্মীৰ অভাৱ নাই আৰু এই অঞ্চলটো দেশৰ ভিতৰতে আটাইতকৈ দ্রুতগতিত বৃদ্ধি পোৱা অঞ্চলসমূহৰ অন্যতম। ইয়াৰ পিছত দলটোৱে জাগীৰোডত নিৰ্মাণ হৈ থকা টাটা ইলেক্ট্ৰ’নিকছৰ নতুন অৰ্ধপৰিবাহী (ছেমিকণ্ডাক্টৰ) উদ্যোগ পৰিদৰ্শন কৰে । ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হার্ভে ডেলফিন আৰু ভাৰতস্থিত বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়েৰ ভানডাৰহাছেল্টৰ নেতৃত্বত দলটোত ইউৰোপীয় সংঘৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত উপস্থিত হৈ বৃহৎ পৰিসৰৰ ঔদ্যোগিক আন্তঃগাঁথনিটোৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে। মৰিগাঁও জিলাৰ আযুক্ত অনামিকা তিৱাৰী বিশেষ তদাৰক কৰা দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণৰ অগ্রগতি, উন্নত প্রযুক্তি আৰু উৎপাদন ব্যৱস্থাৰ ব্যৱহাৰৰ দিশসমূহো পৰিদৰ্শন কৰাৰ লগতে প্রকল্পটোৱে কিদৰে অসম তথা উত্তৰ-পূবৰ তথ্য-প্রযুক্তিক আগুৱাই নিব, সেই বিষয়েও বিস্তৃত বিৱৰণ লয়। জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ সামগ্ৰিক উন্নয়ন, উদ্যোগৰ সম্ভাৱনা আৰু জাগীৰোডত গঢ় লৈ উঠা বৃহৎ ঔদ্যোগিক পৰিকাঠামোৰ বিষয়ে প্ৰতিনিধি দলটোক অৱগত কৰে । টাটা ইলেক্ট্ৰ’নিক্সৰ এই গুৰুত্বপূৰ্ণ প্ৰকল্প ভাৰতৰ ছেমিকণ্ডাক্টৰ খণ্ডৰ বিকাশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হৈছে । পৰিদৰ্শনৰ সময়ত প্ৰতিনিধি দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণৰ অগ্ৰগতি, অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বিস্তৃত তথ্য সংগ্ৰহ কৰে । প্ৰতিনিধি দলটোৱে জাগীৰোডত গঢ় লৈ উঠা এই বৃহৎ ঔদ্যোগিক প্ৰকল্পৰ অগ্ৰগতিক প্ৰশংসা কৰাৰ লগতে অসমৰ ঔদ্যোগিক বিকাশ আৰু ভাৰতৰ ছেমিকণ্ডাক্টৰ উৎপাদন খণ্ডত উদীয়মান সম্ভাৱনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে । এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বব্যাপী ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে এক গভীৰ বাণিজ্যিক সম্পর্ক গঢ়াৰ লক্ষ্যৰে অসমত উপস্থিত হোৱা ইউৰোপিয়ান প্রতিনিধি দলটোৰ এই ভ্রমণে অসমৰ কৃষি, চাহ আৰু তথ্য-প্ৰযুক্তিৰ দুৱাৰ মুকলি কৰিব। তদুপৰি বিনিয়োগ-নিয়োগ আৰু আন্তঃসীমান্ত সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিব। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ এই ভ্ৰমণৰ ফলাফলে নিশ্চিতভাৱে স্থানীয় উদ্যোগক সহায় কৰাৰ লগতে যুৱপ্ৰজন্মৰ সুযোগ-সুবিধাৰ সমৰ্থনেৰে ভাৰতৰ এক্ট ইষ্ট নীতি আৰু বিশ্বব্যাপী প্ৰসাৰত অসমৰ ভূমিকাক বর্ধিত পৰিমাণৰো অৰিহণা যোগাব। ইউৰোপীয় ইউনিয়নৰ এই আগমনক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছিল যে ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দলৰ অসম ভ্রমণে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ লগতে উমৈহতীয়া প্ৰগতিৰ বাবে এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। ইফালে, ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে কাইলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। আনহাতে কাইলৈ মুকলি হ’ব লগা ব্লুভেলী ক্লাষ্টাৰ কাৰ্যসূচীতো প্রতিনিধি দলটোৱে যোগদান কৰিব। অসমত চলি থকা ব্লুভেলী ক্লাষ্টাৰ পাইলট প্রকল্পটোৰ জৰিয়তে ইউৰোপ, উত্তৰ-পূব ভাৰত আৰু ভূটানক সংযোগ কৰাৰ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে।
