সোণাৰু জোপাত ৰঙৰ মেলা
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
পুৱাৰ জিলমিল ৰবিৰ কিৰণত
সোণাৰু জোপাত পাতিছে ৰঙৰ মেলা
সেউজীয়া প্ৰকৃতিৰ বুকুত
মলয়াত হালি-জালি পাতিছে খেলা।
উঠিছে জিলিকি সোণালী আভাৰে
পত্ৰহীন সোণাৰু জোপা,
আজি ধৰিত্ৰীখনলৈ আহিছে নামি
এক অপূৰ্ব হাঁহিৰ থোপা।
আজি সোণাৰুৰ সেউজীয়া পাহি
নীৰৱে বিলায় নিজৰ ৰূপ
মৃদু সমীৰণত সৰি সৰি পৰে
জ্বলে উমি উমি প্ৰেমৰ ধূপ।
তোমাৰ সৌন্দৰ্য্যত আত্মবিভোৰ
কত প্ৰকৃতি-কবি কুল
মানুহে শিকে জীয়াই থকাৰ গান
তুমি কি যে ৰঙৰ ফুল!
বতাহত সৰি পৰে তোমাৰ পাপৰি
ধৰিত্ৰীয়ে পিন্ধে মেখেলা
মানুহ জীৱনৰ অন্তিম পৰিণতিত
ৰৈ যায় কৰ্মৰ এই খেলা।
