উন্নয়ন বনাম প্ৰকৃতি ৰক্ষা
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
প্ৰকৃতি ৰক্ষাৰ বাবে নিৰ্দিষ্ট সংগঠন নাইবা ব্যক্তি বিশেষক বাদ দি আমি কিমানে ব্যক্তিগত ভাৱে গুৰুত্ব প্ৰদান কৰোঁ?
উন্নয়ন তথা পৰিৱৰ্তন এখন সমাজৰ নিয়ম। উন্নয়নৰ লগতে প্ৰকৃতিক সঠিক ৰূপত সংৰক্ষণ কৰাটো অতি বেছি গুৰুত্বপূৰ্ণ। ব্যক্তিগত ভাৱেও আমি কিবা এটা নিমাৰ্ণ কৰা আগতে চৌপাশৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাত আগ ভাগ লওঁ, ই জীৱ কুলৰ বাবে অশুভ লক্ষণ। ডাঙৰ ডাঙৰ নিমাৰ্ণ কাৰ্য্যত প্ৰকৃতি ধ্বংস যেন এক নিয়ম হৈ পৰিছে আজিৰ দিনত। উন্নয়ন এখন ৰাজ্যৰ ভৱিষ্যত কিন্তু প্ৰকৃতি নথকা পৰিৱেশত মানৱ জীৱন সম্ভব নে? কোনে বুজিব! কাক বুজাব!
নিজৰ স্বাৰ্থৰ বাবে আমি প্ৰত্যেকেই মাথোঁ ধ্বংস কৰি গৈছো সেউজীয়া প্ৰকৃতিক। ৰাখিব পাৰিম নে সোণৰ অসম,সেউজীয়া অসম খনক।
বিশ্ব পৰিৱেশ দিৱসৰ দিনা চৰকাৰী বা ব্যক্তিগত ভাৱেও সকলোৱেই গছ পুলি ৰোপণ কৰিব। ভিন ভিন এংগলৰ পৰা তোলা ফটোৱে নিজৰ সামাজিক মাধ্যম ভৰাই তুলিব। সকলোতে প্ৰচাৰ আৰু প্ৰসাৰ হ’ব কিন্তু ৰোপণ কৰা লাখ লাখ গছ পুলি কেইজোপাই ঠন ধৰি উঠিব! খবৰ ৰাখোঁ নে নিজেই ৰুই অহা সেই পুলিটোৰ! প্ৰচাৰ বেয়া কথা নহয় কিন্তু সমান্তৰাল ভাৱে গছ জোপা জীয়াই থকা খবৰটো প্ৰচাৰ কৰাত বাৰু আমি পিছ পৰি ৰৈছোঁ নেকি?
কবলৈ সহজ, লিখিবলৈ ভাল, প্ৰচাৰ কৰা তাতোকৈও সুলভ আজিৰ সময়ত! কিন্তু দায়িত্ব পালন কৰাটো হে এক ডাঙৰ প্ৰশ্ন!
বিশেষ এটা দিন বুলি নহয় যেতিয়াই সময় পায় মই ভাবোঁ তেতিয়াই গছ পুলি ৰোপণ কৰিব লাগে। ফল নহলেও ফুল দিব, ছাঁ দিব আৰু যদি আপোনাৰ জীৱনত ইয়াৰ প্ৰয়োজনীয়তা নাই তেনে মৃত্যুৰ সময়ত আপোনাৰ পৰিয়ালৰ সাহস হ’ব।
উন্নয়নৰ লগত সদায় সহযোগ আছে কিন্তু উন্নয়ন কৰিম বুলি ভবাৰ বহু আগতেই প্ৰকৃতিক ধ্বংস কৰাটো গ্ৰহনযোগ্য হয়তো নহয়। প্ৰকৃতিক ৰক্ষা কৰি উন্নয়ন সাধন কৰাটো হে সকলোৰে দায়িত্ব হ’ব লাগে।
